নতুন অধ্যায় আৰম্ভণিৰ পূৰ্বেই মূৰত হাত দিছে এগৰাকী যুৱতীয়ে৷ বিবাহৰ বাবে যেতিয়া প্ৰস্তুতি চলিছে তেতিয়াহে জানিব পাৰে যে হ’বলগীয়া শহুৰেই তেওঁৰ প্ৰাক্তন প্ৰেমিক৷ হ’বলগীয়া স্বামীৰ পিতৃক দেখিয়েই মূৰে কঁপালে হাত দিছে কইনাই৷ বিবাহৰ দৰে ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়তে প্ৰাক্তন প্ৰেমিক শহুৰ হ’ব সেই কথা জানি কি কৈছে যুৱতীগৰাকীয়ে?
আন্তৰ্জাতিক সংবাদমাধ্যম সূত্ৰৰ পৰা জনা গৈছে যে ঘটনাটো স্কটলেণ্ডৰ৷ যুৱতীয়ে জনাইছে কেইবামাহ পূৰ্বে এটা ডেটিং এপৰ মাধ্যমেৰে এগৰাকী তৰুণৰ সৈতে তেওঁৰ আলাপ হয়৷ কিছুদিন দেখা সাক্ষাৎৰ পাছত এজনে আনজনৰ প্ৰেমতো পৰে৷ দুজনেই সিদ্ধান্ত লয় যে তেওঁলোক অচিৰেই বিবাহবন্ধনত আৱদ্ধ হব৷ বিবাহৰ পূৰ্বে পৰিয়ালৰ সৈতে দেখা কৰিবলৈ গৈছিল প্ৰেমিক৷ এখন কেফেত পৰিয়ালে চিনাকি হোৱাৰ বিশেষ পাৰ্টিৰ আয়োজন চলিছিল৷ তাতেই হবলগীয়া স্বামীৰ পিতৃৰ সৈতে দেখা হয় যুৱতীগৰাকীৰ৷
প্ৰেমিকৰ পিতৃক দেখি চমকি উঠে যুৱতীগৰাকী৷ যুৱতীয়ে জনাই যে কেইবছৰ পূৰ্বে ক্ৰিষ্টমাছৰ সময়ত এই ব্যক্তিৰ সৈতে চিনাকি হৈছিল৷ ব্যক্তিগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ দিছিল৷ যুৱতীগৰাকীৰো সেই ব্যক্তিক ভাললগাৰ বাবে প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণো কৰে৷ কিন্তু সেই সম্পৰ্ক বেছিদিন নিটিকিল৷ প্ৰেম ভঙাৰ কাৰণ আছিল যুৱতীগৰাকীয়ে গম পাইছিল যে তেওঁ পত্নী আৰু সন্তানো আছে৷ কিন্তু ইমান ডাঙৰ সন্তান আছে সেই কথা তেতিয়া জানিব পৰা নাছিল যুৱতীগৰাকীয়ে৷
এই সমগ্ৰ ঘটনা এক পডকাষ্ট চেনেলযোগে প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে৷ শহুৰক দেখিয়েই বিবাহক লৈ দুশ্চিন্তাতো ভূগিছে৷ তেওঁ জনাইছে যে বৰ্তমানৰ প্ৰেমিকক তেওঁ ভালপায়৷ তেওঁৰ সৈতেই জীৱনটো কটাব খোজে৷ কিন্তু প্ৰাক্তন প্ৰেমিকৰ মুখামুখি হৈ তেওঁ জীৱনটো চলাবও নোখোজে৷ বিবাহ কৰাবনে সেই বিষয়ে সেয়ে চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই যুৱতীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ