চীনৰ বিৰুদ্ধে ট্ৰাম্পৰ বিশেষ সিদ্ধান্ত, শলঠেকত জিনপিঙৰ দেশ
আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ লোৱাৰ পাছতে ড’নাল্ড ট্ৰাম্পে ২১ জানুৱাৰী মঙলবাৰে কয় যে তেওঁৰ চৰকাৰে ১ ফেব্ৰুৱাৰীৰ পৰা চীনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা চিন্তা কৰিছে। ট্ৰাম্পে কয় যে চীনে মেক্সিকো আৰু কানাডালৈ ফেণ্টানিল প্ৰেৰণ কৰিছে নে নাই তাৰ ওপৰত ভিত্তি কৰি চীনৰ ওপৰত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হ’ব।
ফেণ্টানিল হৈছে এক প্ৰকাৰৰ নিচাজাতীয় পদাৰ্থ, যি হেৰ’ইনতকৈ ৫০ গুণ বেছি শক্তিশালী আৰু নিচাযুক্ত। অৰেকলৰ মুখ্য প্ৰযুক্তি বিষয়া (চিটিঅ’) লেৰী এলিছন, চফ্টবেংকৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) মাছায়’ছি ছন আৰু অ’পেন এআইৰ চিইঅ’ ছেম অল্টমেনৰ সৈতে হোৱাইট হাউছত এক যৌথ সংবাদমেলত ট্ৰাম্পে এই বিষয়ে সদৰি কৰে।
ট্ৰাম্পে কয় যে ১ ফেব্ৰুৱাৰীৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ কথা চিন্তা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ইয়াকো কয় যে মেক্সিকো আৰু চীনৰ ওপৰত আমেৰিকাই পূৰ্বৰে পৰা ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা কৈ আহিছিল। পাছে বৰ্তমানে কেৱল ১০ শতাংশতে সীমাবদ্ধ।
এই সিদ্ধান্তৰ পাছতে এতিয়া চীনৰ চিন্তা বাঢ়িছে। চীনে অধিক কৰ ভৰিব লাগিব। আনহাতে আমেৰিকাৰ বাণিজ্য নীতিৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপে বিশ্বৰ বজাৰ আৰু আমেৰিকা-চীনৰ সম্পৰ্কত গভীৰ প্ৰভাৱ পেলাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















