এক আজৱ ঘটনা আৰু অভিযোগে সংবাদ মাধ্যৰ শিৰোণাম দখল কৰিছে৷ ঘটনাটো ইংলেণ্ডৰ লেংকাশ্বায়াৰৰ৷
স্থানীয় তথা প্ৰতিৱেশী লোকে অভিযোগ কৰিছে যে এহাল দম্পতীয়ে তেওঁলোকৰ গৃহত অত্যধিক কোলাহল তথা চিঞৰ বাখৰ কৰি প্ৰতিবেশীক অতিষ্ঠ কৰি আহিছে৷
প্ৰতিবেশীয়ে লগতে দাবী কৰে যে দম্পতীহালে যৌন সম্ভোগৰ সময়তো মাত্ৰাধিক চিঞৰ বাখৰেৰে প্ৰতিবেশীক অস্বস্তিত পেলাই আহিছে৷
লগতে পঢ়ক আৰ্ত শিশুৰ বাবে ১১৮ লিটাৰ মাতৃদুগ্ধ বিক্ৰী এগৰাকী মাতৃৰ
এজন প্ৰতিবেশীয়ে ৱাৰউইক কাউন্সিলৰ ওচৰত কৰা অভিযোগ অনুসৰি দম্পতীহালে পাকঘৰৰ খিৰিকী খোলা ৰখাৰ লগতে লাইট জ্বলাই মাত্ৰাধিক চিঞৰ বাখৰ কৰি যৌন সম্ভোগ কৰি আহিছে, যাৰ ফলত লাইটৰ পোহৰত খোলা খিৰিকীয়ে প্ৰতিবেশীয়ে সেই দৃশ্য দেখাৰ লগতে মাত্ৰাধিক চিঞৰ বাখৰত অতিষ্ঠ হৈ পৰিছে৷
আন এজন প্ৰতিবেশীয়ে অভিযোগ কৰা মতে তেওঁ প্ৰায় দুটা বছৰৰো অধিক সময় উক্ত দম্পতীহালৰ যৌন সংগমৰ মাত্ৰাধিক প্ৰাৱল্যৰ শব্দত জীৱন যাপন কৰাটোৱেই অসম্ভৱপৰ হৈ পৰিছে৷
পশ্চিম ইয়ৰ্কছৰ ৱেকফিল্ডৰ এজন ব্যক্তিয়ে অভিযোগ কৰি কয় যে ‘‘বেডৰুমৰ খিৰিকীখন খুলি যৌন সম্ভোগ কৰি অহাৰ বাবে তেওঁলোকৰ বিকট চিঞৰ বাখৰসমূহ ৰাস্তাৰ পথচাৰীয়েও শুনি আহিছে৷’’
লগতে পঢ়ক যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি
‘‘তেওঁলোকৰ যৌন সম্ভোগৰ মাত্ৰাধিক চিঞৰ বাখৰত আমি সদায় মাজনিশা আৰু পুৱাই সাৰ পাই যাওঁ৷’’ আন এক প্ৰতিবেশীয়ে কয়৷
এই অভিযোগসমূহৰ পিছতে কৰ্তৃপক্ষই লেচিভিয়াৰ মাত্ৰা মূল্যায়ন কৰিবলৈ অঞ্চলটোত এক ৰেকৰ্ডিং সঁজুলি স্থাপন কৰে৷
উক্ত সঁজুলিটোৰ পৰা জানিব পৰা মতে যোৱা বছৰত দম্পতীহালৰ অতি কমেও ১৬৮ টা এনে মাত্ৰাধিক চিঞৰ ধৰা পৰিছে যিবোৰৰ পৰা প্ৰতিৱেশীয়ে অতিষ্ঠ হোৱাটো তেনেই স্বাভাৱিক৷
ইমানেই নহয়, যৌন সম্পৰ্কৰ সময়ত দম্পতীহালে বিচনাৰ হেডব’ৰ্ডত বাৰে বাৰে খুন্দা মৰাৰ ফলতো উৎকট শব্দৰ সৃষ্টি হৈ প্ৰতিবেশীক অতিষ্ঠ কৰা অভিযোগ উত্থাপন হৈছে৷
ব্ৰিটিছ সংবাদ পত্ৰ দ্য চানৰ মতে ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ বাবে স্থানীয় প্ৰশাসনত প্ৰতিবেশীয়ে গোচৰো দাখিল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ