অসম লাইভ ২৪ঃ মাস্ক নিপিন্ধি বিপদত পৰিছে ৰাষ্ট্ৰপতি। ভৰিব লগা হৈছে অৰ্থ দণ্ড। বিশ্বজুৰি ঘটা ক’ৰোনা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশে দেশে মাস্ক পৰিধান বাধ্যতামূলক।
কিন্তু এই বিধিকে উলংঘন কৰিলে চিলিৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়াম পিনয়েৰাই। ডিচেম্বৰৰ পহিলাতে ৰাষ্ট্ৰপতিৰ এখন ছেলফি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ফটোখনত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এগৰাকী মহিলাকো দেখা গৈছে। ফটোত ৰাষ্ট্ৰপতি আৰু মহিলাগৰাকীৰ মুখত নাই মাস্ক।
ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাৰ বাবে ক্ষমা বিচাৰিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই ৩৫০০ ডলাৰ জৰিমনা বিহে চিলিৰ ৰাষ্ট্ৰপতি ছেবাষ্টিয়াম পিনয়েৰাক। উল্লেখ্য চিলিত মাস্ক পৰিধান নকৰিলে জৰিমনাৰ উপৰি জে’ল দিয়াৰ নিয়ম বলৱৎ হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ