বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ ভাৰতত বিবাহ এক পবিত্ৰ সম্পৰ্ক হিচাপে বিবেচিত হয়৷ দম্পত্তিৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিনসমূহৰ মাজত বিবাহৰ দিনটো অত্যন্ত বিশেষ দিন৷ ভাৰতীয় প্ৰথাত বিয়াত দুটি আত্মাৰ মিলন ধৰ্মীয় নীতিত পৰিচালিত হৈ থাকে৷
কিন্তু ইন্দোনেছিয়াত এনে এক প্ৰথা প্ৰচলিত আছে, তাত পুৰুষ পৰ্যটকসকলে সাময়িকভাৱে বিবাহিত জীৱনৰ অভিজ্ঞতা দিয়া হয়৷ এই প্ৰথা কিন্তু দেশখনত বেআইনী৷ সেই দেশৰ ভাষাত এই প্ৰথাক কোৱা হয় প্লেজাৰ মেৰিজ৷ এই প্ৰথাৰে পৰ্যটকসকলৰ সৈতে স্থানীয় নাৰীসকলৰ বিবাহ সম্পন্ন কৰোৱা হয় যি মাত্ৰ কেইদিনমানহে টিকি থাকে৷ কেইদিনমানৰ বাবে বিবাহ কৰোৱাৰ বাবে এক বিশাল অংকৰ লেনদেন হয়৷ ইন্দোনেছিয়াৰ নাৰীৰ এই চুক্তিভিত্তিক বিবাহত মূলত অৰ্থৰ বিনিময় হয়৷
ক্ষন্তেকীয়া এই বিবাহৰ অন্তত স্বামী, স্ত্ৰী গৃহস্থালি কামৰ পৰা আৰম্ভ কৰি যৌন সম্পৰ্ক সমস্ত দায়িত্বই পালন কৰে৷ সাধাৰণতে ইন্দোনেছিয়াত ফুৰিবলৈ গৈ বহু পৰ্যটকেই এই প্লেজাৰ মেৰিজত অংশ লয়৷ যিমানদিন তেওঁলোক তাত থাকে সিমানদিনেই এই বিবাহ টিকি থাকে আৰু যাত্ৰা শেষ হোৱা মানেই ডিভোৰ্ছ হৈ যায় সেই দম্পত্তিৰ৷ জনা যায় যে বেছিভাগ ক্ষেত্ৰতেই ইন্দোনেছিয়াৰ স্থানীয় মহিলাসকলে তেওঁলোকৰ সংসাৰ চলাবলৈকে ধনৰ বাবে এই ধৰণৰ বিবাহত অংশ লয়৷ মধ্যস্থতাকাৰীসকলে বিদেশী পৰ্যটকৰ বাবে স্থানীয় নাৰীসকলৰ সৈতে এই ধৰণৰ চুক্তিৰ ব্যৱস্থা কৰে৷
স্থানীয় মহিলাসকলক ডাঙৰ অংকৰ বেতন আৰু বিলাসবহুল জীৱনৰ প্ৰতিশ্ৰুতি দি এই কাম কৰোৱা হয়৷ পৰ্যটকে দেশ এৰাৰ পূৰ্বে তেওঁলোকৰ সৈতে সময় কটাই আৰু তাৰপাছতেই এক আইনি ডিভোৰ্ছ সম্পন্ন হয় দুই পক্ষৰ মাজত৷ ইন্দোনেছিয়াৰ আইনত এই ধৰণৰ চুক্তিভিত্তিক বিয়া বেআইনী হ’লেও নিয়মৰ অভাৱত এক বিশাল শিল্পত পৰিণত হৈছে এই বিবাহ৷ প্ৰতি বছৰে বিপুল সংখ্যক পৰ্যটকে ইন্দোনেছিয়ালৈ আহি ভাড়ালৈ লয় পত্নী৷ এই প্ৰথাই পৰ্যটন আৰু স্থানীয় অৰ্থনীতিক বঢ়াই তুলিলেও নৈতিক আৰু আইনী দিশৰ পৰা বেআইনী বুলি বহুজনেই দাবী কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ