অসম লাইভ২৪ঃ খেলৰ পৰিভাষাত তেওঁলোক দুজনেই GOAT, অৰ্থাৎ গ্ৰেটেষ্ট অৱ অল টাইম। দুজনৰ মাজত মিল আছে অধ্যাৱসায়, ভালপোৱা, আৱেগপ্ৰৱণ আনকি কেৰিয়াৰৰ বেয়া সময়বোৰৰো। বিৰাট কোহলী আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো দুয়ো খেলুৱৈৰ মাজেতই আছে বিশেষ মিল। শেহতীয়াকৈ বিৰাটো ৰোনাল্ডোলৈ প্ৰেৰণ কৰা বাৰ্তা দেখিয়েই বুজিব পাৰি দুয়োৰে মাজত থকা সম্পৰ্কৰ কথা। বিৰাটৰ দৃষ্টিত সৰ্বকালৰ শ্ৰেষ্ঠ খেলুৱৈয়ে হৈছে ক্ৰিষ্টিয়ানো ৰোনাল্ডো। প্ৰিয় ফুটবলাৰ জনক উদ্দেশ্যী সেয়ে বিৰাটে দিছে আৱেগসনা পষ্ট। জীৱনৰ শেষৰখন বিশ্বকাপত পৰাজিত হৈ ভাঙি পৰা ৰোনাল্ডোক সান্তনা দি বিৰাটে লিখিছে, ‘তুমি ফুটবল খেলৰ বাবে যিমান ত্যাগ কৰিছা, সমগ্ৰ বিশ্বৰ ক্ৰীয়াপ্ৰেমীৰ বাবে যিসমূহ কৰিছা, এয়া কোনো ট্ৰফী দিয়েই জুখিব নোৱাৰি। মানুহৰ মনত তুমি শিঁপাই আছা, এখন খেলৰ হৰা-জিকাৰ সৈতে এয়া তুলনা নহয়।’
দুয়োৰে ক্ৰিয়াক্ষেত্ৰ পৃথক হ’লেও দুজনৰ মাজত আছে বিস্তৰ মিল। নিজৰ ক্ষেত্ৰত দুয়োৱেই চেম্পিয়ন। দুজনেই বহু বিতৰ্কৰো স্বীকাৰ হৈছে। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে দুয়ো আগুৱাইছে। সেয়ে হয়তো এজনৰ প্ৰতি আনজনৰ মনত আছে শ্ৰদ্ধাবোধ, ভালপোৱা, সন্মান। ক্ৰিষ্টিয়ান ৰোনাল্ডোক ভাঙি পৰা দেখিয়েই বিৰাট কোহলিয়ে সামাজিক মাধ্যমত দিছে বিশেষ পষ্ট। বিৰাটে লিখিছে, ‘মই আৰু মোৰ দৰে হাজাৰজনে তোমাৰ খেল চাই কি অনুভৱ কৰে মই ভাষাৰে বুজাব নোৱাৰো। তুমি কিমানৰ মনত আলোড়ন তোলা কৈ বুজাব নোৱাৰো। এয়া হয়তো ভগৱানে দিয়া শ্ৰেষ্ঠ উপহাৰ। যি মানুহে নিজৰ সৰ্বস্ব খেলৰ নামতেই ত্যাগ কৰে তেনে লোকে সঁচাকৈয়ে হৃদয়েৰে খেলে। সেই মানুহেই বিশ্বৰ সকলো ক্ৰিয়াবিদৰ অনুপ্ৰেৰণা।’ CR7-ৰ হাৰ নমনাৰ মানসিকতা, কঠোৰ পৰিশ্ৰমে বিৰাটক সদায়ে আকৰ্ষণ কৰি আহিছে। ক্ৰিষ্টিয়ানো ৰোনাল্ডো বিৰাটৰ অনুপ্ৰেৰণা বুলি বহুসময়ত বিৰাটে বিভিন্ন সাক্ষাৎকাৰত নিজেই প্ৰকাশ কৰি আহিছে।
এইবাৰৰ বিশ্বকাপ ৰোনাল্ডোৰ জীৱনৰ শেষৰখন বিশ্বকাপ। পৰ্তুগালৰ পৰাজয়ৰ পাছতেই কান্দোনত ভাঙি পৰা ৰোনাল্ডোক দেখি বিৰাটো আৱেগিক হৈ উঠে। এজন খেলুৱৈ হিচাপে বিৰাটে অনুভৱ কৰিব পাৰে এজন খেলুৱৈৰ স্বপ্নভংগৰ বেদনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















