• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?

দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?

4 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

9 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

10 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

10 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

11 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

11 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

11 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

12 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

13 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

14 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

15 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

16 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?

editor by editor
May 13, 2022
in স্বাস্থ্য
0
দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ প্ৰিয়ংকা দাসঃ শৰীৰৰ অন্যান্য সমস্যাৰ লগতেই দাঁতৰ সমস্যাত ভোগা মানুহ হয়তো নাই বুলিলেও ভুল নহ’ব। কথাতেই কয় বোলে-মানুহে দাঁতৰ বিষত ত্ৰাহি মধুসূদন দেখে। দাঁতৰ এই সমস্যাবোৰ বা বিষৰ মূল কাৰণেই হৈছে, দাঁতৰ ক্ষয়ৰোগ বা দন্তক্ষয়। দিনটোত আমি কত কি খাদ্য বা পানীয় নেখাওঁ— ইয়াৰে বিশেষকৈ খাদ্যবস্তু মানে যিবোৰ বস্তু চোবাই খাব লগা হয়, তাৰ ভৰ আমাৰ দাঁতেই ল’ব লাগে। পানীৰ বাদে, আন যিকোনো ধৰণৰ পানীয়ৰ অম্লজাতীয় পদাৰ্থও দাঁতৰ বাবে ক্ষতিকাৰক হয়।

দাঁতৰ এই ক্ষয়ৰোগৰ সহজ ভাষাত অৰ্থ হৈছে— দাঁতৰ কঠিন অংশত স্থায়ীভাৱে হোৱা ক্ষতি, যিয়ে পৰ্যায়ক্ৰমে দাঁতৰ ভিন্ন অংশত সৰু সৰু গাঁত বা ফুটাৰ সৃষ্টি কৰা অৱস্থা। বহু সময়ত দাঁতৰ বিভিন্ন অংশত হোৱা এই ক্ষয় বা ক্ৰমশঃ এই ক্ষয়ৰ ফলত সৃষ্টি হোৱা সৰু সৰু গাঁতৰ দৰে অংশই দাঁ‌তৰ বিষকে আদি কৰি নিৰ্দ্দিষ্ট কিছুমান খাদ্য খালেই হোৱা দাঁতৰ সিৰসিৰণিৰ কাৰণ হৈ পৰে। দাঁতৰ এই সমস্যাত প্ৰধানতঃ শিশু, কিশোৰ আৰু বয়স্ক ব্যক্তিয়েই আক্ৰান্ত হোৱা দেখা যায় যদিও আন যিকোনো বয়সৰ লোকেই এই ৰোগৰ সন্মুখীন হ’ব পাৰে।

অসমীয়া সমাজত সাধাৰণতে দাঁতৰ এইদৰে ক্ষয় হোৱা অৱস্থাকে পোকে খোৱা বুলি কয় আৰু জৰা-ফুঁ‌কাৰ মাধ্যমেৰে এই দাঁতৰ পোক নাশ কৰাৰ দৰে অন্ধবিশ্বাস এতিয়াও স্থানবিশেষে বিদ্যমান। পিছে কিয় আৰু কিদৰে দাঁতৰ এই ক্ষয়ৰোগ হয়, তাৰ বৈজ্ঞানিক বা চিকিৎসাবিজ্ঞান অনুসৰি নিৰ্দ্দিষ্ট কাৰণ আৰু কাৰক আছে। লগতেই এই ক্ষয়ৰোগৰ পৰা কিদৰে হাত সাৰিব পাৰি বা কেনেধৰণৰ উপযুক্ত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা উচিত,সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিম।

 

লগতে পঢ়ক পাকিস্তানী সুন্দৰীৰ যৌনতাৰ ফান্দত বায়ু সেনাৰ জোৱান, আইএছআইক ধৰিলে তথ্যৰ যোগান

দাঁতৰ ক্ষয়ৰোগ বা দন্তক্ষয় কিয় আৰু কিদৰে হয়? আমাৰ দেহৰ অন্যান্য অংশৰ দৰে আমাৰ মুখগহ্বৰতো আমি খোৱা বিভিন্ন ধৰণৰ খাদ্য বিশেষকৈ মিঠা, শ্বেতসাৰ প্ৰধান খাদ্যৰ দাঁতত লাগি থকা অৱশিষ্ট অংশবোৰকে অৱলম্বন কৰি বহু বেক্টেৰীয়া জীয়াই থাকে। বহু সময়তেই সাধাৰণতে মানুহে খাদ্য খাই মুখ ধোৱা বা দাঁত পৰিষ্কাৰ কৰা কাৰ্যলৈ পিঠি দিয়ে, ইয়াৰ ফলতো বেক্টেৰীয়া আৰু খাদ্যত থকা অম্লজাতীয় পদাৰ্থবোৰেও দাঁতৰ উপৰি অংশৰ ফলকখনৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। আৰু এবাৰ এই উপৰি ফলকখনৰ ক্ষতি হোৱাৰ পিছত যদিহে উপযুক্ত চিকিৎসা নহয়, এই ক্ষতি ক্ৰমান্বয়ে বেছিৰ পৰা বেছিলৈ গতি কৰি থাকে। চিকিৎসা নহ’লে দাঁতৰ সৰু সৰু ছিদ্ৰবোৰেই ডাঙৰ হৈ গৈ থাকে আৰু ডাঙৰ ফুটাবোৰেদি দাঁতৰ অন্তৰ্ভাগলৈ বেক্টেৰীয়া আৰু অম্লজাতীয় দ্ৰব্যৰ অধিক মাত্ৰাত সৰবৰাহ ঘটিবলৈ আৰম্ভ কৰে।

ইয়াৰ ফলত দাঁতৰ উপৰ অংশৰ ক্ষতি দাঁতৰ অভ্যন্তৰলৈকে শিপাবলৈ ধৰে। বিষ, সংক্ৰমণ আদিৰ প্ৰকোপত ইতিমধ্যেই ক্ষতিগ্ৰস্ত দাঁতটোৰ আৰু অধিক ক্ষতি হ’বলৈ আৰম্ভ হয়। আনকি বহু ৰোগীৰ ক্ষেত্ৰত এই ক্ষতি ইমানেই বেছি হয়গৈ যে ক্ষয় হোৱা দাঁ‌ত উভালি পেলাবলগীয়াও হয়। এনেধৰণে বিভিন্ন কাৰক আৰু মানুহৰ নিজৰো অৱহেলা আৰু অমনোযোগীতাৰ ফলস্বৰূপেও দন্তক্ষয় ৰোগ হয়।

এইবোৰৰ উপৰিও অত্যধিক হাৰত হোৱা অম্লপিত্ত বা এচিডিটি আৰু অন্য শাৰীৰিক ৰোগজনিত কাৰণত মুখগহ্বৰত হোৱা শুষ্কতাৰ ফলতো কেতিয়াবা দন্তক্ষয় ৰোগ হ’ব পাৰে।

 

লগতে পঢ়ক ‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?

এজন ব্যক্তিয়ে কেনেকৈ গম পাব যে তেওঁ‌ৰ দন্তক্ষয় ৰোগ আৰম্ভ হৈছে? কেইটিমান ঘৰতেই, সহজে নিজে জানিব পৰা লক্ষণ হৈছে—

১) হঠাতে কোনো বিশেষ বা তাৎক্ষণিক কাৰণ নোহোৱাকৈ আৰম্ভ হোৱা দাঁতৰ বিষ।

২) দাঁতৰ সংবেদনশীলতা বৃদ্ধি পোৱা বা সাধাৰণ ভাষাত-দাঁতৰ সিৰসিৰণি।

৩) মিঠা, গৰম বা ঠাণ্ডা খালেই হোৱা মৃদুৰ পৰা তীক্ষ্ণ মাত্ৰাৰ দাঁতৰ বিষ।

৪) দাঁতত লক্ষণীয়ভাৱে স্পষ্ট সৰু ছিদ্ৰৰ পৰা গাঁতৰ দৰে অংশ।

৫) দাঁতৰ যিকোনো অংশতে মূগা, ক’লা বা বগা— এই তিনিপ্ৰকাৰৰ ৰঙৰ প্ৰলেপ বা দাগ বহিবলৈ ধৰা।

৬) কিবা খাদ্যবস্তু কামুৰিলেই হোৱা বিষ।

 

লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!

এজন ব্যক্তিৰ দাঁতত উপৰোক্ত লক্ষণসমূহে দেখা দিয়াৰ অৰ্থ হৈছে ব্যক্তিজনক দন্ত-চিকিৎসাৰ প্ৰয়োজন হৈছে। এই লক্ষণসমূহ থকা এনে অৱস্থাত অৱহেলা কৰিলে পৰৱৰ্তী সময়ত ই ৰোগীজনৰ বাবে অধিক যন্ত্ৰণাদায়ক হৈ উঠাৰ সম্ভাৱনাও বাঢ়ি গৈ থাকে। দাঁতৰ ভিতৰছোৱাৰ কোমল অংশত থকা থকা সিৰা-উপসিৰা আৰু তেজ পৰিবাহী নলিকাবোৰ বেক্টেৰীয়া আৰু অম্ল বা এচিডৰ সংশ্ৰৱলৈ আহিলে সেইবোৰত হেঁচা পৰি দাঁতৰ আলু ফুলিবলৈ আৰম্ভ কৰে আৰু বিষ হয়।

দন্তক্ষয় ৰোগত সাধাৰণতে মুখৰ পিছফালৰ বা ভিতৰভাগৰ দাঁতবোৰ অধিক আক্ৰান্ত হয়। ইয়াৰ কাৰণ হৈছে-সমুখভাগৰ দাঁতৰ তুলনাত ভিতৰভাগৰ দাঁতৰ খলা-বমা অংশ বেছি থাকে, যাৰবাবে এই দাঁতবোৰ সম্পূৰ্ণকৈ চাফা কৰাত সমস্যা হয়। ফলত চাফা নোহোৱা খাদ্যবস্তুৰ তৰপ জমা হৈ হৈয়ো দন্তক্ষয় ৰোগত অৰিহণা যোগায়। কিবা খোৱাৰ পিছত যদি মুখৰ লালটিৰে পৰিষ্কাৰ হৈ নেযায়, তেন্তে নিজেই মুখ চাফা কৰা দৰকাৰ। আৰু নিয়মিতভাৱে অন্ততঃ দুবাৰকৈ দাঁ‌ত ব্ৰাছ কৰাও খুবেই জৰুৰী। ফ্ল’ৰাইড নামৰ খনিজ পদাৰ্থবিধৰ অভাৱতো কেতিয়াবা দাঁ‌তৰ ক্ষয়ৰোগ হয়। যিকোনো ভাল ব্ৰেণ্ডৰে টুথপেষ্ট বা মুখ কুলকুলি কৰা ঔষধিযুক্ত দ্ৰৱ্যতো এই ফ্ল’ৰাইড উপলব্ধ। এইবোৰ ঘৰুৱাভাৱে কৰিব পৰা দুই এটা সাধাৰণ বিধি। পিছে সম্পূৰ্ণ ৰূপে দন্তক্ষয় ৰোগৰ পৰা উপশম পাবৰ বাবে আৰু পৰৱৰ্তী পৰ্যায়ত এই ৰোগৰ ফলত হ’ব পৰা জটিলতাসমূহৰ পৰা হাত সাৰিবৰ বাবে দন্ত-চিকিৎসকৰ পৰামৰ্শ আৰু চিকিৎসা লোৱা অতিকেই জৰুৰী।

 

দন্ত বিশেষজ্ঞ(বিডিএছ), মেডিচিটি, গুৱাহাটী। ফোন-৭০০২৭৪৬৪১৬

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ
জীৱনশৈলী

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
Next Post
বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা

বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা

কিশোৰী কন্যাক যৌন শোষণৰ বলি, গৰ্ভপাত কৰোৱাই সতীৰ্থসহ গ্ৰেপ্তাৰ হ’ল পিতৃ

কিশোৰী কন্যাক যৌন শোষণৰ বলি, গৰ্ভপাত কৰোৱাই সতীৰ্থসহ গ্ৰেপ্তাৰ হ’ল পিতৃ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.