• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

1 month ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

47 minutes ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

2 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

2 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

3 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

3 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

4 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

5 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

6 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

6 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

7 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

7 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

বৃক্কৰ সমস্যাক কেতিয়াও নকৰিব আওকাণ!

editor by editor
July 24, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিকালি খাদ্য অভ্যাস আৰু ব্যস্ত জীৱনশৈলীৰ বাবে মানুহক বিভিন্ন ৰোগে দেখা দিছে। ইয়াৰ ভিতৰত অন্যতম এটা সমস্যা হৈছে বৃক্কৰ সমস্যা। বিষাক্ত পদাৰ্থ আৰু অতিৰিক্ত পানী আঁতৰাই তেজ বিশুদ্ধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ শৰীৰৰ অংগ হৈছে বৃক্ক। ৰক্তচাপ নিয়ন্ত্ৰণতো ইয়াৰ ভূমিকা আছে। কিন্তু বৃক্কৰ স্বাস্থ্যৰ অৱনতি ঘটিলে পৰিস্থিতি যথেষ্ট বেয়া হ’ব পাৰে। বৃক্কৰ স্বাস্থ্যৰ অৱনতি ঘটিলে বৃক্কৰ কাম-কাজ বেয়া হ’ব পাৰে, যাৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’ব পাৰে। এই অৱস্থাই হৃদযন্ত্ৰৰ স্বাস্থ্যতো নেতিবাচক প্ৰভাৱ পেলায়। ডাঃ অমৰ সিংঘালে (সঞ্চালক – আভ্যন্তৰীণ চিকিৎসা, শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউট, দিল্লী) কৈছে যে বৃক্ক আৰু হৃদযন্ত্ৰ হৈছে আন্তঃসংযোগী অংগ।

বৃক্কৰ স্বাস্থ্যৰ অভাৱত হৃদযন্ত্ৰ কেনেকৈ দুৰ্বল হয় সেয়া অতি কম সংখ্যক লোকেহে বুজি পায়। দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগেও হৃদযন্ত্ৰত কেনেদৰে নেতিবাচক প্ৰভাৱ পেলায় সেই বিষয়ে জানি লও আহক…

হৃদযন্ত্ৰৰ ওপৰত বৃক্কৰ ৰোগৰ প্ৰভাৱ

ডাঃ সিংঘালে কৈছে যে যেতিয়া বৃক্কই সঠিকভাৱে কাম নকৰে তেতিয়া অতিৰিক্ত পানী, নিমখ, বিষাক্ত পদাৰ্থ শৰীৰত জমা হয়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে আৰু হৃদযন্ত্ৰই স্বাভাৱিকতকৈ অধিক কষ্ট কৰিবলৈ বাধ্য কৰিব পাৰে। যদি এনেদৰে দীৰ্ঘদিন ধৰি চলি থাকে তেন্তে হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ, ষ্ট্ৰোক আদি গুৰুতৰ জটিলতাৰ সম্ভাৱনা বৃদ্ধি পায়।

কোনবোৰ মানুহৰ বিপদ বেছি?

বৃক্কৰ ৰোগত ৰক্তহীনতা, খনিজ ৰোগৰ ভাৰসাম্যহীনতা, ফুলা আদিও হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰিব পাৰে। গতিকে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, বা বৃক্কৰ সমস্যা থকা লোকে নিয়মিতভাৱে বৃক্ক আৰু হৃদযন্ত্ৰ দুয়োটা পৰীক্ষা কৰা উচিত।

বৃক্কৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লক্ষণ

বিশেষজ্ঞসকলে কয় যে যেতিয়া বৃক্কৰ স্বাস্থ্য বেয়া হয় তেতিয়া ভৰি আৰু মুখ ফুলা, সঘনাই বা কম পৰিমাণে প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ ফেনাযুক্ত বা তেজ ওলোৱা, ভোক কমি যোৱা আদি লক্ষণ দেখা দিব পাৰে। খজুৱতি আৰু উচ্চ ৰক্তচাপও হ’ব পাৰে। প্ৰথম অৱস্থাত লক্ষণ দেখা নাযায়, গতিকে ইয়াক নিৰৱ ৰোগ বুলিও জনা যায়। ডাঃৰ মতে, কিছুমান দৈনন্দিন অভ্যাসে বৃক্কৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ধূমপান, অত্যধিক বিষনাশক ঔষধ সেৱন কৰা, দিনটোৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱা আদি অভ্যাসে বৃক্কৰ ৰোগত অৰিহণা যোগাব পাৰে।

এইবোৰ কথাত বিশেষ গুৰুত্ব দিয়ক

সময়মতে চিকিৎসা, সুষম খাদ্য, পৰ্যাপ্ত পানী, নিয়মীয়া ব্যায়াম আৰু চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰিলে দুয়োটা অংগ দীৰ্ঘদিনলৈ সুস্থ কৰি ৰাখিব পাৰি। খাদ্যত এনেবোৰ বস্তু খাওক যিবোৰত প্ৰচুৰ ফাইবাৰ থাকে আৰু শৰীৰতো হাইড্ৰেট কৰিব পাৰে। গোটেই দিনটোত কমেও ২.৫ৰ পৰা ৩ লিটাৰ পানী খাব লাগে। লগতে পানীৰ পৰিমাণ বেছি থকা ফলমূল আৰু শাক-পাচলি খাব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

September 2, 2026
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
Next Post
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ'ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.