এগৰাকী বিজেপি বিধায়কৰ টেলিফোনিক ভাবুকিক প্ৰত্যাহ্বান জনাই সংবাদ মাধ্যমৰ চৰ্চালৈ অহা অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শন জোনমণি ৰাভা আকৌ এবাৰ সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷
এইবাৰ নিজৰ হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি ৰাজ্যৰ সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰ্তমান নগাঁও সদৰ থানাত কৰ্মৰত আৰক্ষী উপ পৰিদৰ্শন জোনমণি ৰাভা৷
নিজৰ প্ৰেমাস্পদক এগৰাকী হাই প্ৰফাইল প্ৰৱঞ্চকৰূপে আৱিস্কাৰ কৰাৰ পিছতে জোনমণি ৰাভাই প্ৰেমাস্পদক নগাঁৱলৈ মাতি আনি গ্ৰেপ্তাৰ কৰিছে৷ ইমানেই উপ পৰিদৰ্শক জোনমণি ৰাভাই নিজেই প্ৰৱঞ্চক প্ৰেমিকৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰি প্ৰথমে আটক কৰি জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে৷ ইতিমধ্যে প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত যুৱকগৰাকীক আদালতে দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে৷
লগতে পঢ়ক সামৰকি তথ্য সংগ্ৰহৰ ভয়ংকৰ জাল! চীনা সেনাত নিয়োগ কৰিছে হিন্দী দোভাষী যুৱক
এতিয়া প্ৰশ্ন হ’ল, আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ এই প্ৰৱঞ্চক প্ৰেমিকগৰাকী কোন? তেওঁ হৈছে মাজুলীৰ ৰাণা প্ৰ’গাগ৷ অভিযোগ অনুসৰি ৰাণা প্ৰ’গাগে নিজকে ভাৰতীয় তেল আৰু প্ৰাকৃতিক গেছ নিগম(ONGC)ৰ এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়া বুলি ভুৱা পৰিচয়েৰে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কোটি কোটি টকা ঠগ প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰি আহিছে৷
আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাই সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি ৰাণা প্ৰ’গাগ অ’এনজিচি কোনো কৰ্মচাৰী নহয়৷ অ’এনজিচিৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ ভুৱা পৰিচয়েৰে ৰাণা প্ৰ’গাগে বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা কোটি পৰিমাণৰ ধন জালিয়াতিৰে সংগ্ৰহ কৰি ব্যক্তিগত দেহৰক্ষী, চালক আদিৰে বিলাসী জীৱন যাপন কৰি আহিছিল৷
ৰাণা প্ৰ’গাগৰ প্ৰতাৰণাৰ জালত পৰি ১৫ লাখ টকা হেৰুওৱা তিনিজন লোকে জোনমণি ৰাভাৰ শৰণাপন্ন হোৱাৰ পিছতে উপ পৰিদৰ্শক জোনমণি ৰাভাৰ চকু খোল খায়৷ উপ পৰিদৰ্শক ৰাভাই ৰাণা প্ৰ’গাগক নগাঁওলৈ মাতি পঠিয়াই আৰু ব্যক্তিগতভাৱে প্ৰ’গাগক জেৰা চলাওঁতে প্ৰেমিক প্ৰ’গাগৰ ওপৰত সন্দেহ ঘণীভূত হয় আৰু অৱশেষত জোলোঙাৰ মেকুৰি ওলাই পৰে৷ ইয়াৰ পিছতে জোনমণি ৰাভাই নগাঁও সদৰ থানাত প্ৰেমিক ৰাণাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গ্ৰেপ্তাৰ কৰে৷
লগতে পঢ়ক ‘অভিনেতা ধনুষ আমাৰ তৃতীয় সন্তান’ দাবী বৃদ্ধ তামিল দম্পতীৰ
ইফালে উপ পৰিদৰ্শক জোনমণি ৰাভাই প্ৰকাশ কৰা মতে প্ৰায় এবছৰ পূৰ্বে মাজুলীত কৰ্মৰত হৈ থাকোতে এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ যোগেদি ৰাণা প্ৰ’গাগৰ সৈতে তেওঁৰ পৰিচয় ঘটিছিল৷ পিছলৈ ৰাণা প্ৰ’গাগে জোনমণি ৰাভাক বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু প্ৰ’গাগৰ পৰিয়ালৰ লোকে জোমমণি ঘৰলৈ গৈ আনুষ্ঠানিকভাৱে বাগদান সম্পন্ন কৰে৷ অহা নৱেম্বৰত তেওঁলোকৰ বিবাহসম্পন্ন হোৱাৰ কথা আছিল৷ কিন্তু বিবাহ সম্পন্ন হোৱাৰ পূৰ্বেই জোনমণি ৰাভাই প্ৰেমিকৰ প্ৰকৃত স্বৰূপ তথা পৰিচয় উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে৷
নগাঁও আৰক্ষীয়ে ৰাণা প্ৰ’গাগক গ্ৰেপ্তাৰ কৰাৰ পিছতে মাৰথান জেৰা অব্যাহত ৰাখিছে৷ ইতিমধ্যে আৰক্ষীয়ে প্ৰৱঞ্চক ৰাণা প্ৰ’গাগৰ পৰা দুটা বিলাসী লেপটপ, কে’বাটাও মোবাইল, অ’এনজিচিৰ কে’বাটাও ভুৱা ছীল মোহৰ, চেকপাতসহ বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে বিহপুৰীয়াত কৰ্মৰত জোনমণি ৰাভাই বিজেপি বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাৰ টেলিফোনিক ভাবুকিক প্ৰত্যাহ্বান জনায় সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছিল৷ নিজৰ হ’বলগীয়া স্বামীক এজন হাই প্ৰফাইল প্ৰৱঞ্চক বুলি জ্ঞাত হোৱাৰ পিছতে সংবাদ মাধ্যমৰ আগত জোনমণি ৰাভাই ৰাণা প্ৰ’গাগক উচিত শাস্তি প্ৰদান কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ