• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

6 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

8 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

9 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

9 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

10 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

11 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

11 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

12 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

13 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

14 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

14 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

15 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে

কোভিড-১৯ৰ পাৰ্শ্বক্ৰিয়া

editor by editor
July 8, 2020
in লেখা
0
ঘনে ঘনে বিশ্বৰ অৰ্থনীতিৰ পট পৰিৱৰ্তন হৈছে
15
SHARES
96
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বতে অৰ্থনীতিৰ পট সঘনাই পৰিৱৰ্তন হৈছে আৰু আজিৰ কথা কাইলৈ ফলৱৰ্তী নহ’বও পাৰে সেই কথাও গম পোৱা গৈছে। বিশ্ব বেংক, ভাৰত চৰকাৰ, IMF আদিয়ে যিয়েই নকওক কিয়, সমগ্ৰ বিশ্বই আজি আৰ্থিক পংগুতা আৰু অস্থিৰ দুৰ্ভিক্ষৰ ফালে গতি কৰিছে।

আৰ্থিক মহা দুৰ্ভিক্ষৰ ফালে আমি অগ্ৰসৰ হৈছো। গ্ৰাহক আৰু বিনিয়োগকাৰীৰ বিশ্বাস যদি আমি ঘূৰাই আনিব পাৰো আৰু ক’ভিড-১৯ নিয়ন্ত্ৰণ কৰিব পাৰো, তেনেহ’লে ২০২১/২২ চনত আমাৰ দেশে ৬%-৭% হাৰে আগবাঢ়িব পাৰিব। যদি ইয়াত বিফলতা আহি পৰে তেনেহ’লে বিকাশৰ হাৰ আগন্তুক ১০ বছৰত ২%-৪%হে হ’বগৈ বুলি আমি অনুমান কৰিছো। জনগণলৈ আগবঢ়োৱা সকলোবোৰ ডিজিটেল লাভালাভ জনগণৰ পৰিৱৰ্তে কাৰ্যালয়ৰ কৰ্মচাৰীৰ অনীহাত ধোঁৱাচাঙত উঠিব। তেনেস্থলত এই সুবিধা গ্ৰহণ কৰি চীন দেশে ৯.২% হাৰে আগবাঢ়ি যাব।

পশ্চিমীয়া দেশবোৰত যান্ত্ৰিক আৰু ঔদ্যোগিক বিপ্লৱৰ বিকাশ ঘটোতে ৪০ বছৰ লাগিছিল। কিন্তু চীন দেশৰ বিকাশ হওঁতে কেৱল মাত্ৰ একুৰি বছৰ লাগিছিল। তাকে বুজি দেশখনক ভাল পাবলৈ শিকক। ভাৰতৰ দৰে দেশ লক্ষ্যত উপনীত হ’বলৈ চাৰিটা বস্তুৰ অতীব প্ৰয়োজন-

১) কৰ্মচাৰীৰ সততা আৰু কৰ্মৰ প্ৰতি নিষ্ঠা আৰু দুৰ্নীতি নিবাৰণ

২) বিত্তীয় নীতি

৩) আৰ্থিক নীতি

৪) মুদ্ৰা আৰু অৰ্থ ব্যৱস্থাৰ সংস্কাৰ

তেতিয়াহে এই অৱস্থাৰ স্থায়ী সমাধান হ’ব। আৰ্থিক প্ৰভাৱে ভবাতকৈও অধিক দুৰ্দশাৰ সৃষ্টি কৰিব। পৰামৰ্শ হিচাপে বিশ্বৰ লেখতল’বলগীয়া অৰ্থনীতিবিদ Mr. Haus Timmer মহোদয়ে কৈছে যে-

ক) সকলোৰে বাবে খাদ্যৰ ব্যৱস্থা কৰা

খ) জীৱিকা আৰু স্থানীয়ভাৱে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা

গ) ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগবোৰক বচাই তোলা

ঘ) ৰিজাৰ্ভ বেংকৰ দ্বাৰা মুদ্ৰা বজাৰত নিয়ন্ত্ৰণ অনা

২০২২ চনলৈ আমাৰ দেশৰ অৰ্থনীতি ১.৫% হাৰতহে বৃদ্ধি পাব।

কুকুৰ চিকুণ গৃহস্থৰ যহ

আমাৰ দেশৰ অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদসকলে মুখনি মাৰিছে যে- দেশৰ অগ্ৰগতি আৰু বিকাশৰ ১.৯%ৰ পৰা ৫.১%ৰ ভিতৰত অৱস্থান কৰিব। হয়তো তেওঁলোকে ক’ভিড-১৯ৰ পাৰ্শ্বক্ৰিয়া আৰু সুদূৰপ্ৰসাৰী আগন্তুক প্ৰজন্মৰ কথা বিবেচনা কৰা নাই!

ক’ৰোনাৰ আয়ুস ইমানেই দীঘলীয়া হ’ব পাৰে যে কোনোধৰণৰ সমাধান সূত্ৰ নোলাবও পাৰে। সকলোধৰণৰ চলিত অৰ্থনীতিৰ সূত্ৰ আজি ‘অচল’ হৈ পৰিল। নতুন পচন্দ মষিমূৰ কৰিব। মই আচৰিত পাইছো, ইমান সাংঘাতিক এটা বিশ্বব্যাপি হোৱা ভয়ংকৰ পৰিৱৰ্তনৰ প্ৰতি কিছু লোকৰ সমূলি সংশয় দেখা পোৱা নাই।

এতিয়া আহো মূলসুঁতিলৈ। ঘৰতে বহি যিসকল কৰ্মযোগীয়ে নিজৰ সেৱা আগবঢ়াব পাৰে, সেইসকলে নিজৰ সেৱা ভালদৰে উৎপাদনমূলক কামলৈ আগবঢ়াব পাৰে। কাৰ্যালয়বিলাকত ৩০%-৪০% লোকৰ আগমনে বাকীসকলৰ মানসিক স্খলন ঘটাব আৰু বাকীসকলৰ কাৰণে ল’ৰা-ছোৱালী আপডাল কৰা, পৰিবহণ ব্যয় হ্ৰাস কৰা ইত্যাদি দিশ থাকিলেও কৰ্মক্ষম লোকৰ অৰিহণা বিনষ্ট হ’ব। ভাৰতবৰ্ষত ৫৩% লোক এইবোৰ বিষয়ত সাংঘাতিক আশাবাদী। কেৱল মাত্ৰ মতি-গতি দুৰ্বল হোৱা মানুহৰ যেনেকৈ কোনো স্থিৰতা নাথাকে ঠিক তেনেকৈ অৰ্থনীতিৰ এটা সূত্ৰই কৈছে যে (AW Philip Curveৰ মতে) যদি অৰ্থনীতি সবল হ’বলৈ পায়, তেনেহ’লে ধাৰাসাৰ মুদ্ৰাস্ফীতি হ’ব আৰু নিয়োগ হ্ৰাস পাব। অৰ্থনীতি বিকাশে নিয়োগ বৃদ্ধি কৰিব, অধিক কৰ্মসংস্থান হ’ব আৰু ন্যূনতম নিবনুৱাৰ সৃষ্টি হ’ব। কিন্তু ১৯৭০ চনৰ Stagflation-এ এইটো প্ৰমাণ কৰিলে যে অধিক মুদ্ৰাস্ফীতিয়ে নিবনুৱাৰ সৃষ্টি কৰিলে আৰু লগতে চাহিদাৰ স্থিতি স্থৱিৰ কৰিলে। মূল্যৰ ভিত্তিত হোৱা মুদ্ৰাস্ফীতিয়ে কেতিয়াবা নিবনুৱা সৃষ্টি কৰে কেতিয়াবা মজুৰি বৃদ্ধিত অৰিহণা যোগায়। কোম্পানীবিলাকৰ ব্যয় দুগুণলৈ বৃদ্ধি পায়। ভাৰতবৰ্ষত বৰ্তমান স্থিতিত এনে এটা ভয়াৱহ ঘটনা ঘটাৰ সম্ভাৱনা আছে। ই সাময়িকভাৱেহে ঘটিব পাৰে। ইয়ো বিকাশৰ অন্তৰায় হ’ব পাৰে। বৰ্তমান এই কথা কোৱা কঠিন। গতিকে পৰৱৰ্তী আলোচনাত আমি দেশখনে কেনেকৈ উদ্ধাৰ পাব পাৰে তাৰ বিষয়ে কিছু কথা ফঁহিয়াই আলোচনা কৰিম।

(ক্ৰমশঃ)

(লেখক ড০ অমল কে বৰপূজাৰী অসমৰ এগৰাকী আগশাৰীৰ বাণিজ‍্য আৰু বিত্ত বিশ্লেষক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amal k borpujaricoronaworld economy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?
অসম

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

May 21, 2026
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

May 20, 2026
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?
জীৱনশৈলী

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

May 20, 2026
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?
জীৱনশৈলী

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

May 20, 2026
Next Post
কাৰাৰুদ্ধ পুত্ৰৰ মুক্তিৰ দাবীত অশীতিপৰ মাতৃ

কাৰাৰুদ্ধ পুত্ৰৰ মুক্তিৰ দাবীত অশীতিপৰ মাতৃ

৫৬ ইঞ্চিৰ বহল বুকুত চোক কম, হাৱা বেছি!

৫৬ ইঞ্চিৰ বহল বুকুত চোক কম, হাৱা বেছি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.