শেহতীয়াকৈ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ড্ৰাগছ গোচৰত ক্লীণচিট লাভ কৰিছে। যোৱা বছৰ আৰিয়ান খানক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল। কিছুদিন কাৰাগাৰত থকাৰ পাছত আৰিয়ান খানক বুম্বে উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল৷
উল্লেখ্য যে উক্ত গোচৰৰ ক্ষেত্ৰত দেশজুৰি বিতৰ্কৰ সূচনা হয়৷ এনচিবিৰ ক্ষেত্ৰীয় মুখ্য বিষয়া সমীৰ ৱাংখেড়েৰেই আয়িৰান খানৰ বিৰুদ্ধে ভুৱা গোচৰ তথা ষড়যন্ত্ৰ ৰচনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হয়৷
এই অভিযোগ পিছতে বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হয় আৰু তেওঁক বদলি কৰা হয়৷ তাৰ পিছত গোচৰটোৰ তদন্তৰ দায়িত্ব সঞ্জয় সিঙৰ নেতৃত্বত এটা দলক অৰ্পণ কৰা হয়৷ এই গোচৰত নিয়োজিত হৈ এই বিশেষ তদন্তকাৰী দলে আদালতত দাখিল কৰা অভিযোগনামাত আয়িৰান খানক দোষমুক্ত বুলি ঘোষণা কৰে৷
লগতে পঢ়ক পিৰিয়ডৰ সময়ত পেড ব্যৱহাৰ কৰি চৰ্মৰোগ হৈছে নেকি? ঘৰুৱা উপায়েৰে তৎক্ষণাত সকাহ পাওক
এই তদন্তৰ সময়ত এনচিবিৰ সঞ্চালক সঞ্জয় সিঙে শ্বাহৰুখ খানৰ সৈতে হোৱা কথা বতৰাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷ সঞ্জয় সিঙে কয় যে ড্ৰাগছৰ গোচৰত পুত্ৰৰ নাম সাঙুৰ খাই পৰাৰ পিছতে শ্বাহৰুখ খান বহু আৱেগিক হৈ পৰিছিল আৰু পুত্ৰকলৈ বৰ চিন্তিত হৈ পৰিছিল।
খবৰ অনুসৰি পুত্ৰৰ মানসিক আৰু আৱেগিক অৱস্থাক লৈ চিন্তিত আছিল শ্বাহৰুখ খান। তেওঁ লগতে কয় যে যেতিয়া আৰিয়ান খানে টোপনি যাব নোৱাৰে তেতিয়া ৰাতি শ্বাহৰুখ খানে পুত্ৰৰ লগতে থাকে।
ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি শ্বাহৰুখে কৈছিল যে মোৰ ল’ৰাটোক এজন অপৰাধী আৰু সমাজখন ধ্বংস কৰিব বিচৰা দানৱ হিচাপে দেখুওৱা হৈছে।
লগতে পঢ়ক প’প গায়িকা ব্ৰিটেনীৰ তৃতীয় বিবাহ, বিবাহ অনুষ্ঠানত প্ৰথম স্বামীয়ে এয়া কৰিলে কি?
ইয়াৰ পূৰ্বে বিষয়া সঞ্জয় খানে আৰিয়ান খানৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়েও প্ৰকাশ কৰিছিল। তেওঁ আয়িৰান খানৰ উদ্ধৃতিৰে কৈছিল, ‘‘ছাৰ, আপোনালোকে মোক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী হিচাপে দেখুৱাইছে। সেইদিনা তেওঁলোকে মোৰ পৰা কোনো ড্ৰাগছ নাপালে আৰু তথাপিও মোক গ্ৰেপ্তাৰ কৰা হ’ল। এই অভিযোগবোৰ অৰ্থহীন নহয়নে?’’
‘‘আপোনালোকে মোৰ লগত অন্যায় কৰিলে। আপোনালোকে মোৰ সুনাম নষ্ট কৰিলা, বদনাম কৰিলা।’’ আৰিয়ান খানে এইদৰে কোৱা বুলিও প্ৰকাশ কৰিছে বিষয়া সঞ্জয় সিঙে৷
ইফালে এই সকলোবোৰ পাহৰি আৰিয়ান খানে এতিয়া নিজৰ পেছাদাৰী জীৱনত মনোনিৱেশ কৰিছে। তেওঁ এজন পৰিচালক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰিছে। অতি সোনকালেই আৰিয়ানে আমেৰিকালৈ গৈ এটা বিশেষ প্ৰজেক্টত কাম আৰম্ভ কৰাৰ কথা। ইয়াৰ উপৰিও তেওঁ কিছুমান অ’টিটি প্ৰজেক্টতো কাম কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ