আগন্তুক সোমবাৰ ২১ এপ্ৰিলৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহৰ আৰম্ভণিতেই গঠিত হ’ব শুভ বসুমতী যোগ৷ নতুন সপ্তাহত চন্দ্ৰৰ পৰা ছয় ঘৰ দূৰত অৱস্থান কৰিব গুৰুগ্ৰহ বৃহস্পতিয়ে৷ ইয়াৰ ফলত গঠিত হ’ব বসুমতী যোগ৷ আগন্তুক সপ্তাহত ধনু ৰাশিত থাকিব চন্দ্ৰ আৰু বৃহস্পতিৰ গোচৰ৷ চন্দ্ৰ আৰু বৃহস্পতিৰ এই যোগাযোগৰ ফলত গঠিত হ’ব বসুমতী যোগ৷ এই শুভ যোগ বিশেষ লাভজনক হ’ব পাঁচ ৰাশিৰ জাতকৰ বাবে৷ জানি থওক ২১ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিলৰ মাজত এই সপ্তাহত সম্পদ আৰু প্ৰতিপত্তি লাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ৷
মেষ ৰাশি
আগন্তুক সপ্তাহ শুভ আৰু কাৰ্যকৰী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত আপুনি নিজৰ কোনো ঘনিষ্ঠ বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়তা পাব৷ ইয়াৰ ফলত আপোনাৰ জীৱন সাফল্য আৰু আনন্দ ভৰি উঠিব৷ কোনো কঠিন কাম বা ডাঙৰ দায়িত্ব আপুনি নিৰ্বিঘ্নে পালন কৰিব পাৰিব৷ বিশেষ কিছু অৰ্জন কৰাৰ বাবে সন্মানিত কৰা হ’ব মেষৰ জাতকক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















