গৰমৰ দিন আহি পাইছে। আপুনি আপোনাৰ শৰীৰ কেনেদৰে সতেজ ৰাখিব? গৰমত আপোনাৰ শৰীৰৰ তাপ হ্ৰাস কৰিবলৈ আপুনি কি খোৱা উচিত?
বিশেষজ্ঞৰ সকলৰ মতে আপুনি তলত উল্লেখ কৰা ফলবোৰ গৰমত খালে গৰমৰ পৰা যথেষ্ট সকাহ লাভ কৰিব।
তৰমুজ
গৰম দিনত আমাৰ শৰীৰত যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। তৰমুজত যথেষ্ট পানী থাকে, যি শৰীৰৰ বাবে অতি উপকাৰী। তৰমুজে “heat strok” হোৱাৰ পৰা ৰক্ষা কৰে। আৰু লগতে ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে। সেয়ে গৰমৰ দিনত তৰমুজ খোৱাতো অতি প্ৰয়োজন৷
লগতে পঢ়ক ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!
আম
গ্ৰীষ্মকালৰ সৰ্বশ্ৰেষ্ঠ আৰু জনপ্ৰিয় ফল হৈছে আম। আমে কৰ্কট ৰোগৰ সৈতে যুঁজাত সহায় কৰে। আমে ক’লেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু লগতে শৰীৰৰ ছালো ভালে ৰাখে।
অমিতা
পকা অমিতা হৈছে এক প্ৰকাৰৰ চুপাৰফুড। গ্ৰীষ্মকালৰ আটাইতকৈ উপকাৰী ফল। অমিতাই হৃদ ৰোগ হোৱাৰ সম্ভাৱনা কমাই ৰাখে। অমিতাই পেট চাফা কৰি ৰাখে। ছাল ভালে ৰখাতো সহায় কৰে।
লগতে পঢ়ক শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু
আনাৰস
আনাৰসৰ আছে বহুতো গুণ, আপুনি গৰমত আনাৰস খালে আপোনাৰ শৰীৰে যথেষ্ট সুফল লাভ কৰিব। আনাৰসে হজম শক্তি বৃদ্ধি কৰে। লগতে ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তিও বৃদ্ধি কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ