জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা, শ্যামকানুৰ মৃত্যুদণ্ডও হ’ব পাৰে৷ অভিযোগ সঁচা প্ৰমাণিত হ’লে মৃত্যুদণ্ড অথৱা যাৱজ্জীৱন কাৰাদণ্ড হ’ব পাৰে এই ৪অভিযুক্তৰ৷ সন্দীপন গাৰ্গৰ বিৰুদ্ধেও ১০৫ধাৰা লগোৱা হৈছে৷ যদি দোষী সাব্যস্ত হয় তেন্তে সন্দীপনেও যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পাব পাৰে৷ চাৰ্জশ্বীট দাখিলৰ পাছতেই এই বিস্ফোৰক মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে৷ বিজন মহাজনৰ মতে যদি BNSৰ ১০৩ ধাৰা লগোৱা হয় হত্যাৰ গোচৰত৷ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগত অভিযুক্ত ৪জনৰ বিৰুদ্ধে এই ধাৰা লগোৱা হৈছে৷ গতিকে অপৰাধ সঁচা প্ৰমাণিত হ’লে এই ৪গৰাকীক মৃত্যুদণ্ডৰো ৰায় দিব পাৰে আদালতে৷
বিজয় মহাজনে এই সন্দৰ্ভত কয়- অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশ্বীট আজি দাখিল কৰিছে৷ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ পৰা আমি এই তথ্য জানিব পাৰিছো৷ ৪ ব্যক্তিক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰো কৰা হৈছে৷ BNS ১০৩ ধাৰাত অভিযুক্ত ব্যক্তিকেইজন হৈছে শ্যামকানু মহন্ত, অমৃতপ্ৰভা মহন্ত, শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা BNS ১০৩ ধাৰাত অভিযুক্ত৷ গতিকে তেওঁলোক যদি দোষী সাব্যস্ত হয় তেতিয়া ন্যায়ালয়ে মৃত্যুদণ্ড পৰ্যন্ত ৰায় দিব পাৰে৷ আনহাতে সন্দীপন গাৰ্গ আৰু তেওঁৰ দেহৰক্ষী দুজনৰ বিৰুদ্ধে BNSৰ ১০৫ ধাৰা লগোৱা হৈছে৷ ন্যায়ালয়ে যদি তেওঁলোককো দোষী সাব্যস্ত কৰে তেতিয়া তেওঁলোকৰো যাৱজ্জীৱন কাৰাদণ্ড হব পাৰে৷ জুবিন গাৰ্গ জনতাৰ হিয়াৰ আমঠু৷ আজিৰ পৰা এই ন্যায় আদালতৰ হাতলৈ আহিল৷ এতিয়া আৰক্ষীৰ হাতত নাই, ন্যায়ালয়ৰ হাতত সকলো গতিকে ন্যায়ালয়ে হিয়াৰ আমঠুক ন্যায় দিয়াৰ প্ৰক্ৰিয়া আজিৰে পৰাই আৰম্ভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















