আইপিএলৰ জনক ব্যৱসায়ী ললিত মোদী আৰু প্ৰাক্তন মিছ ইউনিৰ্ভাছ সুম্মিতা সেনৰ ডেটিঙৰ খবৰে সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে এই সম্পৰ্কে মুখ খুলিছে বাংলাদেশৰ নিৰ্বাসিত লেখিকা তছলিমা নাছৰিণে৷
বাংলাদেশৰ বিতৰ্কিত নাৰীবাদী লেখিকাগৰাকীয়ে সুস্মিতা সেনক টকাৰ বাবেই বিক্ৰী হৈ গ’ল নেকি বুলিও প্ৰশ্ন কৰিছে৷
উল্লেখ্য যে মালদ্বীপত দুয়োগৰাকীয়ে ডেট কৰি থকাৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ পিছতে সামাজিক মাধ্যমত দুয়োকে অসংখ্য লোকে অভিনন্দন জনালেও অধিকাংশ লোকে ট্ৰল কৰাহে পৰিলক্ষিত হৈছে৷
লগতে পঢ়ক ৮৩ জন লোকক জীৱন্তে ভক্ষণ বিশ্বৰ আটাইতকৈ ভয়ংকৰ ঘঁৰিয়াল ওছামাৰ
বহুতে সুম্মিতা সেন আৰু ললিত মোদীক লৈ আপত্তিজনক মন্তব্য কৰাও দেখা গৈছে৷ ইতিমধ্যে ললিত মোদীয়ে এই সম্পৰ্কে নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে৷ ট্ৰল কৰাসকলক মধ্য যুগত বাস কৰিছে বুলিও ললিত মোদীয়ে কটাক্ষ কৰিছে৷
এনে সময়তে বাংলাদেশৰ বিতৰ্কিত নাৰীবাদী লেখিকাগৰাকীয়ে ললিত মোদীক নানা অপৰাধৰ সৈতে জড়িত আৰু অতি অনাকৰ্ষণীয় ব্যক্তি বুলি অভিহিত কৰি তেওঁলোকৰ ট্ৰলাৰসকলক যেন উৎসাহিতহে কৰিলে৷
‘‘…সুস্মিতাই এতিয়া বিভিন্ন অপৰাধত জড়িত এজন অনাকৰ্ষণীয় মানুহৰ লগত সময় পাৰ কৰিছে৷ কাৰণ মানুহজন বৰ ধনী? তাৰ মানে কি তেওঁ টকাৰ বাবে বিক্ৰী গ’ল নেকি?’’ সুস্মিতা সেনক লৈ এইদৰে প্ৰশ্নও উত্থাপন কৰিছে তছলিমাই৷
লগতে পঢ়ক প্ৰেমৰ অসীম শক্তিত পৰাভূত ধৰ্মৰ প্ৰাচীৰ! মন্দিৰত হিন্দু যুৱকেৰে বিবাহ মুছলমান যুৱতীৰ
সুস্মিতা সেনক লগ পোৱাৰ অভিজ্ঞতাৰে নাছৰিণে লিখিছে, ‘‘সুস্মিতা সেনক মই মাত্ৰ এবাৰহে লগ পাইছিলো৷ বহু বছৰৰ আগতে কলকতা বিমান বন্দৰত৷ তেওঁ মোক সাৱটি ধৰি মোক বহুত ভালপাওঁ বুলিও কৈছিল৷ লেখা মেলা জগতত মোতকৈ উচ্চতাত কোনো নাই বুলিও কৈছিল৷ কিন্তু তেওঁৰ কাষত থিয় হৈ মোৰ নিজকে অতি ক্ষুদ্ৰ যেনেই লাগিছিল৷ তেওঁৰ সৌন্দৰ্যৰ পৰা মই চকু আঁতৰাবই পৰা নাছিলো৷’’
‘‘সুস্মিতা সেনৰ ব্যক্তিত্ব মোৰ আটাইতকৈ বেছি ভাল লাগে৷ কম বয়সতে দুগৰাকীকৈ কন্যাক তেওঁ তুলি লৈছিল৷ তেওঁৰ সততা, সাহস, সজাগতা, আত্মনিৰ্ভৰশীলতা, দৃঢ়তা, সৰলতা মোৰ ভাল লাগে৷’’ এইবুলি সুস্মিতা সেনক ভুয়সী প্ৰশংসা কৰে তছলিমাই৷
লগতে পঢ়ক মাতৃৰ সৈতে বিবাহ মণ্ডপৰ পৰা পলায়ন দৰাৰ, আৰক্ষী থানাত সম্পন্ন হ’ল বিবাহ
ইয়াৰ পাছতে ললিত মোদীৰ প্ৰতি বিৰূপ মন্তব্য কৰি তছলিমা নাছৰিণে লিখিছে, ‘‘হয়তো সুস্মিতাই ললিতৰ প্ৰেমত পৰিব পাৰে৷ কিন্তু মোৰ বিশ্বাস নহয় যে তেওঁ প্ৰেমত পৰিছে৷ ধনৰ প্ৰেমত পৰাসকলে অতি সোনকালেই মোৰ দৃষ্টিত সন্মান হেৰুওৱায়৷’’
বিতৰ্কিত লেখিকাগৰাকীৰ এই মন্তব্যই সুস্মিতা সেন আৰু ললিত মোদীৰ ট্ৰলাৰসকলক যে আৰু অধিক উৎসাহিত কৰিব বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ