সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ৱে সমগ্ৰ দেশতে ব্যাপক চৰ্চা লাভ কৰিছে৷ আইএএছ বিষয়া আৱনীশ চৰণে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘‘দেউতাকে মাত্ৰ এখন ছেকেণ্ড হেণ্ড বাইচাইকেল কিনিছে৷ তেওঁলোকৰ অভিব্যক্তি চাওকচোন, তেওঁলোকে যেন এখন মাৰ্ছিডিছ ব্ৰেঞ্জহে কিনিছে৷’’
টুইটাৰ ব্যাপকভাৱে ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে এখন পুৰণি বাইচাইকেল হেণ্ডলত এডাল ফুলৰ মালা লগাই আছে৷ ইয়াৰ পিছতে তেওঁ এটা পাত্ৰ লৈ চাইকেলৰ হেণ্ডলত পানী ছটিয়াইছে৷
তেওঁৰ সন্মুখত থকা অকণি শিশুটিয়ে জঁপিয়াই জঁপিয়াই আনন্দতে হাত চাপৰি বজাই আছে৷ অৰ্থাৎ ছেকেণ্ড চাইকেলখন ক্ৰয় কৰি পিতৃয়ে মাংগলিক আচাৰেৰে চাইকলেখন গ্ৰহণ কৰিছে আৰু কণমানি শিশুটিয়ে তেওঁলোক এখন বাইচাইকেলৰ গৰাকী হোৱাৰ উলাহতে হাত চাপৰি বজাই আনন্দ প্ৰকাশ কৰিছে৷
লগতে পঢ়ক স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?
কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ এই নিভাঁজ আনন্দ আৰু উছাহক আইএএছ বিষয়াগৰাকীয়ে কেপচনত এইদৰে কৈ দৰিদ্ৰ লোকক ইতিকিং কৰা বুলি সমালোচিত হৈছে৷ প্ৰায় ১.৭ লাখ লোকে দৰ্শন কৰা ভিডিঅ’টো চোৱা অধিকাংশ লোকে আইএএছ বিষয়াগৰাকীৰ মন্তব্যক গ্ৰহণ কৰা নাই৷
It’s just a second-hand bicycle. Look at the joy on their faces. Their expression says, they have bought a New Mercedes Benz.❤️ pic.twitter.com/e6PUVjLLZW
— Awanish Sharan (@AwanishSharan) May 21, 2022
প্ৰায়সকলৰে মন্তব্যত তেওঁলোক দুখীয়া মানুহৰ বাবে এখন ছেকেণ্ড বাইচাইকেলৰ গুৰুত্ব কিমান সেয়া বুজাতো ধনী মানুহৰ সাধ্যৰ বাহিৰত বুলিও প্ৰকাশ পাইছে৷
‘ধনী মানুহৰ আৰ্বজনাই দুখীয়া মানুহৰ বাবে সম্পদ’ বহুলোকে দাম্ভিক আইএএছ বিষয়াগৰাকী এই কথাটোকে বুজাবলৈ চেষ্টা কৰা দেখা গৈছে৷
লগতে পঢ়ক পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব
বিষয়া গৰাকীৰ টুইটটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ইউজাৰে লিখিছে, ‘‘তেওঁলোক দুখীয়া ছাৰ, সেইবাবেই তেওঁলোকে প্ৰতিটো বস্তু আৰু মানুহক ইমান সন্মান দিয়ে। এজন ধনী মানুহক সুধিলে তেওঁ তাক নিজৰ দাস বুলি গণ্য কৰিব আৰু লাঠ মাৰি ক’ব যে সেয়া মোৰো আছে!’’
লোকজনে লগতে এইটো কৈছে যে এইটোৱেই হৈছে এজন দুখীয়া আৰু এজন ধনীৰ মাজত সংস্কাৰ (মূল্যবোধৰ) পাৰ্থক্য৷
১.৭ লাখৰো অধিক দৰ্শকৰ হৃদয় স্পৰ্শ কৰাৰ উপৰিও এই ভিডিঅ’টোৱে সামাজিক মাধ্যমত মানুহৰ আৱেগিক প্ৰতিক্ৰিয়াৰ চুনামীৰ সূচনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ