অসম লাইভ২৪ঃ ‘নিজেই বিবাহ বিচ্ছেদ দে অন্যথা তই নাথাকিবি!’ বিবাহ বিচ্ছেদ নিদিলে স্বামীৰ জীৱনলৈ সংকট নমাই আনিব বুলি ভাবুকি দিছে অফিচাৰ পত্নীয়ে। পত্নীয়ে দিয়া ভাবুকিৰ অভিযোগ লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দ্বাৰস্ত হৈছে উত্তৰপ্ৰদেশৰ চৰকাৰী কৰ্মচাৰী। কেৱল অভিযোগ দিয়াই নহয়, প্ৰয়াগৰাজৰ ধুমানগঞ্জ থানাতো অভিযোগ দাখিল কৰিছে ব্যক্তিগৰাকীয়ে। অভিযোগত চৰকাৰী কৰ্মচাৰীগৰাকীয়ে তেওঁৰ পত্নীয়ে চৰকাৰী কামত ঘোচ লোৱাৰ কথাও উল্লেখ কৰিছে।
অভিযোগকাৰী যুৱকজন বৰ্তমান উত্তৰপ্ৰদেশৰ পঞ্চায়ত কৰ্মচাৰী। তেওঁৰ পত্নী উত্তৰপ্ৰদেশৰ গৃহ বিভাগৰ এজন অফিচাৰ। চৰকাৰী কৰ্মীজনৰ অভিযোগ যে প্ৰায় প্ৰতিদিনেই তেওঁৰ পত্নী আৰু প্ৰেমিকে তেওঁক ফোন কৰি ধমকি দিয়ে। বিবাহ বিচ্ছেদ নিদিলে তেওঁক প্ৰাণে মৰাৰো ধমকি দিছে পত্নীয়ে। পত্নীৰ ভাবুকি পোৱাৰ পাছত আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ আনিছে ব্যক্তিজনে।
অভিযোগকাৰী স্বামীগৰাকী ধুমানগঞ্জ এলেকাৰ বাসিন্দা। ২০১০ চনত তেওঁ বাৰাণসীৰ এগৰাকী যুৱতীক বিয়া কৰাইছিল। বিবাহৰ পাছতেই তেওঁ পত্নীৰ পঢ়াশুনাৰ প্ৰতি আগ্ৰহ দেখি পঢ়োৱাবলৈ সিদ্ধান্ত লয়। এই সন্দৰ্ভত ব্যক্তিজনে কয়, ‘মই তেওঁৰ পঢ়াশুনাৰ প্ৰতি আগ্ৰহ দেখি আপ্লুত হৈছিলো। ভাৱিছিলো তেওঁ অফিচাৰ হ’লে মোৰো সপোনে পূৰ্ণতা পাব। মই নিজে সাধাৰণ কৰ্মচাৰী হৈ থাকিলো। তেঁৱেই কিবা এটা কৰক। সেয়ে মই প্ৰতাপগঞ্জত থাকিলেও তেওঁক প্ৰয়াগৰাজৰ এটা ভাল কোচিং চেণ্টাৰত ভৰ্তি কৰালো। আৰ্থিকভাৱে আমি বৰ স্বচ্ছল মানুহ নহয়। যেনেতেনে তেওঁৰ প্ৰয়োজনীয় টকাৰ যোগান ধৰিছিলো। ২০১৬ চনত তেওঁ বিশেষ পৰীক্ষাত উত্তীৰ্ণ হৈ মহকুমা অফিচাৰ হয়। প্ৰথমে প্ৰয়াগৰাজতেই কৰ্মৰত হৈ আছিল। পাছলৈ তেওঁ বৰেলীলৈ বদলি হয়।’
চৰকাৰী কৰ্মচাৰীগৰাকীৰ দাবী, ২০২০ চনৰ পৰা তেওঁৰ পত্নীয়ে এগৰাকী অফিচাৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। ২০২১ চনত স্বামীয়ে অফিচাৰ আৰু পত্নীক হাতেলোটে ধৰা পেলাই। তাৰপাছৰে পৰাই পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি ব্যক্তিজনক মাৰি পেলোৱাৰ ভাবুকি দি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ