অসম লাইভ ২৪ঃ বেলজিয়ামৰ এখন চিৰিয়াখানাত প্ৰৱেশ নিষিদ্ধ এগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ বিৰুদ্ধে আছে এক আশ্বৰ্য্যজনক অভি়যোগ৷ বেলজিয়ান চিৰিয়াখানাৰ চিম্পাঞ্জী ‘চিতা’ৰ সৈতে ৪ বছৰীয়া এক প্ৰেমৰ সম্পৰ্ক আছে এদি টিম্মাৰমেনচ নামৰ মহিলাগৰাকীৰ৷ এই কথা দাবী কৰে এদি টিম্মাৰমেনচে৷ লগতে এদি আৰু চিতা দুয়োৱে গ্লাচ পাৰ্টিচনৰ জৰিয়তে ভাৱৰ আদান-প্ৰদান কৰাৰ উপৰি ইজনে-সিজনক চুম্বনো কৰে৷ ৷ চিৰিয়াখানা কৰ্তৃপক্ষই এই ঘটনা প্ৰত্যক্ষ কৰাৰ পাছত মহিলাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰে চিৰিয়াখানাত৷ কাৰণ এদিৰ সৈতে চিতাৰ ঘনিষ্ঠতা বাঢ়ি যোৱাৰ বাবেই অন্য চিম্পাজীৰে সম্পৰ্ক কমি গৈছে চিতাৰ৷ চিম্পাঞ্জীবোৰে চিতাক নিজৰ গ্ৰুপৰ পৰা পৃথক কৰাৰ বাবে সমস্যাত পৰিছে চিৰিয়াখানা কৰ্তৃপক্ষ৷ মানুহৰ জীৱ-জন্তুৰ প্ৰতি থকা ভালপোৱা এক স্বভাৱজাত প্ৰবৃতি কিন্তু সেই ভালপোৱা যদি অস্বাভাৱিক হয়, তেন্তে সেইয়া সকলোৰে বাবে ক্ষতিকাৰক৷ কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বাবে মুঠেও সুখী নহয় এদি টিম্মাৰমেনচ৷ তেওঁ কয়, ‘মই সেই জন্তুটোক ভালপাও আৰু সিও মোক ভালপায়৷ তাৰ বাদে আমাৰ মাজত একো নাই৷ কিয় তেওঁলোকে আমাক আঁতৰ কৰিব বিচাৰিছে? আমাৰ মাজত এটা ভালপোৱাৰ সম্পৰ্ক আছে৷ মই কেৱল সেয়াই ক’ম’৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ