মহিলাসকল কি আৰু মহিলাসকলে কি বিচাৰে সেইবোৰ হৈছে নিৰন্তৰে সোধা প্ৰশ্ন। আৰু এই প্ৰশ্নসমূহক লৈ সঘনাই হোৱাটছএপ গ্ৰুপত কৌতুক কৰা দেখা যায়। দূৰদৰ্শন আৰু চিনেমাই প্ৰায়ে মহিলাৰ সৈতে মহিলাসকলৰ বাবে অনুষ্ঠান সৃষ্টি কৰি এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰে আৰু ‘Four More Shots Please’ ভাৰতীয় দৃশ্যপটৰ এক শেহতীয়া উদাহৰণ।
ছবিখনত ধনী ছোৱালীসকলে কেনেকুৱা জীৱনশৈলী বিচাৰে তাৰ ওপৰত খণ্ড খণ্ডকৈ বিশ্লেষণ কৰা হৈছে। কিন্তু আচলতে যে ছোৱালীবোৰ কিমান যন্ত্ৰনা-ভয়-ভাবুকিৰে যুঁজি আছে সেয়া ছবিখনত পৰিলক্ষিত নহ’ল। ছোৱালীসকল সকলো সমস্যাৰ সমাধানবিলাক ইমান উজুকৈ দেখুওৱা হৈছে ছিৰিজখনত। কিন্তু আচলতে এনেকুৱা সম্ভৱনে? আপুনি চিৰিজখন চালে নিজেই বুজি পাব।
লগতে পঢ়ক কণ্ঠশিল্পী কে কেৰ মৃত্যু, প্ৰেক্ষাগৃহৰ বিষয়ে চাঞ্চল্যকৰ মন্তব্য এক শিল্পীৰ
ইয়াৰ বিপৰীতে চিৰিজখনত দেখুওৱা হৈছে, মহিলাসকলে সদায় অনবদ্য পোছাক পৰিধান কৰা, সদায় তেওঁলোকৰ কেৰিয়াৰত সফলতা লাভ কৰা, হেণ্ডচাম পুৰুষৰ সৈতে ডেটিং কৰা আৰু তাৰ মাজতেই সময় উলিয়াই কেনেবাকৈ সদায় একেলগে ফুৰিবলৈ, সুৰাপান কৰিবলৈ, ধূমপান কৰিবলৈ আৰু নৃত্য কৰিবলৈ যোৱা। আচলতে এনেকুৱাহে জীৱনশৈলী বিচাৰে ছবিখনৰ বান্ধৱী কেইজনে।
Four More Shots Please ৰ দ্বাৰা দৰ্শকক এইটো ভাবিবলৈ বাধ্য কৰোৱা হৈছে যে ৩০ বছৰৰ ঊৰ্ধৰ এগৰাকী মহিলাই প্ৰতি নিশা এটা বাৰত কটাব, কিন্তু সেই একেগৰাকী মহিলাই পিছদিনা সাৰ পাই পিতৃতান্ত্ৰিকতা, অন্যায়, মানসিক সমস্যা, সমাজ আৰু ৰাজনীতিৰ সৈতে গুৰুত্বসহকাৰে যুঁজিবলৈ সময় পায়। যিসকল মহিলাই সঁচা অৰ্থত এইসমূহ সমস্যাৰ সৈতে যুঁজি আছে, তেঁওলোকৰ সংগ্ৰামসমূহ চিৰিজখনত আঁৰতেই থাকি গ’ল।
লগতে পঢ়ক আৰিয়ান খান ড্ৰাগছ গোচৰ : তদন্তকাৰী বিষয়াক কি ক’লে আৰিয়ানে?
‘মহিলাসকল কেতিয়াও বিফল হ’ব নোৱাৰে’— চিৰিজখনত নাৰীবাদৰ এই উপৰুৱা ৰূপৰ সৈতে দৰ্শকক পৰিচয় কৰোৱা হৈছে। দৰ্শকক এইটো দেখুওৱাৰ সলনি যে পুৰুষৰ দৰে মহিলাও বিফল হ’ব পাৰে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোক সক্ষম আৰু শক্তিশালী নহয়; ইয়াৰ অৰ্থ হৈছে যে পুৰুষৰ দৰে তেওঁলোকো পোহৰ আৰু অন্ধকাৰ, ইতিবাচক আৰু নেতিবাচক, শক্তি আৰু দুৰ্বলতাৰ দ্বাৰা গঠিত; নাৰীবাদৰ এক অন্য স্বৰূপ হে দেখা গ’ল। আজিৰ সময়ত মহিলাসকলক সম্পৰ্ক আৰু কৰ্মক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰা হয় চিৰিজখনত ঠিকেই দৰ্শোৱা হ’ল, কিন্তু তেওঁলোকৰ সমস্যা সমাধানৰ পথসমূহ বাস্তৱিকতাৰ পৰা সম্পূৰ্ণৰূপে ফালৰি কটা।
চিৰিজখনত দৰ্শোৱা মতে কেৱল মহিলাই হে মহিলাৰ সমস্যাবোৰ সঠিকভাৱে প্ৰতিনিধিত্ব কৰিব পাৰে কিন্তু দৰাচলতে মহিলাৰ সমস্যাবোৰো হৈছে মানুহৰ সমস্যা। পৰিচালকে চিৰিজখন ‘Empowering’ কৰিবলৈ যাওঁতে ভাৰতীয় মহিলাৰ বৈশিষ্ঠ্যসমূহ পুৰুষৰ বৈশিষ্ঠ্যৰ সৈতে সাঙুৰি ল’লে যি সত্যৰ পৰা বহু দূৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ