• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

editor by editor
April 4, 2022
in বিবিধ, বিশ্ব
0
অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ
0
SHARES
407
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ পৰা এক শতিকাৰো আগতে আটলাণ্টিক মহাসাগৰৰ গভীৰতাত এংলো-আইৰিছ অভিযাত্ৰী ছাৰ আৰ্নেষ্ট শ্বেকেল্টনৰ কাঠৰ জাহাজ ‘এণ্ডুৰেঞ্চ’ বৰফৰ মাজত আৱদ্ধ হোৱাৰ পিছতে হেৰাই গৈছিল।

শেহতীয়াকৈ এই অন্তৰ্ধান হোৱা এই কাঠৰ জাহাজখন ‘এণ্ডুৰেঞ্চ-২২’ নামৰ এটা অভিযানকাৰী দলে সন্ধান লাভ কৰিছে। প্ৰকাশিত বাতৰি মতে দলটোৱে যোৱা ৫ মাৰ্চত জাহাজখনৰ সন্ধান লাভ কৰে।

দলটোৰ মতে ১০৭ বছৰ পূৰ্বে পানীৰ তলত সন্ধানহীন হৈ থকা এই জাহাজখন আশ্বৰ্যজনকভাৱে প্ৰায় অক্ষত অৱস্থাতে  পোৱা গৈছে। আনকি জাহাজখনত লিখা ‘এণ্ডুৰেঞ্চ’ নামটোও স্পষ্ট পঢ়িব পৰা হৈয়ে আছে।

লগতে পঢ়ক মহিলাসহ কন্যা শিশুক ধৰ্ষণ ৰুছ সেনাৰ : দাহন কৰিও অত্যাচাৰ ইউক্ৰেইনৰ মহিলাক!

যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ছাৰ শ্বেকেল্টনৰ সন্ধানহীন জাহাজখনৰ সন্ধানত ‘এণ্ডুৰেঞ্চ ২২’-এ অভিযান আৰম্ভ কৰিছিল। অভিযানকাৰী দলটোৱে দক্ষিণ আফ্ৰিকাৰ কেপটাউনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। ছাৰ শ্বেকেল্টনৰ মৃত্যুৰ শতবাৰ্ষিকী জানুৱাৰীত উদযাপন কৰাৰ পিছতে এই অভিযান আৰম্ভ কৰা হৈছিল।

ছাৰ শ্বেকেল্টনে ২৮ জন ক্ৰু সদস্যৰে সৈতে ১৯১৫ চনত ‘এণ্ডুৰেঞ্চ’ৰে লণ্ডন পৰা যাত্ৰা আৰম্ভ কৰি প্ৰথমবাৰৰ বাবে এণ্টাৰ্কটিকা অতিক্ৰম কৰিছিল। ১৪৪ ফুট দীঘল জাহাজখনত তেওঁলোকৰ লগত ৬৯ টা কুকুৰ আৰু এটা মেকুৰীও আছিল।

অৱশ্যে, ছাৰ শ্বেকেল্টনৰ ‘এণ্ডুৰেঞ্চ’-এ নিৰ্দিষ্ট লক্ষ্য স্থানত উপস্থিত হ’বগৈ পৰা নাছিল। জাহাজখন এণ্টাৰ্কটিকাৰ ভাহচেল উপসাগৰ পোৱাৰ আগতে বৰফত আৱদ্ধ হৈ পৰে।

লগতে পঢ়ক শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

এয়া আছিল ১৯১৫ চনৰ ১৮ জানুৱাৰী। অক্টোবৰ মাহ অহাৰ লগে লগে উক্ত অঞ্চলটোত তাপমাত্ৰা ক্ৰমে হ্ৰাস হৈ আহে৷ ফলত পানীবোৰ গোটা বান্ধিবলৈ আৰম্ভ কৰে৷ এইদৰেই বৰফৰ চাপত ‘এণ্ডুৰেঞ্চ’এ  লাহে লাহে সাগৰত আৱদ্ধ হৈ পিছত ২১ নৱেম্বৰত গভীৰতাত ডুব যায়।

সাগৰৰ গভীৰতাত হেৰাই যোৱাৰ আগতে দলটো জাহাজখনত আছিল। তেওঁলোকে আনকি বৰফৰ টুকুৰাৰ মাজত কেইবামাহ ধৰি তম্বু স্থাপন কৰি থাকিবলৈ ধৰে। তাৰ পিছত, তেওঁলোক নাওত উঠি এলিফেণ্ট আইলেণ্ডলৈ ৰাওনা হয়। বহুতে দাবী কৰে যে দলটোৱে জাহাজখন থকা কুকুৰবোৰ কাটি তাৰে মাংস খাই জীয়াই আছিল।

ইয়াৰ পিছতে ছাৰ শ্বেকেল্টনহঁতে সৰু নাও লৈ আন এটা দুঃসাহসিক অভিযান আৰম্ভ কৰে। তেওঁৰ লগত পাঁচজন ক্ৰু সদস্য আছিল। ১,৩০০ কিলোমিটাৰ যাত্ৰাৰ পিছত তেওঁলোক আটলাণ্টিকৰ দক্ষিণ জৰ্জিয়া দ্বীপত উপস্থিত হয়।

লগতে পঢ়ক চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

এসময়ত ছাৰ শ্বেকেল্টন আৰু তেওঁৰ দুজন সঙ্গীয়ে দক্ষিণ জৰ্জিয়া দ্বীপ পাৰ হৈ ষ্টমনেছ চহৰত উপস্থিত হয়। তাত উপস্থিত হোৱাৰ পিছতেৃ তেওঁলোকে চিলিৰ নৌসেনাৰ পৰা এখন নাও ধাৰলৈ লয় আৰু সেই নাওখনৰ দ্বাৰাই ১৯১৬ চনৰ ৩০ আগষ্টত ছাৰ শ্বেকেল্টনে তেওঁৰ বাকী সঙ্গীসকলক উদ্ধাৰ কৰে।

ইয়াৰ পিছতে জাহাজখনৰ কেপ্টেইন ফাংক অৰ্ছলিয়ে ‘এণ্ডুৰেঞ্চ’ সাগৰৰ কোনখিনিত আৱদ্ধ হৈ আছে তাৰ এক জৰীপ কৰিবলৈ ধৰে৷ আৰু সেই আনুমানিক জৰীপকেই মূলধন হিচাপে লৈ ‘এণ্ডুৰেঞ্চ’ৰ সন্ধান কাৰ্য আৰম্ভ কৰা হয়৷ ইয়াৰ ভিত্তিতে অভিযানকাৰী ‘এণ্ডুৰেঞ্চ-২২’এ জাহাজখনৰ সন্ধানত নামি পৰে আৰু মাপাজোক কাশা পইণ্টৰ পৰা ৪ মাইল দূৰত্বত সন্ধানহীন ‘এণ্ডুৰেঞ্চ’ জাহাজখনৰ সন্ধান লাভ কৰে৷

প্ৰায় এটা শতিকাৰো অধিক সময় সাগৰৰ তলিত আৱদ্ধ হৈ থাকিলেও ‘এণ্ডুৰেঞ্চ’ নামৰ জাহাজখন কেনেকৈ অক্ষত অৱস্থাত আছে সেয়াই সকলোকে আচৰিত কৰি তুলিছে৷ অৱশ্যে প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ জীৱবিজ্ঞানী এড্ৰিয়ান গ্লোভাৰ কোন ধৰণৰ আচম্বিত নহৈ ২০১৩ চনতে এখন কাকতত জাহাজখন অক্ষত অৱস্থাত আছে বুলি ভৱিষ্যতবাণী কৰিছিল।

লগতে পঢ়ক সুৰাপায়ীৰ বাবে সুখবৰ! গ্ৰাহকলৈ বজাৰ মূল্যতকৈ ২৫ শতাংশ ৰেহাই

ইফালে লণ্ডনৰ ফকলেণ্ড মেৰিটাইম হেৰিটেজ ট্ৰাষ্টে কৈছে যে জাহাজখন আৱদ্ধ হৈ ৰোৱা স্থানটো ইতিমধ্যে এণ্টাৰ্কটিক চুক্তিৰ অধীনত ঐতিহাসিক স্থান হিচাপে ঘোষণা কৰিছে।

আনফালে চাৰ শ্বেকেল্টনে জাহাজখন আৱদ্ধ হৈ ৰোৱাৰ পিছতে ইয়াক উদ্ধাৰৰ বাবে ‘এছএ আগ্লহাছ-২’ নামৰ জাহাজখনেৰে অভিযান চলাইছিল৷ কিন্তু সেই জাহাজখনো বৰফত আৱদ্ধ হৈ পৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbebst news channel of assambest news channel in assamBest News Portal in AssamEndurance Found
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

এহাল প্ৰেমাষ্পদে বৰশীৰে ধৰিলে ১৬৯ কি-গ্ৰা.ৰ পৃথিৱীৰ ‘জীৱন্ত ডাইন’ছৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.