অসম লাইভ২৪ঃ ঋষভ পণ্টৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ পাছতেই সমগ্ৰতে ঋষভৰেই চৰ্চা৷ এই দুৰ্ঘটনাক প্ৰত্যক্ষদৰ্শী এগৰাকী বাছ ড্ৰাইভাৰে দিয়া দুৰ্ঘটনাৰ বৰ্ণনা শুনিয়েই সচকিত বহুজন৷ ড্ৰাইভাৰ সুশীল কুমাৰে ঋষভৰ কাষলৈ আহি চিকিৎসালয়লৈ লৈ যোৱাতো সহায় কৰে৷ তেঁও ঋষভৰ সেই সময়ৰ অৱস্থাৰ বৰ্ণনা দি কয়, ‘দুৰ্ঘটনাটো মই নিজ চকুৰে প্ৰত্যক্ষ কৰিছো৷ দুৰ্ঘটনাত পতিত হৈয়েই ঋষভে কাঁচ ভাঙি ওলোৱাৰ চেষ্টা চলাই চিঞৰিছিল মই ঋষভ পণ্ট৷ লগে লগে আগবাঢ়ি গৈ ওলাই অহাত সহায় কৰিছিলো ঋষভক৷’
নিজেই মাৰ্ছিডিচ বাহন লৈ ডেৰাডুনলৈ গৈ আছিল ঋষভ৷ কিন্তু গাড়ী চলাই থাকোতেই টোপনি আহে ঋষভৰ৷ টোপনিতেই ৰাস্তাৰ ডিভাইডাৰত খুন্দা মাৰে ঋষভে৷ দুৰ্ঘটনাৰ কেইমিনিট পাছতেই দাউদাউকৈ জ্বলি উঠে বাহনখন৷
ঋষভ পন্থৰ মাতৃ উপস্থিত হৈছে হাস্পতালত
ঋষভ পন্থৰ ডেৰাডুনৰ মাক্স হাস্পতালত ভৰ্তি কৰা হৈছে ঋষভক৷ মাতৃও উপস্থিত হৈছে হাস্পতালখনত৷ পন্থৰ হাত, আঁঠু, মূৰত গুৰুতৰ আঘাত পোৱাৰ ছবিও সমগ্ৰতে ভাইৰেল৷ ইতিমধ্যে MRI কৰোৱা হৈছে ঋষভৰ৷ পিঠিৰ কেইবাটাও স্থানত আঘাত পাইছে ঋষভে৷ দুৰ্ঘটনাত পতিত হোৱাৰ সময়ত ঋষভৰ শৰীৰত পোছাক নাছিল৷ খালী গাৰেই মাটিত বাগৰি পৰিছিল ঋষভ বুলি জনাইছে বাছ ড্ৰাইভাৰ সুশীলে৷ সুশীলে মন্তব্যত কয়, ‘মই মানুহজনক মাটিত বাগৰি পৰা দেখো৷ প্ৰথমে ভাৱিছিলো মানুহজনৰ মৃত্যু হৈছে৷ গাড়ীখন তেতিয়ালৈ দাওদাওকৈ জ্বলিবলৈ আৰম্ভই হৈছিল৷ মই লগে লগে তেওঁক তুলি ধৰো৷ ঋষভক মই গাড়ীত আৰু কোনোবা আছে নেকি বুলি সোধোতে তেওঁ কোনো নাই বুলি জনালে৷ তেওঁ বাৰে বাৰে চিঞৰি উঠিছিল, মই ঋষভ পন্থ৷ মই ক্ৰিকেটৰ কথা বেছি নাজানো, কেৱল এজন মানুহ হিচাপে মই ঋষভক পাৰ্যমানে সহায় কৰিছিলো৷ সেই সময়ত ঋষভৰ শৰীৰত লংপেণ্টটোৰ বাবে একো নাছিল৷ মই মোৰ শ্বলখনেই তেওঁৰ গাত মেৰিয়াই দিছিলো৷’
এপছাও হাতত নথকা পন্টৰ কোনে হাতত তুলি দিছিল ধন?
সুশীলে লগতে কয়, ‘তেওঁৰ হাতত এপইছাও নাছিল৷ তেওঁ কৈছিল মোৰ বেগটোও নাই, হাতত এপছাও নাই৷ ঋষভে তেনেকৈ কোৱাৰ পাছতেই মই মোৰ জেপত হাত দিছিলো৷ মোৰ হাততো বৰ বেছি ধন নাছিল৷ সেয়ে আশে-পাশে গোট খোৱা মানুহখিনিৰ পৰা ৭-৮ হাজাৰ টকা গোটাই ঋষভৰ জেপত ভৰাই দিছিলো৷ আমাৰ মাজৰেই এজনে এম্বুলেঞ্চলৈ ফোন কৰি মাতিছিল৷ ১৫-২০ মিনিটতেই সেই স্থানত এম্বুলেঞ্চ উপস্থিত হৈছিল৷ লগে লগে আমি তেওঁক এম্বুলেঞ্চত তুলি দিলো৷ শৰীৰৰ পৰা তেজ বাগৰি আছিল৷ আমি নিজে কোনো ভিডিঅ’ নকৰিলো যদিও একাংশই সেই স্থানত কৰা ভিডিঅ’ পাছতহে দেখিছো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ