সমগ্ৰ বিশ্বতে অৰ্থনীতিৰ পট সঘনাই পৰিৱৰ্তন হৈছে আৰু আজিৰ কথা কাইলৈ ফলৱৰ্তী নহ’বও পাৰে সেই কথাও গম পোৱা গৈছে। বিশ্ব বেংক, ভাৰত চৰকাৰ, IMF আদিয়ে যিয়েই নকওক কিয়, সমগ্ৰ বিশ্বই আজি আৰ্থিক পংগুতা আৰু অস্থিৰ দুৰ্ভিক্ষৰ ফালে গতি কৰিছে।
আৰ্থিক মহা দুৰ্ভিক্ষৰ ফালে আমি অগ্ৰসৰ হৈছো। গ্ৰাহক আৰু বিনিয়োগকাৰীৰ বিশ্বাস যদি আমি ঘূৰাই আনিব পাৰো আৰু ক’ভিড-১৯ নিয়ন্ত্ৰণ কৰিব পাৰো, তেনেহ’লে ২০২১/২২ চনত আমাৰ দেশে ৬%-৭% হাৰে আগবাঢ়িব পাৰিব। যদি ইয়াত বিফলতা আহি পৰে তেনেহ’লে বিকাশৰ হাৰ আগন্তুক ১০ বছৰত ২%-৪%হে হ’বগৈ বুলি আমি অনুমান কৰিছো। জনগণলৈ আগবঢ়োৱা সকলোবোৰ ডিজিটেল লাভালাভ জনগণৰ পৰিৱৰ্তে কাৰ্যালয়ৰ কৰ্মচাৰীৰ অনীহাত ধোঁৱাচাঙত উঠিব। তেনেস্থলত এই সুবিধা গ্ৰহণ কৰি চীন দেশে ৯.২% হাৰে আগবাঢ়ি যাব।
পশ্চিমীয়া দেশবোৰত যান্ত্ৰিক আৰু ঔদ্যোগিক বিপ্লৱৰ বিকাশ ঘটোতে ৪০ বছৰ লাগিছিল। কিন্তু চীন দেশৰ বিকাশ হওঁতে কেৱল মাত্ৰ একুৰি বছৰ লাগিছিল। তাকে বুজি দেশখনক ভাল পাবলৈ শিকক। ভাৰতৰ দৰে দেশ লক্ষ্যত উপনীত হ’বলৈ চাৰিটা বস্তুৰ অতীব প্ৰয়োজন-
১) কৰ্মচাৰীৰ সততা আৰু কৰ্মৰ প্ৰতি নিষ্ঠা আৰু দুৰ্নীতি নিবাৰণ
২) বিত্তীয় নীতি
৩) আৰ্থিক নীতি
৪) মুদ্ৰা আৰু অৰ্থ ব্যৱস্থাৰ সংস্কাৰ
তেতিয়াহে এই অৱস্থাৰ স্থায়ী সমাধান হ’ব। আৰ্থিক প্ৰভাৱে ভবাতকৈও অধিক দুৰ্দশাৰ সৃষ্টি কৰিব। পৰামৰ্শ হিচাপে বিশ্বৰ লেখতল’বলগীয়া অৰ্থনীতিবিদ Mr. Haus Timmer মহোদয়ে কৈছে যে-
ক) সকলোৰে বাবে খাদ্যৰ ব্যৱস্থা কৰা
খ) জীৱিকা আৰু স্থানীয়ভাৱে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা
গ) ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগবোৰক বচাই তোলা
ঘ) ৰিজাৰ্ভ বেংকৰ দ্বাৰা মুদ্ৰা বজাৰত নিয়ন্ত্ৰণ অনা
২০২২ চনলৈ আমাৰ দেশৰ অৰ্থনীতি ১.৫% হাৰতহে বৃদ্ধি পাব।
কুকুৰ চিকুণ গৃহস্থৰ যহ
আমাৰ দেশৰ অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদসকলে মুখনি মাৰিছে যে- দেশৰ অগ্ৰগতি আৰু বিকাশৰ ১.৯%ৰ পৰা ৫.১%ৰ ভিতৰত অৱস্থান কৰিব। হয়তো তেওঁলোকে ক’ভিড-১৯ৰ পাৰ্শ্বক্ৰিয়া আৰু সুদূৰপ্ৰসাৰী আগন্তুক প্ৰজন্মৰ কথা বিবেচনা কৰা নাই!
ক’ৰোনাৰ আয়ুস ইমানেই দীঘলীয়া হ’ব পাৰে যে কোনোধৰণৰ সমাধান সূত্ৰ নোলাবও পাৰে। সকলোধৰণৰ চলিত অৰ্থনীতিৰ সূত্ৰ আজি ‘অচল’ হৈ পৰিল। নতুন পচন্দ মষিমূৰ কৰিব। মই আচৰিত পাইছো, ইমান সাংঘাতিক এটা বিশ্বব্যাপি হোৱা ভয়ংকৰ পৰিৱৰ্তনৰ প্ৰতি কিছু লোকৰ সমূলি সংশয় দেখা পোৱা নাই।
এতিয়া আহো মূলসুঁতিলৈ। ঘৰতে বহি যিসকল কৰ্মযোগীয়ে নিজৰ সেৱা আগবঢ়াব পাৰে, সেইসকলে নিজৰ সেৱা ভালদৰে উৎপাদনমূলক কামলৈ আগবঢ়াব পাৰে। কাৰ্যালয়বিলাকত ৩০%-৪০% লোকৰ আগমনে বাকীসকলৰ মানসিক স্খলন ঘটাব আৰু বাকীসকলৰ কাৰণে ল’ৰা-ছোৱালী আপডাল কৰা, পৰিবহণ ব্যয় হ্ৰাস কৰা ইত্যাদি দিশ থাকিলেও কৰ্মক্ষম লোকৰ অৰিহণা বিনষ্ট হ’ব। ভাৰতবৰ্ষত ৫৩% লোক এইবোৰ বিষয়ত সাংঘাতিক আশাবাদী। কেৱল মাত্ৰ মতি-গতি দুৰ্বল হোৱা মানুহৰ যেনেকৈ কোনো স্থিৰতা নাথাকে ঠিক তেনেকৈ অৰ্থনীতিৰ এটা সূত্ৰই কৈছে যে (AW Philip Curveৰ মতে) যদি অৰ্থনীতি সবল হ’বলৈ পায়, তেনেহ’লে ধাৰাসাৰ মুদ্ৰাস্ফীতি হ’ব আৰু নিয়োগ হ্ৰাস পাব। অৰ্থনীতি বিকাশে নিয়োগ বৃদ্ধি কৰিব, অধিক কৰ্মসংস্থান হ’ব আৰু ন্যূনতম নিবনুৱাৰ সৃষ্টি হ’ব। কিন্তু ১৯৭০ চনৰ Stagflation-এ এইটো প্ৰমাণ কৰিলে যে অধিক মুদ্ৰাস্ফীতিয়ে নিবনুৱাৰ সৃষ্টি কৰিলে আৰু লগতে চাহিদাৰ স্থিতি স্থৱিৰ কৰিলে। মূল্যৰ ভিত্তিত হোৱা মুদ্ৰাস্ফীতিয়ে কেতিয়াবা নিবনুৱা সৃষ্টি কৰে কেতিয়াবা মজুৰি বৃদ্ধিত অৰিহণা যোগায়। কোম্পানীবিলাকৰ ব্যয় দুগুণলৈ বৃদ্ধি পায়। ভাৰতবৰ্ষত বৰ্তমান স্থিতিত এনে এটা ভয়াৱহ ঘটনা ঘটাৰ সম্ভাৱনা আছে। ই সাময়িকভাৱেহে ঘটিব পাৰে। ইয়ো বিকাশৰ অন্তৰায় হ’ব পাৰে। বৰ্তমান এই কথা কোৱা কঠিন। গতিকে পৰৱৰ্তী আলোচনাত আমি দেশখনে কেনেকৈ উদ্ধাৰ পাব পাৰে তাৰ বিষয়ে কিছু কথা ফঁহিয়াই আলোচনা কৰিম।
(ক্ৰমশঃ)
(লেখক ড০ অমল কে বৰপূজাৰী অসমৰ এগৰাকী আগশাৰীৰ বাণিজ্য আৰু বিত্ত বিশ্লেষক)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ