অসম লাইভ ২৪ঃ মিডিয়াক কোৱা হয় গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। কিন্তু ভাৰতত গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মিডিয়া তথা সংবাদ মাধ্যমৰ অৱস্থা একেবাৰে বিপদাপন্ন। কিয়নো ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাধিক সংবাদ মাধ্যমে নিজৰ চৰিত্ৰ পাহৰি এতিয়া একপক্ষীয়ভাৱে মোদী চৰকাৰৰ গুণ-গান গাই কেৱল হিন্দুত্ববাদক প্ৰচাৰ-প্ৰসাৰত লাগিছে ভাৰতবৰ্ষত। মুছলমানক হেয় জ্ঞান কৰি ভাৰতক হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ এক অলৌকিক সপোনক মোদী চৰকাৰৰ হৈ হাত উজান দিছে একাংশ সংবাদ মাধ্যমে। যিবোৰ সংবাদ মাধ্যমক আজিৰ সময়ত উপলুঙাসূচক ভাৱে কোৱা হয় “গোদী মিডিয়া”। তাৰে এটা অন্যতম গোদী মিডিয়াৰ বদনামৰ ভাৰ থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতৰ সংবাদ প্ৰতিষ্ঠানৰ নাম হৈছে “Z News”। Z news ৰে অন্তৰ্গত এটা অনুষ্ঠানৰ নাম হৈছে DNA। যি অনুষ্ঠানৰ এংকৰ হৈছে সুধীৰ চৌধুৰী। কিন্তু এই সুধীৰ চৌধুৰীক এইবাৰ UAEৰ ৰাজকুমাৰীয়ে কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চূড়ান্ত অপমান। ঘটনা আছিল এনেধৰণৰ চৌদি আৰবৰ আবু ধাবিত অনুষ্ঠিত হ’ব লগা আছিল “চাৰ্টাৰ্ড একাউনটেণ্ট”ৰ এখন হাইপ্ৰফাইল পে’নাল ডিষ্কাচন অনুষ্ঠান। য’ত অনুষ্ঠানটোৰ মুখ্য বক্তা হিচাপে নিমন্ত্ৰণ দিয়া হৈছিল DNA ৰ এংকৰ সুধীৰ চৌধুৰীক। কিন্তু শেহতীয়াভাৱে সুধীৰ চৌধুৰীক এই অনুষ্ঠানত উপস্থিত থকাত বাধা প্ৰদান কৰিলে UAEৰ ৰাজকুমাৰীৰে। কেৱল চৌধুৰীৰ উপস্থিতিত বাধা দিয়াই নহয়, ৰাজকুমাৰীগৰাকীয়ে বাধা পত্ৰ আপলোড কৰিছিল নিজৰ টুইটাৰ একাউন্টটোত। য’ত স্পষ্টকৈ লিখা আছিল যে সুধীৰ চৌধুৰী এজন আনপ্ৰফেশ্যনেল সাংবাদিক হোৱাৰ ওপৰিও মিছা খবৰ প্ৰচাৰ কৰো সাংবাদিক। লগতে আৰু লিখিছে যে জিন্দাল গ্ৰুপৰ পৰা ধন লোৱাৰ অপৰাধত ইতিমধ্যে ১৫ দিনকৈ তিহাৰ জে’লত কাৰাবাস খাটি আহিছে সাংবাদিক সুধীৰ চৌধুৰীয়ে বুলি পত্ৰখনত উল্লেখ আছে। ইয়াৰ ওপৰিও সুধীৰ চৌধুৰী এজন সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সাংবাদিক হোৱাৰ লগতে তেওঁ এজন চৰম মুছলমান বিৰোধী সাংবাদিক। এনেদৰে আৰু বহুতো উদাহৰণেৰে DNA সাংবাদিক সুধীৰ চৌধুৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চূড়ান্ত অপমান কৰে UEAৰ ৰাজকন্যাই। আৰু এনে অপমানৰ পিছত সুধীৰ চৌধুৰীৰ কি প্ৰতিক্ৰিয়া থাকিব সেইয়া কিন্তু পিছৰ পৰ্যায়ত চাব লগীয়া হ’ব।
Click Here for more:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ