তাহাউৰ ৰানাৰ আবেদন নাকচ, এতিয়া ভাৰতলৈ আহিবই লাগিব ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত
মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মূল অভিযুক্ত তাহাউৰ ৰাণা ভাৰতলৈ অহিবই লাগিব। ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব নিবিচৰাৰ ক্ষেত্ৰত তাহাউৰে দাখিল কৰা আবেদনখন সোমবাৰে ৭ এপ্ৰিল তাৰিখে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে নাকচ কৰে।
আমেৰিকাৰ আদালতৰ এই সিদ্ধান্তৰ লগে লগে তহাউৰ ৰানাক ভাৰতলৈ অনাৰ সকলো বাট মুকলি হৈছে। এতিয়া ২৬/১১ ৰ মূল অভিযুক্ত ভাৰতলৈ আহিব। বৰ্তমানে ডিটেনচন চেণ্টাৰত আবদ্ধ হৈ আছে তাহাউৰ ৰানা।
পাকিস্তানী মূলৰ ৬৪ বছৰীয়া কানাডাৰ নাগৰিক তাহাউৰ ৰানাক বৰ্তমান লছ এঞ্জেলছৰ মেট্ৰ’পলিটান ডিটেনচন চেণ্টাৰত ৰখা হৈছে। ২৭ ফেব্ৰুৱাৰীত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ সহযোগী ন্যায়াধীশ আৰু নৱম চাৰ্কিটৰ চাৰ্কিট ন্যায়াধীশ এলেনা কাগানৰ সন্মুখত জৰুৰীকালীন আবেদন দাখিল কৰি ৰিট অৱ হেবিয়াছ কৰ্পাছৰ বিচাৰ নোহোৱালৈকে বিচাৰ স্থগিত ৰাখে।
যোৱা মাহৰ আৰম্ভণিতে কাগানে এই আবেদন নাকচ কৰিছিল। ইয়াৰ পিছত ৰাণাই নিজৰ আবেদন নবীকৰণ কৰি নবীকৰণ কৰা আবেদনখন মুখ্য ন্যায়াধীশ ৰবাৰ্টছলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল।
উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা এক আদেশত কোৱা হৈছিল যে ৰানাৰ নবীকৃত আবেদন ২০২৫ চনৰ ৪ এপ্ৰিলত এখন বৈঠকৰ বাবে তালিকাভুক্ত কৰা হৈছে। নবীকৰণ আবেদনত ভাৰতৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল তাহাউৰে।
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশিত এক জাননীত কোৱা হৈছে যে, ‘আবেদন নাকচ কৰিছে আদালতে। মুম্বাই আক্ৰমণৰ অভিযুক্তই তেওঁৰ আবেদনত ভাৰতৰ বিৰুদ্ধেও কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। হিউমেন ৰাইটছ ৱাচ ২০২৩ৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ কৈছিল যে ভাৰতৰ বিজেপি চৰকাৰে ধৰ্মীয় সংখ্যালঘু, বিশেষকৈ মুছলমানৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰে আৰু অহৰহ একনায়কত্ববাদী হৈ পৰিছে।
তাহাউৰ ৰানাই তেওঁৰ আবেদনত কয়, “যদি মোক ভাৰতৰ হাতত গতাই দিয়া হয়, তেন্তে তাত মোক অত্যাচাৰ কৰা হ’ব কাৰণ মই পাকিস্তানী মূলৰ মুছলমান। ”
কিন্তু সেই সকলো আবেদন নাকচ কৰি দিয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। এতিয়া অতি সোনকালেই ভাৰতলৈ আহিব লাগিব তাহাউৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















