অসম লাইভ ২৪ঃ
ক্ৰীড়াঃ আজি চেন্নাই আৰু গুজৰাট দলৰ মাজত অনুষ্ঠিত হ’বলৈ গৈ আছে বহু প্ৰতিক্ষীত ফাইনেল। কিন্তু, দুৰ্ভাগ্যবশতঃ আজিও যদি বৰষুণ হয়, তেন্তে ক্ষতিগ্ৰস্ত হ’ব পাৰে চেন্নাই!
উল্লেখ্য যে, দেওবাৰে নিশা ১১ বজালৈকে ফাইনেল খেলখনৰ বাবে দৰ্শকক অপেক্ষাৰত অৱস্থাত দেখা গ’ল। কিন্তু মেচ চোৱাত বৰষুণে বিধি-পথালি দিলে।
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, নিশা ৮ বজাৰ পিছত পাতলকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু বৰ্তমান বৰষুণৰ সম্ভাৱনা কম। কিন্তু আজিও যদি খেলখন অনুষ্ঠিত কৰিব পৰা নাযায়, তেন্তে চেন্নাই চুপাৰ কিংছৰ বাবে ই হ’ব বৃহৎ ক্ষতি। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, যদি মেচখন অনুষ্ঠিত নহয়, তেন্তে পইণ্ট টেবুলক শীৰ্ষ দল গুজৰাট টাইটানছক বিজয়ী ঘোষণা কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ