বয়স তাইৰ মাত্ৰ ১২ বছৰ৷ মধ্যবিত্তীয় বিলাস বিভোৰ ভাষাত পখিলা খেদাৰ বয়স! কিন্তু সেই বয়সত এই শিশুটিয়ে পিতৃ মাতৃৰ জীৱন সংগ্ৰামৰ অংশীদাৰ হৈছে৷
কোলাত কণমানি ভগ্নীক লৈ শ্ৰেণী কোঠাত শিক্ষাগ্ৰহণ কৰিছে৷ এই ছবিখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে৷ মানুহৰ হৃদয় বিগলিত হৈ পৰিছে!
শিশুটিৰ নাম মেইনিংচিনলিউ পামেই৷ মণিপুৰৰ এখন পাহাৰৰ অতি প্ৰত্যন্ত এটা বস্তিৰ শিশু তাই৷ দৰিদ্ৰ শিশুটিৰ পিতৃ মাতৃয়ে দিনৰটোৰ বাবে কৃষি পথাৰলৈ ওলাই যায়৷ সেয়ে তাই কণমানি ভগ্নীক কোলাত লৈ শ্ৰেণীত কোঠাত পাঠ গ্ৰহণ কৰে৷
লগতে পঢ়ক ‘অলংকাৰ মিনি স্কাৰ্ট, হাই হিল শাৰী পিন্ধিব নোৱাৰি হতাশ পুৰুষ!’ কিয় পুৰুষক তুলাধুনা তছলিমাৰ?
এই ফ’টোখন ভাইৰেল হোৱাৰ পিছতে শিশুগৰাকীৰ দায়িত্ববোধ, দৰিদ্ৰতাৰ বিষয়ে আলোচনা চলিল৷ অদম্য ইচ্ছাশক্তি, অদম্য সাহস আৰু কষ্টসহিষ্ণুতাই চৰ্চা লাভ কৰিলে৷ কিন্তু মূল তথা মৌলিক সমস্যাটোক যেন কোনেও স্পৰ্শই নকৰিলে!
অৰ্থাৎ দেশে স্বাধীনতা লাভৰ সাতটা দশকৰ পিছতো সেই পৰিয়ালটোৱে, সেই শিশুগৰাকীয়ে কিয় এইদৰে শিক্ষাগ্ৰহণ কৰিবলৈ বাধ্য হৈছে সেই মৌলিক সমস্যাটোৰ আদিমূলক লৈ কোনেও প্ৰশ্ন নকৰিলে!
সচৰাচৰ চলি অহাৰ দৰেই ইয়াৰ পিছতে মণিপুৰৰ শিক্ষামন্ত্ৰী বিশ্বজিৎ সিঙে শিশুটিৰ স্নাতক পৰ্যায়লৈকে শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ পিছতে সংবাদ মাধ্যমত শিক্ষামন্ত্ৰীগৰাকীৰ মহানুভৱতাক লৈ বাতৰিৰ প্ৰয়োভৰ৷ কিন্তু চৰকাৰী দায়িত্ববোধৰ বিষয়ে প্ৰশ্ন কোনেও কৰিবলৈ আহৰি নাপালে!
লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ
শিক্ষা মন্ত্ৰী সিঙে পৰিয়ালটোৰ সন্ধান কৰি ৰাজধানী ইম্ফললৈ নিমন্ত্ৰণ কৰি তেওঁলোকক সাক্ষাৎ কৰে৷ সেই সাক্ষাতৰ পিছতে শিক্ষা মন্ত্ৰী সিঙে শিশুটিৰ শিক্ষাৰ দায়িত্ব লোৱাৰ কথা নিজৰ টুইটাৰ হেণ্ডেলত ঘোষণা কৰিছে৷
ৰাজ্যখনৰ শিক্ষামন্ত্ৰী বিশ্বজিৎ সিঙে উক্ত ফ’টোখন টুইটাৰত শ্বেয়াৰ কৰি কয় যে ‘‘তাইৰ শিক্ষা গ্ৰহণৰ প্ৰতি থকা আগ্ৰহে মোক আচৰিত কৰি তুলিছে! টামেংলঙৰ ডাইলং প্ৰাথমিক বিদ্যালয়ৰ মেইনিংচিনলিউ পামেই নামৰ এই ১২ বছৰীয়া ছোৱালীজনীয়ে তাইৰ ভনীয়েকক লৈ স্কুলত পঢ়িবলৈ পঢ়ে। পিতৃ–মাতৃ পথাৰত কাম কৰিবলৈ যায়। মই ছ’চিয়েল মিডিয়াত এই বাতৰিটো প্ৰত্যক্ষ কৰাৰ লগে লগে, আমি তাইৰ পৰিয়ালক বিচাৰি উলিয়াওঁ আৰু তেওঁলোকক তাইক ইম্ফললৈ আনিবলৈ কওঁ। তাইৰ পৰিয়ালৰ সৈতে কথা পাতিছিল যে তাই স্নাতক নোহোৱালৈকে মই ব্যক্তিগতভাৱে তাইৰ শিক্ষাৰ যত্ন লম। তাইৰ সমৰ্পণৰ বাবে গৌৰৱান্বিত!’’
লগতে পঢ়ক পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!
গৌৰৱান্বিত শিক্ষামন্ত্ৰীগৰাকীৰ এই ঘোষণাই সকলোকে আশ্বস্ত কৰি তুলিলেও কোনেও ৰাষ্ট্ৰৰ ব্যৱস্থাগত ব্যৰ্থতাৰ প্ৰশ্ন উত্থাপন কৰা নাই৷ এই দৃশ্য কেৱল মণিপুৰৰ সেই নিৰ্দিষ্ট গাঁওখনৰে নহয়, স্বাধীনতাৰ সাতটা দশকৰ পিছতো দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰত্যন্তৰ গাঁওবোৰত এই দৃশ্য সুলভ৷
অসমৰ বাগান, অতি প্ৰত্যন্তৰ গাঁও, জনজাতীয় গাঁও, ছত্তিশগড়, ওড়িশা, ঝাৰখণ্ড আনকি উত্তৰ ভাৰত, দক্ষিণাত্যৰ বহু জনজাতীয় গাঁৱত এই দৃশ্য তেনেই সুলভ৷ এই দৃশ্যসমূহ কিয় সুলভ সেই প্ৰশ্নও কোনেও উত্থাপন কৰা নাই৷ সাতটা দশকত তেওঁলোকৰ এই মৌলিক সমস্য সমাধানৰ বাবে ৰাষ্ট্ৰই কি কৰিলে তাৰ প্ৰশ্নও কোনেও কৰা নাই৷
স্বাধীনতাৰ সাতটা দশক পাৰ হৈ যোৱাৰ পিছতো দেশত শিশুৱে কোলাত কণমানি ভাতৃ বা ভগ্নীক লৈ শ্ৰেণীকক্ষত শিক্ষাগ্ৰহণ কৰিবলগীয়া হোৱা দৃশ্যত হৃদয় বিগলিত হোৱাতকৈ নাগৰিক সমাজৰ বাবে এই মৌলিক প্ৰশ্নটোৰ কৰা উচিত নাছিল নে? আৰু নাগৰিক সমাজে এই প্ৰশ্ন নকৰাৰ বাবেই মৌলিক সমস্যাটোৰ সন্মুখীন নহৈ মণিপুৰৰ শিক্ষামন্ত্ৰীয়ে পলায়ন কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰিছে নেকি? এই প্ৰশ্নসমূহ সুধী সমাজে কৰাৰ প্ৰয়োজন নাছিল নে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ