• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কূটনৈতিক জটিল অংকৰ বাবেই ইজৰাইল-হামাছৰ যুদ্ধ! হামাছৰ পক্ষত কোনো কোন দেশ আৰু ইজৰাইলৰ পক্ষত কোন আছে?

কূটনৈতিক জটিল অংকৰ বাবেই ইজৰাইল-হামাছৰ যুদ্ধ! হামাছৰ পক্ষত কোনো কোন দেশ আৰু ইজৰাইলৰ পক্ষত কোন আছে?

3 years ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

52 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

2 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

2 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

4 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

5 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

5 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

6 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

7 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

7 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

8 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

9 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কূটনৈতিক জটিল অংকৰ বাবেই ইজৰাইল-হামাছৰ যুদ্ধ! হামাছৰ পক্ষত কোনো কোন দেশ আৰু ইজৰাইলৰ পক্ষত কোন আছে?

editor by editor
October 13, 2023
in বিবিধ, বিশ্ব, ৰাজনীতি
0
কূটনৈতিক জটিল অংকৰ বাবেই ইজৰাইল-হামাছৰ যুদ্ধ! হামাছৰ পক্ষত কোনো কোন দেশ আৰু ইজৰাইলৰ পক্ষত কোন আছে?
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইজৰাইল-হামাছৰ চলিত সংঘাতক কেন্দ্ৰ কৰি দুভাগত বিভক্ত হৈছে সমগ্ৰ বিশ্ব৷ কূটনৈতিক ধাৰাবাহিকতা ৰক্ষা কৰি ইজৰাইলৰ কাষত ঠিয় হৈছে আমেৰিকাসহ পশ্চিমৰ একাধিক দেশ৷ অন্যহাতে পশ্চিম এছিয়াতো বাদেই বিশ্বৰ প্ৰতিটো প্ৰান্তত সিঁচৰিত হৈ থকা একাধিক দেশে পেলেস্থানীয় সশস্ত্ৰ সংগঠন হামাছৰ পক্ষত থিয় হৈছে৷ দেশসমূহৰ ভাগ বটোৱাৰা হোৱাৰ আঁৰত আছে ভূৰাজনীতিৰ জটিল অংক৷ ভিন্ন ভিন্ন কূটনৈতিক স্বাৰ্থৰ পৰাই এই সংঘাতত অৱস্থান লৈছে বিশ্বৰ একাধিক দেশ৷ আমেৰিকাৰ ওপৰিও ফ্ৰান্স, জাৰ্মানী, ইটালী, ব্ৰিটেইন থিয় হৈছে ইজৰাইলৰ পক্ষত৷ এইকেইখন দেশে পোনপটীয়াকৈ হামাছক সন্ত্ৰাসবাদী আখ্যাও দিছে৷ আমেৰিকাই পোনপটীয়াকৈ অস্ত্ৰ দি সহায় কৰিছে ইজৰাইলক৷ ব্ৰিটেইন, জাৰ্মানীয়েই কূটনৈতিক সহায়তা আগবঢ়াইছে৷ ফৰাছী প্ৰশাসনে ফ্ৰান্সৰ কোনো লোকেই পেলেস্থাইনপন্থী অৱস্থান, মিছিল কিংবা বিক্ষোভ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে৷

জাৰ্মান ৰাষ্ট্ৰপ্ৰধানে হামাছৰ এই আক্ৰমণাত্মক কাৰ্যকলাপৰ বাবে ইৰাণেই দায়ী বুলি দাবী কৰিছে৷ ইৰাণৰ সহায় অবিহনে হামাছে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিবলৈ এনেদৰে সাহস নকৰে৷ ইউৰোপীয় দেশসমূহে ইউৰোপীয়ান ইউনিয়নক প্ৰাথমিকভাৱে হুমকি দিছে যে হামাছ অধিকৃত গাজালৈ তেওঁলোকে আৰু কোনো সাহাৰ্য্য নপঠিয়াই৷ কিন্তু আন্তৰ্জাতিক চাপৰ বাবে এই সিদ্ধান্ত তেওঁলোকে বৰ্তমানলৈকে স্থগিত ৰাখিছে৷ আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত হামাছৰ আক্ৰমণক লৈ সমালোচনা চলিছে৷ কিন্তু ইজৰাইল আৰু হামাছক লৈ বিশ্বৰ দেশসমূহ বিভাজন হোৱাৰ আঁৰত আছে বহুকেইটা বিষয়৷ল

ইৰাণে হামাছৰ কাষত থিয় দিছে৷ সশস্ত্ৰ গোষ্ঠীক সহায় কৰাৰ অভিযোগ উত্থাপিত হৈছে এওঁলোকৰ বিৰুদ্ধে৷ ইৰাণৰ নেতা আয়াতোল্লা আলি খামেনেই ইজৰাইলক সমালোচনা কৰি কয়, ‘পেলেষ্টাইন ৰাষ্ট্ৰৰ বাবে আমাৰ পূৰ্ণ সমৰ্থন আছে৷’ হামাছৰ কাষত আছে য়েমেন, কাটাৰ আৰু লেবাননো৷ এইসমূহৰ মাজত বিদ্ৰোহী গোট হেজবুল্লাহেও হামাছৰ পক্ষত থিয় দিছে৷ ছিৰিয়াও আছে হামাছৰ পক্ষত৷ উল্লেখ্য যে ইজৰাইলে এতিয়া হামাছ, হেজবুল্লাহ আৰু ছিৰিয়া তিনিওৰে সৈতেই যুঁজ দিব লাগিব৷

কাটাৰে এই যুঁজৰ বাবে ইজৰাইলকেই দোষী বুলি দাবী কৰিছে৷ গৃহযুদ্ধত ইৰাকৰ সশস্ত্ৰ বাহিনী পিএমএফ আৰু আমেৰিকাক ধমকি দিছে কাটাৰে৷ যদি বাছিংটনে ইজৰাইলৰ পক্ষত থিয় হয় তেন্তে তেওঁলোকেও পোনপটীয়াকৈ যুঁজত নামিব৷ আৰৱৰ দেশসমূহে এইধৰণে হামাছক সমৰ্থন কৰাটো কোনো নতুন কথাও নহয়৷ ইজৰাইলী আগ্ৰাসনৰ বিৰুদ্ধে তেওঁলোকে কেইবাবছৰ ধৰি মাত মাতি আহিছে৷

পশ্চিম এছিয়াৰ বহু দেশেই পৰবৰ্তী সময়ত ইজৰাইলৰ সৈতে সম্পৰ্ক ৰক্ষাত মনোনিৱেশ কৰিছে৷ আমেৰিকাৰ মধ্যস্থতাত ২০২০ চনত আব্ৰাহাম চুক্তি স্বাক্ষৰিত হৈছিল৷ তাতেই ছহী কৰিছিল বাহৰিন, ছৌদী আৰৱ, ছুডান, মৰক্কোৰ লগতে আৰৱৰ দেশসমূহে৷ এই দেশসমূহে এতিয়া নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰি আছে৷ ইজৰাইলৰ প্ৰতিও তেওঁলোকে কোনো চৰম বাৰ্তা প্ৰেৰণ কৰা নাই৷ আমেৰিকাৰ মধ্যস্থতাত ছৌদী আৰৱৰ সৈতে এক আলোচনাতো বহিছে ইজৰাইলে৷ বহুতৰে ধাৰণা যে, এই আলোচনাক কেন্দ্ৰ কৰিয়েই ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে হামাছে৷ কাৰণ তেওঁলোকে ইজৰাইলৰ তেওঁলোকৰ ওপৰত আধিপত্য কোনো কাৰণতে মানি ল’ব নোখোজে৷ হামাছৰ প্রধান লক্ষ্যই হৈছে ইহুদীপ্ৰধান ৰাষ্ট্ৰ ইজৰাইলক ধ্বংস কৰা৷

ছৌদি আৰৱেও এতিয়া ইজৰাইলকেই সমালোচনা কৰিছে৷ ছৌদি আৰৱৰ মতে পেলেষ্টাইনবাসীৰ বৈধ অধিকাৰ আৰু জোৰকৈ দখল কৰাৰ নীতিৰ বাবেই বৰ্তমান এই পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাছিয়াই আকৌ দুইপক্ষৰ মাজৰ মধ্যস্থতা কৰিব বিচাৰিছে৷ পশ্চিম এছিয়াৰ ৰাজনীতিত চীনে কিন্তু এতিয়ালৈকে নিৰৱ ভূমিকা গ্ৰহণ কৰি আছে৷ কুটনীতিৰ জটিল অংকত পশ্চিম এছিয়া ধ্বংস হৈ যাব নেকি সেই আশংকাও কৰিছে বহুসংখ্যক লোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ
বিনোদন

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

July 17, 2026
Next Post
৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

৯ বছৰীয়া মনোমালিন্য শেষ! ভাৰত-পাক মেচৰ উদ্বোধনী অনুষ্ঠানত একেলগে দেখা যাব অৰিজিৎ আৰু ছলমান খানক

বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

বিশ্বকাপত ৭বাৰ ভাৰতৰ বিৰুদ্ধে খেলি ৭বাৰেই পৰাজয়! অষ্টম মেচত ভাৰতক পৰাস্ত কৰিব পাৰিবনে বাবৰ বাহিনীয়ে? কি ক’লে পাক অধিনায়ক বাবৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.