তাজমহল ৰহস্য! কি হ’ল তাজমহলৰ ৪৬৬ কেজি ওজনৰ সোণৰ কলহ?
তাজমহল বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম। ভাৰতৰ আগ্ৰাত অৱস্থিত তাজমহল স্থাপত্যৰ এক বিশেষ শিল্প। তাজমহলক মোগল স্থাপত্যৰ উত্তম উদাহৰণ বুলি গণ্য কৰা হয়, যিটো শৈলীত পাৰ্চী, ভাৰতীয় আৰু ইছলামিক স্থাপত্যৰ উপাদানসমূহ একত্ৰিত কৰা হৈছিল।
১৯৮৩ চনত তাজমহলক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। ইয়াক ভাৰতৰ মুছলমান শিল্পৰ বিশেষ ৰত্ন হিচাপে উল্লেখ কৰা হৈছে আৰু বিশ্ব ঐতিহ্যৰ অন্যতম সৰ্বপ্ৰশংসিত হিচাপে উল্লেখ কৰা হৈছে।
মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী মুমতাজ মহলৰ স্মৃতিত এই সুন্দৰ আৰু অসাধাৰণ স্মৃতিসৌধটো নিৰ্মাণ কৰিছিল। তাজমহলৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ সোণালী শিখৰ। মনোমোহা সৌন্দৰ্য্যৰ বাবে বিখ্যাত তাজমহল এসময়ত ৪৬৬ কিলোগ্ৰাম ওজনৰ এক সোণৰ কলহেৰে সজ্জিত হৈছিল।
যিটো ইয়াৰ কেন্দ্ৰীয় গম্বুজৰ ওপৰত অৱস্থিত আছিল। ৩০ ফুট উচ্চতাৰ এই শৃংগটো অৰ্ধচন্দ্ৰ আকৃতিৰ আছিল। যিটো ইছলামিক স্থাপত্যৰ এটা বৈশিষ্ট্য। নান্দনিক আকৰ্ষণৰ বাহিৰেও সোণালী শিখৰে কীৰ্তিচিহ্নটোৰ ভৱিষ্যৎ প্ৰতীক আৰু ইয়াৰ যুগৰ অসাধাৰণ কাৰুকাৰ্য্যক প্ৰদৰ্শন কৰিছিল।
কিন্তু এই অমূল্য বৈশিষ্ট্য সময়ৰ লগে লগে নোহোৱা হৈ পৰে। যিয়ে ইতিহাসবিদ আৰু দৰ্শনাৰ্থীৰ মাজত কৌতুহল আৰু জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল। বহুতে কয় যে ব্ৰিটিছ বিষয়া জোচেফ টেইলৰে ১৮১০ চনত তাজমহলৰ ওপৰৰ পৰা সেই সোনৰ কলহৰ অংশ আঁতৰাই পেলাইছিল।
বহুতে ভাবে যে জোছেফে সেই সোণৰ কলহ লুকুৱাই পাছত তামৰ সোণৰ পানী চৰোৱা কলহ লগাই দিছিল। ১৮৭৬ আৰু ১৯৪০ চনত দুবাৰকৈ সেই শিখৰ সলনি কৰা হৈছিল। কিন্তু আজিলৈকে সোণৰ কলহৰ সন্ধান কতো নোলাল।
যদিহে আজিৰ দিনত সেই সোণৰ কলহ সলনি কৰা নগলহৈ, তেন্তে আজিৰ তাৰিখত সেই সোণৰ কলহৰ বজাৰ মূল্য হ’লহেতেন ২৪৫ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ