১২ মাৰ্চত অন্ত পৰিব ৩ ৰাশিৰ দীঘলীয়া সংগ্ৰামৰ, খোল খাব সুখৰ দ্বাৰ
২০২৫ চনৰ ১২ মাৰ্চ বুধবাৰে দুটা গ্ৰহৰ যোৰ শূন্য ডিগ্ৰীত ইটোৱে সিটোক লগ হৈ সম্পূৰ্ণ সংযোগ গঠন কৰিব। এই গ্ৰহবোৰ হ’ল – বুধ-শুক্ৰ আৰু সূৰ্য্য-শনি। জ্যোতিষীসকলৰ মতে একেদিনাই দুটা গ্ৰহৰ সম্পূৰ্ণ সংযোগ এক বিৰল আৰু অত্যন্ত আকৰ্ষণীয় জ্যোতিষীয় ঘটনা।
একেদিনাই বুধ-শুকুৰ আৰু সূৰ্য্য-শনি গ্ৰহৰ সম্পূৰ্ণ সংযোগে ব্যক্তিজনক বুদ্ধিমান, কলাত্মক, অনুশাসিত আৰু সফল কৰি তোলাত সহায়ক বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা ।
বৈদিক জ্যোতিষত গ্ৰহৰ সংযোগৰ বিশেষ গুৰুত্ব আছে কাৰণ ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত ব্যাপক। ১২ মাৰ্চত গঠিত বুধ-শুকুৰ আৰু সূৰ্য্য-শনিৰ সংযোগে বিশেষকৈ ৩টা ৰাশিৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে।
বৃষ ৰাশি
বুধ-শুক্ৰ আৰু সূৰ্য-শনিৰ সংগমৰ বাবে বৃষ ৰাশিৰ লোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থাকে। ব্যৱসায়ত নতুন সুযোগ উপলব্ধ হ’ব, যাৰ ফলত আৰ্থিক অৱস্থা উন্নত হ’ব। যদি আপুনি শিল্প, সংগীত বা ফেশ্বনৰ সৈতে জড়িত তেন্তে এই সময় বিশেষভাৱে লাভজনক হ’ব। প্ৰেমৰ সম্পৰ্কত বুজাবুজি বাঢ়িব।
কৰ্কট ৰাশি
গ্ৰহসমূহৰ সম্পূৰ্ণ সংযোগৰ বাবে কৰ্কট ৰাশিৰ লোকসকলৰ জীৱনলৈ বহুতো ইতিবাচক পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। নতুন উৎসৰ পৰা আয় বৃদ্ধি পাব, আৰু বিলাসী বস্তুত খৰচ কৰাৰ সুযোগ পাব। আপুনি পৰিয়ালৰ প্ৰতি থকা দায়িত্ব সফলতাৰে পালন কৰিব, যাৰ ফলত পৰিয়ালত সন্মান বৃদ্ধি পাব। ধৈৰ্য্য আৰু অনুশাসন আপোনাৰ ব্যক্তিত্বত বৃদ্ধি পাব, যাৰ ফলত জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব। সমাজত আপোনাৰ সুনাম বাঢ়িব, আৰু সামাজিক অনুষ্ঠানত আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।
কন্যা ৰাশি
কন্যা ৰাশিৰ প্ৰভু বুধ, সেয়েহে এই ৰাশিৰ লোকৰ ওপৰত বুধ আৰু শুক্ৰৰ সংযোগৰ প্ৰভাৱ বিশেষভাৱে ফলপ্ৰসূ। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু সৃষ্টিশীলতাৰ প্ৰশংসা কৰা হ’ব, যিয়ে উন্নতিৰ পথ প্ৰশস্ত কৰিব। ব্যৱসায়ীসকলৰ ব্যৱসায়ত সুস্থিৰতা থাকিব। উপাৰ্জনৰ নিৰ্দিষ্ট উৎস থাকিব। আপোনাৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া হ’ব, আৰু আপুনি স্থায়ী সফলতাৰ পথত আগবাঢ়িব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, যিয়ে আপোনাক দৃঢ়তাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত সহায় কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ