অসম লাইভ ২৪ঃ ‘অসম লাইভ ২৪’লৈ আলফা (স্বাঃ)ৰ ই-মেইল বার্তা। আলফা (স্বাঃ)এ গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত। ৩ মাহলৈ একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিলে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। উল্লেখযোগ্য যে শুকুৰবাৰে ডিগবৈৰ টিংৰাইত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত অনেকে আলফা (স্বাঃ) জড়িত বুলি সন্দেহৰ আঙুলি তুলিছিল। পৰৱর্তী সময়ত আলফা (স্বাঃ)এ এক প্ৰেছ বিবৃতিৰ জৰিয়তে বিস্ফোৰণৰ কথা অস্বীকাৰ কৰিছে। আলফা (স্বাঃ)ৰ জনকল্যাণমূলক কাম-কাজ দেখি একাংশই হেয় প্ৰতিপন্ন কৰাৰ বাবে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ সংগঠনটোৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ