অসম লাইভ২৪ঃ মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনৰ পাছতেই ইজৰাইলত উপস্থিত হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক। নিজেই এক্স হেণ্ডেলত এই খবৰ জনালে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকে। তেওঁ এক্স হেণ্ডেলত লিখিছে, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই সকলো সময়তেই থিয় হম। মই ইজৰাইলত আছো। এখন যুদ্ধবিধ্বস্ত দেশ। মই তেওঁলোকৰ বাবে শোকপ্ৰকাশ কৰিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে মই চিৰকাল থিয় হম।’
উল্লেখ্য যে বুধবাৰে ইজৰাইলত উপস্থিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন তাৰপিছতেই বৃহস্পতিবাৰে ব্ৰিটেইনৰ প্রধানমন্ত্ৰীৰ ভ্ৰমণক লৈ আৰম্ভ হৈছে চৰ্চা। বিগত ৭ অক্টোবৰৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত অব্যাহত আছে যুদ্ধ। পোনতে হামাছেই মিনিটত ৫হাজাৰ ৰকেটেৰে আক্ৰমণ কৰিছিল ইজৰাইলক। তাৰপিছতেই গাজাত এয়াৰষ্ট্ৰাইক চলাইছে ইজৰাইলী সেনাই। চকুৰ পচাৰতে এই যুদ্ধই দুই সপ্তাহ অতিক্ৰম কৰিছে। প্ৰত্যেক দিনেই বৃদ্ধি হৈছে নিহতৰ সংখ্যা। বৰ্তমানলৈকে মৃতকৰ সংখ্যা ৪হাজাৰলৈ বৃদ্ধি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















