অসম লাইভ২৪ঃ জাহ্নৱী কাপূৰ, ছাৰা আলি খান, খুশি কাপূৰ, অনন্যা পাণ্ডেৰ পৰা নাইছা দেৱগান৷ বলীউডৰ বহু ষ্টাৰ কিডৰ সৈতে দেখা গৈছে এজন বিশেষ তৰুণক৷ কেতিয়াবা যদি পাৰ্টী কৰিছে, কেতিয়াবা জীমৰ বাহিৰত একেলগে৷ এই বিশেষ ব্যক্তিজন কোন কোনোৱেই তেওঁ প্ৰকৃত পৰিচয় ওলিয়াবলৈ সক্ষমো হোৱা নাই৷ বলীউড সূত্ৰই প্ৰকাশ কৰামতে যুৱকজনৰ নাম অৰি বা অৱত্ৰমণি৷ কিন্তু এই অৰি কোন?
বলীউডৰ সকলো অভিনেত্ৰীৰ সৈতে সততে দেখা যায় অৰিক৷ শেহতীয়াভাৱে দেৱালী পাৰ্টীটো বলীউড অভিনেতা অভিনেত্ৰীৰ সৈতে দেখা গৈছে অৰিক৷ ষ্টাৰ কীডৰ সৈতে অৰিৰ ফটোক লৈ বহুতেই জানিব বিচাৰিছে, বলীউডত হঠাৎ কৰ পৰা এন্ট্ৰী মাৰিলে অৰিয়ে? ক’ত কিয় কেনেকৈ বিখ্যাত অৰি? কিয় বলীউডৰ ষ্টাৰ কীডে এনেকৈ আদৰি লৈছে অৰিক?
ছাৰা ৰ পৰা জাহ্নৱীলৈকে সকলোৱেই অৰিক তেওঁলোকৰ ঘনিষ্ঠ বন্ধু বুলিয়েই পৰিচয় দিয়ে৷ সম্প্ৰতি অৰিয়ে সংবাদমাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি, তেওঁ এজন গায়ক, গীতিকাৰ, ফেশ্ব্যন ডিজাইনাৰ, ক্ৰিয়েটিভ ডাইৰেক্টৰ, ফেশ্ব্যন ষ্টাইলিষ্ট, ফুটবল খেলুৱৈ, আৰ্ট কিউৰেটৰো৷ কামেই তেওঁৰ পৰিচয়৷ বেছিভাগ সময়েই তেওঁ কামতেই ব্যস্ত হৈ থাকে৷
কামৰ বাহিৰে তেওঁ অন্য সময়ত শুই ভালপায়৷ অৰিয়ে নিজেই এই সন্দৰ্ভত কয়, ‘মই দুটা কামেই কৰো৷ হয়তো শুই থাকো নতুবা কাম কৰি থাকো৷ অত্যন্ত পৰিশ্ৰম কৰিবলৈ মই ভালপাওঁ৷ জীমলৈকো যাওঁ৷ নিজক ফিট ৰখাৰ বাবে মই যিমান পাৰো কষ্ট কৰো৷ নিজক ফিট ৰাশি মই ভালপাওঁ’৷ যোগাসনো কৰো৷’ বলীউডত যোগ দিয়াৰ প্ৰসংগতো কেইবাটাও কথা কৈছে অৰিয়ে৷ অৰিয়ে কয়, ‘মই কেইবাখনো ছবিৰ পৰা প্ৰস্তাৱ লাভ কৰিছো৷ কিন্তু হিন্দী ভালকৈ ক’ব নোৱাৰো বাবেই ছবিত কাম কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই৷ বলীউড এতিয়াও মোৰ পৰা বহু দূৰৈত৷ কাৰণ ইয়াত কাম কৰিবলৈ হ’লে আগতে মই হিন্দী ভালকৈ শিকিব লাগিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ