টি-২০ বিশ্বকাপ জয়ৰ এসপ্তাহ পাছতেই মেচত নামি বিপৰ্জয় ভাৰতীয় ক্ৰিকেট দলৰ৷ বিশ্বজয়ী দলৰ কোনো সদস্যই অৱশ্যে জিম্বায়েৰ বিৰুদ্ধে মেচত নমা নাছিল৷ কিন্তু চিৰিজৰ প্ৰথম মেচত প্ৰত্যাশা কৰাধৰণে খেলিব নোৱাৰিলে শুভমন গীলৰ দলে৷ জিম্বাবোৱেৰ হাতত ১৩ ৰানত পৰাস্ত হৈছে ভাৰতীয় দলটো৷ প্ৰথমে বেট কৰি আয়োজক দেশে ৯ উইকেটত ১১৫ ৰান কৰে৷ উত্তৰত ভাৰতীয় দলটোৱে ইনিংছত ১৯.৫ অভাৰত ১০২ ৰান কৰিয়েই সামৰে খেল৷
জয়ৰ বাবে ১১৬ ৰান কৰিবলৈ নামি ভাৰতীয় দলৰ বেটিং বিপৰ্যয়৷ এসপ্তাহ পূৰ্বে ২০ অভাৰৰ ক্ৰিকেটত বিশ্বচেম্পিয়নৰ ছাপ্লাই লাইনৰ দুৰ্দশা প্ৰকট হৈ উঠিল এই মেচত৷ বিশ্বকাপৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰা জিম্বাৱোয়েৰ ওচৰত বেটিং বিক্ৰম দেখুৱাব নোৱাৰিলে বিশ্বজয়ী ভাৰতীয় দলে৷ বেট হাতত লৈয়েই দেশবাসীক হতাশ কৰিলে দুই অভিষেককাৰীয়েও৷ ৰিয়ান পৰাগে অভিষেক মেচত দেখুৱাব নোৱাৰিলে যোগ্যতা৷ মাত্ৰ ২ ৰান কৰিয়েই পেভিলিয়নমুখী হ’ল ৰিয়ান৷ ইফালে আন এজন অভিষেককাৰী অভিষেক শৰ্মাই শূন্য ৰানেৰে পেভিলিয়ানলৈ ওভতে৷
অসমৰ প্ৰথম পুৰুষ ক্ৰিকেটাৰ হিচাপে ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে ৰিয়ান পৰাগে৷ কেৱল অসমেই নহয় উত্তৰ-পূৱ ভাৰতৰ প্ৰথম পুৰুষ ক্ৰিকেটাৰ হিচাপে জাতীয় দলত খেলাৰ সুযোগ লাভ কৰিছে ৰিয়ানে৷ এই মেচত ব্যৰ্থ হৈছে ৰুতুৰাজ গায়কোৱাডো৷ ৰিংকু সিঙেও শূন্য ৰানেৰে পেভিলিয়নমূখী হয়৷ বিপৰীত পক্ষক দুৰ্বল ভাৱিয়েই ভুল কৰিলে ভাৰতীয় দলে৷ তাৰেই ফল এই খেলত পালে ভাৰতীয় ক্ৰিকেটাৰে৷
২২ ৰানত ৪ উইকেট হেৰুৱাই চাপত পৰে দলটো৷ ইনিংছ ধৰি ৰখাৰ চেষ্টা চলাই শুভমন আৰু ধ্ৰুৱ জুৱেলে৷ পৰিস্থিতিৰ চাপত উইকেট বচাই খেলত মনোনিৱেশ কৰে দুই ক্ৰিকেটাৰে৷ কিন্তু তাতো বিশেষ লাভ নহ’ল৷ দলক জয়ৰ সোৱাদ দিব নোৱাৰিলে ধ্ৰুৱ জুৱেলেও৷ ১০ অভাৰৰ শেষত শুভমনহঁতৰ ৰান হয়গৈ ৫ উইকেটত ৪৩ ৰান৷ জুৱেলৰ লগে লগেই পেভিলিয়নলৈ উভতে শুভমনো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ