ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ অব্যাহত আছে৷ ইয়াৰ মাজতে আক্ৰমণকাৰী ৰুছ সেনাই ইউক্ৰেইনৰ মহিলাসহ কন্যা শিশুক ধৰ্ষণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
ইউক্ৰেইনৰ এগৰাকী মহিলা সাংসদ লেছিয়া ভাস্কলেঙ্কে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ সাংসদ ভাস্কলেঙ্কে দাবী কৰিছে যে আক্ৰমণকাৰী ৰুছসেনাই ১০ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰিছে৷ ইমানেই নহয় ইউক্ৰেইনৰ সাংসদগৰাকীয়ে লগতে আৰু বহু ভয়ংকৰ দাবীও কৰিছে৷
সাংসদগৰাকীয়ে দাবী কৰা অনুসৰি ৰুছ সেনাই শিশু কন্যা, মহিলা আদিক ধৰ্ষণ, দেহত অগ্নিসংযোগ কৰি অত্যাচাৰ কৰাৰ লগতে হত্যাও কৰিছে৷
লগতে পঢ়ক দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক
টুইটাৰত সাংসদগৰাকীয়ে কয়, ‘‘ৰাছিয়াৰ সৈন্যসকলে লুণ্ঠন, ধৰ্ষণ আৰু হত্যা কৰিছে। ১০ বছৰীয়া ছোৱালীৰ যৌনাঙ্গ আৰু মলদ্বাৰেৰে অপ্ৰাকৃতিক যৌন অত্যাচাৰ চলাইছে৷ মহিলাৰ শৰীৰত দাহন কৰিও অত্যাচাৰ কৰিছে৷ ৰাছিয়ান সেনাই এই জঘন্য কাম কৰিছে।’’
সাংসদগৰাকীয়ে ৰাছিয়ান সেনাই ‘জাতীয় অনৈতিক অপৰাধ’ কৰা বুলিও অভিহিত কৰিছে৷
লগতে পঢ়ক চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক
মহিলাৰ পোৰা দেহৰ ফ’টো শ্বেয়াৰ কৰি সাংসদ ভাস্কলেঙ্কে লগতে কৈছে যে ‘এয়া ধৰ্ষণ, হত্যা আৰু অত্যাচাৰ কৰা মহিলাৰ দেহ৷’
‘‘মই বাকৰুদ্ধ৷ খং, ভয় আৰু ঘৃণাত মোৰ মন চেনতাহীন হৈ পৰিছে’’ এইদৰে কৈ তেওঁ ৰুছ ৰাষ্ট্ৰপতি পুটিনক গণহত্যা বন্ধ কৰিবলৈও আহ্বান জনাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ