দেশ সংকটত৷ দেশৰ জনতাৰ জীৱন বিপন্ন৷ চাৰিওফালে আক্ৰমণকাৰী ৰাছিয়াৰ বোমা, বাৰুদ, গোলা বৰ্ষণত বিধ্বস্ত দেশ বৈধ্যভূমিত পৰিণত হৈছে৷
এনে সময়তে দেশৰ সৈন্য বাহিনীৰ মনোবল বৃদ্ধি কৰিবলৈ সামৰিক পোছাক আৰু বুলেটপ্ৰুফ জাকেট পৰিধান কৰি সৈন্য বাহিনীৰ সৈতে যুদ্ধ ক্ষেত্ৰত পৰিভ্ৰমণ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে৷
যুদ্ধ বিমানেৰে ইটোৰ পিছত সিটো ইউক্ৰইনৰ সামৰিক ঘাটি, বিমান ঘাটি আৰু অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰি গৈ আছে ৰাছিয়াই৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে ৰাছিয়ান সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখলৰ প্ৰায় নিশ্চিত বুলি আশংকা কৰিছে৷
ঠিক তেনে এক সময়তে শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আত্মগোপন কৰা বুলিও এক বাতৰি বিয়পি পৰিছিল৷ আত্মৰক্ষাৰ বাবে দেশ এৰি পলায়ন কৰা বুলি বাতৰি উলাইছিল৷
কিন্তু এই সকলো ভুৱা বাতৰিক নস্যাৎ কৰি ৰাষ্ট্ৰপতি জেলেনস্কিক ৰাজপথৰ লগতে সৈন্য বাহিনীৰ সৈতে দেখা গ’ল৷ সামৰিক পোছাক আৰু বুলেটপ্ৰুফ জাকেট পিন্ধি সৈন্য বাহিনীৰ মনোবল বৃদ্ধিৰ লগতে দেশ ৰক্ষাৰ পণ লৈ সেনা বাহিনীৰ মাজে মাজে ঘূৰি ফুৰিছে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে৷
ইফালে শুকুৰবাৰে পুৱাই ৰাজপথৰ পৰাই এক ভিডিঅ’ যোগে জেলেনস্কিয়ে দেশৰ জনতাৰ কাষত থকা বুলি ঘোষণা কৰিছে৷ ‘‘মই ক’লৈকো পলায়ন কৰা নাই৷ মই আপোনালোকৰ মাজত থাকিয়ে ইউক্ৰেইনক ৰক্ষা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰি আছো৷’’ ৰাষ্ট্ৰপতি জলেনেস্কিয়ে দেশবাসীক উদ্দ্যেশি কয়৷
উল্লেখ্য যে ৰাষ্ট্ৰপতি জেলেনস্কিৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী, সামৰিক বাহিনীৰ মুৰব্বীসকলে দেশ ৰক্ষাৰ বাবে বিভিন্ন কৌশল প্ৰস্তুত কৰাত ব্যস্ত আছে৷
ইউক্ৰেইন সেনাৰ টুইটাৰ হেণ্ডলত আপলোড কৰা ভিডিঅ’ত লগতে কোৱা হৈছে ‘‘আমি সকলোৱে লগতে আছো। আমাৰ সেনাও আছে। আমি সকলোৱে আমাৰ দেশ আৰু আমাৰ স্বাধীনতা ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈছো।’’
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামৰিক সাহায্য সম্পৰ্কে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতেও আলোচনা কৰা বুলি প্ৰকাশ কৰিছে৷
ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ এই ভিডিঅ’ৰ পিছতে সমগ্ৰ বিশ্বজুৰি তেওঁৰ দৃঢ়তা আৰু ৰাষ্ট্ৰ আৰু জনতাৰ প্ৰতি উচ্ছৰ্গিত জীৱনৰ বিষয়ে আলোচনা হৈছে৷ ৰাষ্ট্ৰৰ এই সংকটৰ সময়ত দেশক সন্মুখনৰ পৰা নেতৃত্ব প্ৰদান কৰি চৰ্চিত হৈছে জেলেনস্কি৷
ইফালে ৰাছিয়াই আক্ৰমণ ক্ৰমশঃ তীব্ৰতৰ কৰি তুলিছে৷ ৰাজধানী কীয়েভ দখলৰ বাবে ৰাছিয়াই আকাশী পথেৰে আক্ৰমণ অধিক তীব্ৰ কৰি তুলিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ মতে বোমা বিস্ফোৰণৰ শব্দত কীয়েভৰ আকাশ বতাহ কঁপি উঠিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ