ৰাজ্যত ইছলামিক জেহাদীৰ সংখ্যা আৰু কাৰ্য-কলাপ ক্ৰমাৎ বৃদ্ধি পাই আহিছে৷ ৰাজ্যৰ নামনি অঞ্চলত বিভিন্ন সময়ত জেহাদীৰ কাৰ্য-কলাপ বৃদ্ধি পাই অহা বুলি বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে অসম আৰক্ষীয়ে পুনৰ তিনি জেহাদীক গ্ৰেপ্তাৰ কৰিছে৷
বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জালত ৩ জনকৈ জেহাদীক।
উল্লেখ্য যে কিছুদিনৰ পূৰ্বে ত্ৰিপুৰাত গ্ৰপ্তাৰ কৰা ৩ আণচাৰুল বাংলা টিমৰ সদস্যৰ স্বীকাৰোত্তিৰ পিছতেই অসম আৰক্ষীয়ে অসমত জেহাদীৰ কাৰ্য-কলাপ আৰু সংখ্যা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰিছিল।
লগতে পঢ়ক আহিব নেকি তৃতীয়টো ঢৌ! একেদিনাই দেশত ৯০ শতাংশ কোভিড আক্ৰান্তৰ বৃদ্ধি
সম্প্ৰতি যোগাঘোপা থানাত ৫৬/২২ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৩ জেহাদীক তদন্তৰ লগতে জেৰাও অব্যাহত কৰি আছে। ২০২২ চনৰ ৮ এপ্ৰিল তাৰিখে বঙাইগাঁও আৰক্ষীয়ে ত্ৰিপুৰাৰ চিপাহী জিলাৰ পৰা আটক কৰে এই ৩ জেহাদীক।
বৰপেটাত গ্ৰেপ্তাৰ হোৱা ধৃত জেহাদীৰ স্বীকাৰোক্তিত লাভ কৰা তথ্যৰ ভিত্তিত তিনিওৰে সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে তিনিওজনে যোৱা জানুৱাৰী, ফেব্ৰুৱাৰী মাহত বঙাইগাঁও জিলাৰ অভয়াপুৰী, যোগীঘোপা আদি বিভিন্ন অঞ্চলত বাহৰ পাতি জেহাদীৰ কাৰ্যকলাপ চলাই আছিল৷
লগতে পঢ়ক প্ৰকৃত সোণ-ৰূপৰ ফুলেৰে আলিয়াৰ বিয়াৰ পোছাক কোনে প্ৰস্তুত কৰিছিল?
অল-কায়দাৰে সম্পৰ্ক থকা এবিটি নামৰ সংগঠনটোৱে ইতিমধ্যে বঙাইগাঁও জিলাত শ্লীপাৰ চেল স্থাপন কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে৷ জেহাদী সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ বিভিন্ন ব্লু-প্ৰিণ্ট সাজু কৰিছিল বুলি সন্দেহ কৰিছে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই৷
ধৃত তিনিওকে সোমবাৰে বঙাইগাঁও আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ