অসম লাইভ ২৪ঃ পল্লৱী, জুবলী, নেহা, নয়ন, নিপম, কৌশিক, মনোজ, মৃগাংক, সঞ্জীৱ, বিচিত্ৰহঁতৰ বাবে খবৰটো ভালো হ’ব পাৰে, বেয়াও হ’ব পাৰে। এওঁলোকৰ দৰে বিয়া পাতিম পাতিম বুলি বছৰৰ পাছত বছৰ খেদাসকলৰ জীৱনলৈ সোণালী সুযোগো আহিব পাৰে, লৌহ কঠিন বাস্তৱৰো মুখামুখি হ’ব পাৰে। শীঘ্ৰেই ভাৰতত বিবাহৰ বয়স সলনিৰ সম্ভাৱনা আছে। অৱশ্যে নিপম, কৌশিকহঁতে এই বিষয়ক লৈ বিশেষ চিন্তা কৰিব নালাগে। ছোৱালীৰ ঘৰে বৃদ্ধ বুলি নাভাবিলে তেওঁলোকৰ বিয়া হ’বও পাৰে। চৰকাৰে ছোৱালীৰ বিবাহৰ বয়সহে সলনিৰ চিন্তা-চৰ্চা কৰিছে। বৰ্তমান ভাৰতীয় হিন্দু বিবাহ আইন অনুসৰি ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স ১৮ বছৰ। কিন্তু এই বয়সক লৈ পুনৰ চিন্তা-চৰ্চা আৰম্ভ কৰিছে চৰকাৰে। ইতিমধ্যে ছোৱালীৰ বিয়াৰ উপযুক্ত বয়স নিৰ্ণয়ৰ বাবে কমিটী গঠন কৰি দিছে চৰকাৰে। কমিটীৰ প্ৰতিবেদন লাভ কৰাৰ পাছতে আইন সালসলনিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই কমিটীয়ে নিৰ্ধাৰণ নকৰে বিচিত্ৰ, মনোজৰ দৰে ডেকাসকলক ৬৫-৬৬ বছৰ বয়সত বিয়া পতাৰ অনুমতি দিব নে নিদিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ