বলিউদৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভাটৰ বিবাহে এতিয়া চৰ্চাৰ শীৰ্ষত আছে৷ বিভিন্ন চৰ্চাৰ মাজতে এই বিবাহৰ চিত্ৰপট সঘনে সলনি হৈ থকাও দেখা গৈছে৷
প্ৰথমে বি-টাউনৰ এই বিবাহখন ১৩ বা ১৪ এপ্ৰিলত সম্পন্ন হোৱাৰ কথা আছিল৷ এতিয়া প্ৰকাশ পোৱা মতে বিয়াখন অহা ২০ এপ্ৰিলতহে সম্পন্ন হ’ব৷
আলিয়াৰ ভাতৃ ৰাহুল ভাটে কয় যে বিবাহখন ১৩ বা ১৪ এপ্ৰিলত নহয়, অহা ২০ এপ্ৰিলতহে সম্পন্ন হ’ব৷
লগতে পঢ়ক শোকাৱহ! ৰে’লে মহতীয়াই নিলে যাত্ৰীক, অসমৰ দুইসহ থিতাতে নিহত ৫ যাত্ৰী
তেওঁ লগতে কয় যে পূৰ্বতে বিবাহখন আগৰ সূচীৰ মতেই হোৱাৰ কথা আছিল যদিও সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতে পুনৰ দিন সলনি কৰা হৈছিল৷
ইফালে বিয়াকলৈ যথেষ্ট হেঁচাত থকাৰ কথা প্ৰকাশ কৰি আলিয়াৰ ভাতৃয়ে কয় যে বিবাহ অনুষ্ঠানলৈ সীমিত অথিতিকহে নিমন্ত্ৰণ কৰা হৈছে৷
লগতে পঢ়ক ৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কি ক’লে কবি নীলমণি ফুকনে? (সম্পূৰ্ণ ভাষণ)
ৰাহুল ভাটে প্ৰকাশ কৰা মতে ৰণবীৰ-আলিয়া বিবাহ অনুষ্ঠানলৈ মাত্ৰ ২৮ গৰাকী অতিথিকহে নিমন্ত্ৰণ জনোৱা হৈছে৷ কেৱল তেওঁলোকৰ পৰিয়ালৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক থকা লোককহে বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হৈছে৷
ইফালে বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰিত অতিথিসকলক এখন বাছেৰে চেম্বুৰ আৰ কে হাউচলৈ লৈ যোৱা হ’ব৷ তাতেই ৰণবীৰ আলিয়াৰ বিবাহ অনুষ্ঠান আয়োজন কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ