ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম
ডিজিটেল পেমেণ্টৰ জগতখনত আন এক ডাঙৰ পৰিৱৰ্তন হ’বলৈ ওলাইছে। বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ৰিয়েল টাইম পেমেণ্ট চিষ্টেম ইউপিআই স্মাৰ্ট উন্নীতকৰণ লাভ কৰিছে, যাৰ ফলত এতিয়া স্মাৰ্টৱাচ(ঘড়ী), গাড়ী, স্মাৰ্ট টিভি আৰু অন্যান্য ডিভাইচৰ পৰা পোনপটীয়াকৈ পেমেণ্ট কৰা সম্ভৱ হ’ব। তাকো এপটো ব্যৱহাৰ নকৰাকৈয়ে।
বিজনেছ ষ্টেণ্ডাৰ্ডৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যনে ইউ পি আইৰ এনে এক সংস্কৰণ প্ৰস্তুত কৰি আছে যিটো ইণ্টাৰনেট অৱ থিংছ (আই অ’ টি)ৰ ওপৰত ভিত্তি কৰি হ’ব। অৰ্থাৎ এতিয়া টিভি, স্মাৰ্টৱাচ, সংযুক্ত গাড়ী আদিয়ে নিজাববীয়াকৈ ইউপিআই পেমেণ্ট কৰিব পাৰিব।
এই নতুন প্ৰযুক্তিত প্ৰতিটো ডিভাইচক এটা সুকীয়া ইউপিআই আইডি দিয়া হ’ব, যিটো ব্যৱহাৰকাৰীৰ মূল ইউপিআই আইডিৰ সৈতে সংযুক্ত হ’ব। ইয়াৰ ফলত ডিভাইচটোৱে সীমিত আৰু পূৰ্ব অনুমোদিত সীমাৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে পেমেণ্ট কৰিব পাৰিব। প্ৰথম অৱস্থাত, ডিভাইচটো সংযোগ কৰিবলৈ এটা এককালীন OTP ৰ প্ৰয়োজন হব পাৰে।
বি এছৰ এক প্ৰতিবেদন অনুসৰি এই নতুন বৈশিষ্ট্য ইউ পি আই অটো পে আৰু ইউ পি আই চাৰ্কলৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব। ব্যৱহাৰকাৰীয়ে এটা সেৱা বা ডিভাইচলৈ এবাৰ পেমেণ্টৰ অনুমতি দিব, আৰু তাৰ পিছত প্ৰতিবাৰেই অনুমতি দিয়াৰ প্ৰয়োজন নাথাকিব। বিশেষকৈ চাবস্ক্ৰিপচন নবীকৰণ, পাৰ্কিং, টিকটৰ দৰে ক্ষেত্ৰত ই উপযোগী হ’ব।
প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য এনপিচিআইৰ বাৰ্ষিক উদ্ভাৱন পৰিকল্পনাৰ অংশ আৰু ইয়াক গ্ল’বেল ফিনটেক ফেষ্টিভেল ২০২৫ত মুকলি কৰাৰ সম্ভাৱনা আছে। বৰ্তমান ই নিয়ন্ত্ৰণমূলক অনুমোদনৰ বাবে অপেক্ষাৰত
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















