প্ৰতিদিনে পুৱা আৰু নিশা দাঁত ব্ৰাছ কৰাটো আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অভ্যাস। দাঁত আৰু মুখ পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিয়মিত ব্ৰাছ কৰাটো অতি প্ৰয়োজনীয়। কিন্তু কেৱল নিয়মিত ব্ৰাছ কৰিলেই নহয়, সময়মতে টুথব্ৰাছ সলনি কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। বহুতে এডাল টুথব্ৰাছ মাহৰ পিছত মাহ ব্যৱহাৰ কৰি থাকে। কিছুমানে আকৌ ব্ৰাছডাল জীৰ্ণ হৈ যোৱাৰ পিছতো সলনি নকৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, সাধাৰণতে প্ৰতি ৩ৰ পৰা ৪ মাহৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰা উচিত।
কিয় টুথব্ৰাছ সলনি কৰিব লাগে?
আমি প্ৰতিদিনে ব্ৰাছ কৰাৰ ফলত টুথব্ৰাছৰ ব্ৰিষ্টল অৰ্থাৎ সৰু সৰু আঁহবোৰ ক্ৰমান্বয়ে জীৰ্ণ হৈ পৰে। কিছুদিনৰ পিছত সেইবোৰ বেঁকা, ঢিলা বা বিভিন্ন দিশলৈ বিয়পি যাব পাৰে। এনে অৱস্থাত ব্ৰাছডালে আগৰ দৰে ভালদৰে দাঁতৰ ওপৰত জমা হোৱা প্লেক আৰু ময়লা আঁতৰাব নোৱাৰে। বিশেষকৈ অত্যধিক জোৰেৰে ব্ৰাছ কৰিলে ব্ৰিষ্টল সোনকালে ক্ষয় হ’ব পাৰে।
কেতিয়া টুথব্ৰাছ সলনি কৰিব লাগে?
সাধাৰণ নিয়ম হিচাপে ৩–৪ মাহৰ পিছত টুথব্ৰাছ সলনি কৰাটো ভাল। কিন্তু তাৰ আগতেই যদি ব্ৰাছডাল জীৰ্ণ হৈ পৰে, তেন্তে ৩ মাহলৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই। ব্ৰিষ্টলবোৰ পোন হৈ থকাৰ পৰিৱৰ্তে বিভিন্ন দিশলৈ বেঁকা হ’লে ব্ৰাছ সলনি কৰক। ব্ৰাছৰ আঁহবোৰ বাহিৰলৈ ওলাই বা বিয়পি গ’লে ই আগৰ দৰে ফলপ্ৰসূভাৱে দাঁত পৰিষ্কাৰ কৰিব নোৱাৰে। ব্ৰিষ্টলৰ অৱস্থা বেয়া হ’লে নতুন ব্ৰাছ ব্যৱহাৰ কৰাটো ভাল। ভালদৰে ধুই শুকুৱাই ৰখাৰ পিছতো যদি ব্ৰাছটো পৰিষ্কাৰ যেন নালাগে বা ক্ষতিগ্ৰস্ত হয়, তেন্তে সলনি কৰক। ব্ৰাছডাল দেখাত ভাল হৈ থাকিলেও সাধাৰণ নিয়ম অনুসৰি ৩–৪ মাহৰ পিছত নতুন ব্ৰাছ ব্যৱহাৰ কৰা উচিত।
দিনটোত কিমানবাৰ দাঁত ব্ৰাছ কৰিব লাগে?
মুখৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ আমেৰিকান ডেণ্টেল এছ’চিয়েশ্যনে ফ্ল’ৰাইডযুক্ত টুথপেষ্টেৰে দিনটোত দুবাৰকৈ প্ৰায় দুই মিনিট ব্ৰাছ কৰাৰ পৰামৰ্শ দিয়ে। কেৱল দাঁত ব্ৰাছ কৰাই যথেষ্ট নহয়। দাঁতৰ মাজত খাদ্যৰ কণা আৰু প্লেক জমা হ’ব পাৰে। সেয়েহে দাঁতৰ মাজৰ অংশ পৰিষ্কাৰ কৰাটোও গুৰুত্বপূৰ্ণ। টুথব্ৰাছ সলনি কৰাটো মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এটা গুৰুত্বপূৰ্ণ অংশ। কিন্তু যদি সঘনাই দাঁতৰ মাড়ি বা আলুৰ পৰা তেজ ওলায়, মুখত দীৰ্ঘদিন ধৰি দুৰ্গন্ধ থাকে, দাঁত শিৰশিৰ কৰে বা দাঁতত বিষ হয়, তেন্তে কেৱল টুথব্ৰাছ সলনি কৰিলেই সমস্যাৰ সমাধান নহ’ব পাৰে। এনে লক্ষণ দেখা দিলে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। আনহাতে ইলেক্ট্ৰিক টুথব্ৰাছ ব্যৱহাৰ কৰা লোকসকলৰ ক্ষেত্ৰত সাধাৰণতে গোটেই টুথব্ৰাছডাল সলনি কৰাৰ প্ৰয়োজন নহয়। নিৰ্দিষ্ট সময়ৰ পিছত ব্ৰাছৰ মূৰটো (brush head) সলনি কৰিলেই হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















