অসম লাইভ ২৪ঃ উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা৷ কোভিড পজিটিভ হোৱাৰ বাবেই টয়লেটতে আৱদ্ধ থাকিব লগা হয় মহিলাগৰাকী৷ কিন্তু ফ্লাইট কৰ্তৃপক্ষই আৱদ্ধ কৰা নাই মহিলাগৰাকীক, মহিলাগৰাকীয়ে নিজেই গ্ৰহণ কৰিছে এই পদক্ষেপ৷ কাৰণ ফ্লাইটেৰে গৈ থকা অৱস্থাতেই মহিলাগৰাকীয়ে লাভ কৰিছিল কোভিড পজিটিভ ৰিপ’ৰ্ট৷ এনে পৰিস্থিতিত মহিলগৰাকীয়ে নিজকে আইচ’লেট কৰি ৰাখিছিল ফ্লাইটৰ টয়লেটত৷ মহিলাগৰাকী হৈছে আমেৰিকাৰ মাৰিচা ফোটিঅ’৷ চিকাগ’ৰ পৰা আইচলেণ্ড অভিমুখে যাত্ৰা কৰিছিল মাৰিচা৷ ফ্লাইটতেই তেওঁ কাহৰ উপৰি জ্বৰৰ উমান পায়৷ সেই কথা ফ্লাইট কৰ্তৃপক্ষক অৱগত কৰাত মহিলাগৰাকীক ততাতৈয়াকৈ কোভিড টেষ্ট কৰোৱায়৷ টেষ্টত পজিটিভ ৰিপ’ৰ্ট অহাত অন্য যাত্ৰীৰ যাতে কোনো অসুবিধা নহয় সেই বাবেই নিজকে ৫ ঘণ্টা ধৰি টয়লেটত আৱদ্ধ কৰি ৰাখে মাৰিচাই৷ এই ঘটনাৰ ভিডিঅ’ তেওঁ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে৷ দ্ৰুত গতিত ভাইৰেল হৈছে সেই ভিডিঅ’৷ উল্লেখ্য ফ্লাইটখনত আছিল ১৫০গৰাকী যাত্ৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ