ধনতেৰছৰ ধনী ধনলক্ষ্মী আৰু ঐশ্বৰ্যৰ দেৱতা কুবেৰৰ পূজা কৰিলে ঘৰলৈ ধন সম্পদ আহে বুলি লোকবিশ্বাস৷ কুবেৰৰ কৃপাত দূৰ হয় অৰ্থ কষ্ট৷ পুৰণি ঋণে জুৰুলা কৰি থাকিলে এই ধনতেৰছতেই আপুনি ক্ৰয় কৰিব পাৰে এডাল ঝাডু৷ এনে কৰিলে সোনকালেই আপুনি ঋণমুক্ত হ’ব পাৰে৷
সোণ-ৰূপ বা ষ্টিলৰ বাচন ক্ৰয় কৰে বহুতেই৷ ধনতেৰছত বাচন ক্ৰয় কৰা শুভ বুলি কোৱা হয়৷ কিন্তু ধনতেৰছৰ দিনা ৰাশি মানিহে ঘৰলৈ সম্পত্তি আনিব লাগে৷ তেতিয়াহে শুভ ফল লাভ কৰিব পাৰিব৷ ৰাশি অনুযায়ী এইবাৰৰ ধনতেৰছত আপুনি কি ক্ৰয় কৰিব?
মেষ ৰাশিৰ জাতক হ’লে সোণ, ৰূপ বা বস্ত্ৰ ক্ৰয় কৰিব পাৰে৷ আপুনি যদি বৃষ ৰাশিৰ জাতক তেন্তে পিতল বা ৰূপ ক্ৰয় কৰিব পাৰে৷ মিথুন ৰাশিৰ জাতক ধনলক্ষ্মীৰ প্ৰিয় বুলি কোৱা হয়৷ এই ৰাশিৰ জাতকে ধনতেৰছৰ দিনা সোণ, ৰূপ ক্ৰয় কৰিলে শুভ৷ কৰ্কট ৰাশিৰ জাতক হ’লে এই দিনটোত মাটি, চাউল, চেনী বা কাপোৰ ক্ৰয় কৰিব পাৰে৷
আপুনি যদি সিংহ ৰাশিৰ জাতক হয় তেন্তে এই দিনটোত সোণ ৰূপ ক্ৰয় নকৰিলেও কোনো অসুবিধা নাই৷ সোণ ৰূপৰ সলনি ঘৰ সজোৱা কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ কন্যা ৰাশিৰ জাতক হ’লে ঘৰ সজোৱা সামগ্ৰী, পান্না বা সেউজীয়া ৰঙৰ পোছাক ক্ৰয় কৰিব পাৰে৷ তুলা ৰাশিৰ জাতক-জাতিকাই সুগন্ধি কোনো দ্ৰব্য, হীৰা বা সোণৰ গহনা ক্ৰয় কৰিব পাৰে৷ এনে কৰিলে ঘৰলৈ সৌভাগ্য আহে৷ আনহাতে বৃশ্চিক ৰাশিৰ জাতক হ’লে এই সময়ত আপুনি তামৰ সামগ্ৰী, ৰঙা বস্ত্ৰ নতুবা সোণ ক্ৰয় কৰিব পাৰে৷
ধনু ৰাশিৰ জাতক হ’লে হলধীয়া ৰঙৰ পোছাক বা কোনো ধাতুৰ বাচন ক্ৰয় কৰিব পাৰে৷ মকৰ ৰাশিৰ জাতকে সোণ, ৰূপ বা চিল্কৰ পোছাক ক্ৰয় কৰিব পাৰে ধনতেৰচৰ দিনটোত৷ ইফালে কুম্ভ ৰাশিৰ জাতকে এই দিনটোত চাউল, চেনী, সোণ, ৰূপ ইলেক্ট্ৰিক সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ মীন ৰাশিৰ জাতকে এই দিনটোত হালধীয়া বস্ত্ৰ, সোণ, ৰূপ ক্ৰয় কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ