কেৰেলাৰ তিৰুৱনন্তপুৰমৰ ৱলিয়াথুৰা অঞ্চলৰ তিনিজন লোকক কনভেণ্ট হোষ্টেলত প্ৰৱেশ কৰি তিনিগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই চৌহদৰ দেৱালৰ ওপৰেৰে জঁপিয়াই ছাত্ৰীকেইগৰাকীয়ে থকা কোঠাবোৰত প্ৰৱেশ যৌন নিৰ্যাতন চলায়।
ইতিমধ্যে ঘটনা সন্দৰ্ভত কাদিনামকুলাম আৰক্ষীয়ে চাৰি অভিযুক্ত ক্ৰমে মাৰ্চন, অৰুণ আৰু ৰেঞ্জিথৰ বিৰুদ্ধে যৌন অপৰাধৰ বিৰুদ্ধে শিশু সুৰক্ষা আইন (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ২৪ আগষ্ট বুধবাৰে আৰক্ষীয়ে নিশা টহল দি থকাৰ সময়ত কনভেণ্ট হোষ্টেলত দুজন লোকে প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰে৷ পিছত আৰক্ষীয়ে তেওঁলোকক জিম্মাত লৈ সোধা-পোছা কৰাৰ পাছতে এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ঘটনাৰ সময়ত অভিযুক্তকেইজনে মদ্যপান কৰি থকা বুলিও আৰক্ষীয়ে সদৰী কৰিছে৷
লগতে পঢ়ক পত্নীলৈ ভয় স্বামীৰ! ১০০ ফুট উচ্চতাৰ তাল গছতে জীৱন কটাই স্বামীয়ে
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তসকলৰ এজনৰ কনভেণ্টৰ হোষ্টেলৰ এগৰাকী ছাত্ৰীৰে বন্ধুত্ব আছিল। কনভেণ্ট হোষ্টেলত দুয়ো গোপনে সাক্ষাৎ কৰিছিল, তাৰ পিছত তেওঁ দুই বন্ধুক হোষ্টেললৈ ভিতৰলৈ নিমন্ত্ৰণ কৰে। অভিযুক্তকেইজনে প্ৰথম অৱস্থাত ছাত্ৰীসকলৰ সৈতে লগত বন্ধুত্ব কৰে।
তাৰ পিছত, তেওঁলোকে হোষ্টেললৈ সুৰা আনি নিজে পান কৰাৰ লগতে ছাত্ৰীকেইগৰাকীকো মদ্যপান কৰোৱাই যৌন নিৰ্যাতন চলায়। আৰক্ষীয়ে কনভেণ্ট হোষ্টেলত প্ৰৱেশ কৰিবলৈ লোককেইজনে আন কোনো লোকৰ পৰা সহায় লাভ কৰিছিল নেকি তাৰো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















