• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!

তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!

4 years ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

13 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

57 minutes ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

1 hour ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

2 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

5 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

7 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!

editor by editor
June 16, 2022
in বাণিজ্য, ভাৰত
0
তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ ভাৰতৰ ইকুইটি মাৰ্কেটত আজি পুনৰ স্খলন আৰম্ভ হৈছে৷ বহু কেইটা কোম্পানীৰ শ্বেয়াৰ হঠাতে নিম্নগামী হোৱাৰ বাবে ব্যক্তিগত বিনিয়োগকাৰীসকল শংকিতও হৈছে৷ কিন্তু এই স্খলন সাময়িক৷ সেইবাবে শংকিত হোৱাৰ বিশেষ কাৰণ নাই৷ কিন্তু শ্বেয়াৰ মাৰ্কেটত এই স্খলনৰ মাজতো বিনিয়োগৰ সুৱৰ্ণ সুযোগ আহিছে৷ বিশেষকৈ তীখা উদ্যোগত বিনিয়োগৰ বাবে সোণালী সুযোগ আহিছে৷

ভাৰতৰ তীখা খণ্ডত বহু কেইটা আগশাৰীৰ কোম্পানী আছে আৰু সেইসমূহৰ ব্যৱসায়ো যথেষ্ট লাভজনক৷ কিন্তু তাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ তীখা কোম্পানী হৈছে ষ্টীল অথৰিটী অব ইণ্ডিয়া লিমিটেড চমুকৈ ‘চেইল’৷ ভাৰত চৰকাৰৰ অধীনস্থ এই কোম্পানীটোত ধন বিনিয়োগ কৰিবলৈ চিন্তা কৰাৰ প্ৰয়োজন নাই৷ কিয়নো বিগত সময়ছোৱাত ‘চেইল’এ বিনিয়োগকাৰীসকলক পৰ্যাপ্ত লাভ দিছে৷ সম্প্ৰতি বিনিয়োগকাৰী আৰু ষ্টক এক্সেঞ্জৰ ট্ৰেডিং মেম্বাৰসকলৰ জৰীপ মতে ১০০ শতাংশ বিনিয়োগকাৰীয়ে ‘চেইল’ৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ আগ্ৰহী৷ অৰ্থাৎ বৰ্তমান সময়ত এই কোম্পানীটোত বিনিয়োগ কৰিবলৈ আগ্ৰহী লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে৷ অৱশ্যে বিনিয়োগৰ পূৰ্বে ‘চেইল’ৰ বিষয়ে কিছু তথ্য জানি থোৱা ভাল হ’ব৷

লগতে পঢ়ক গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ

সম্প্ৰতি ‘চেইল’ৰ এটা শ্বেয়াৰৰ দাম ৬৯ টকা৷ এবছৰৰ ভিতৰত ইয়াৰ দাম ২০০ টকা পৰ্যন্ত বৃদ্ধি হ’ব বুলি বিত্তীয় বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ তীখা খণ্ডটোৰ ব্যৱসায়ৰ পৰিসৰো পূৰ্বৰ তুলনাত বহু বাঢ়িছে৷ দেশত যিহেতু পৰিকাঠামো নিৰ্মাণ ব্যাপক হৈছে, গতিকে তীখাৰ ব্যৱহাৰ বাঢ়িব বুলি ধাৰণা কৰিব পাৰি৷ সম্প্ৰতি ভাৰতীয় শ্বেয়াৰ বজাৰত ‘চেইল’ৰ মুঠ শ্বেয়াৰৰ সংখ্যা ৪১৩,০৫,২৫,২৮৯টা৷ ষ্টীল অথৰিটী অব ইণ্ডিয়া লিমিটেডৰ মালিক যিহেতু ভাৰত চৰকাৰ গতিকে ইয়াৰ ৬৫ শতাংশ শ্বেয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নামত আছে৷ অৰ্থাৎ কোম্পানীটোৰ ৬৫ শতাংশ শ্বেয়াৰৰ কিনা-বেচা নহয়৷ সেইবাবে এই শ্বেয়াৰৰ মূল্য অস্বাভাৱিকভাৱে কমি যোৱাৰ কোনো সম্ভাৱনা নাই৷ অন্য অৰ্থত কোম্পানীটোৰ শ্বেয়াৰৰ দাম ক্ৰমান্বয়ে বৃদ্ধিহে হ’ব৷ ‘চেইল’ৰ ১৮,৯১,৬০,৪৩০ টা শ্বেয়াৰ বিদেশী প্ৰতিষ্ঠানে ক্ৰয় কৰি ৰাখিছে৷ গতিকে ‘চেইল’ৰ বিদেশী প্ৰতিষ্ঠানৰ বিনিয়োগ কিমান বৃহৎ তাক সহজে অনুমান কৰিব পাৰি৷

মূলতঃ আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বহু বৃহৎ কোম্পানীয়ে ‘চেইল’ত ধন বিনিয়োগ কৰিছে৷ এই বিনিয়োগৰ পৰিমাণ ৪.৫৮ শতাংশ৷ ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংক আৰু মিউচুৱেল ফাণ্ড কোম্পানীসমূহে ৩.৬৭ শতাংশ শ্বেয়াৰ অৰ্থাৎ ১৫,১৪,৪৪,৬৯০ টা শ্বেয়াৰ ক্ৰয় কৰি ৰাখিছে৷ অন্যান্য কোম্পানীসমূহে ‘চেইল’ত বিনিয়োগ কৰা ধনৰ পৰিমাণ ৩.৫৩ শতাংশ৷ দেশৰ নাগৰিক অৰ্থাৎ ব্যক্তিগত বিনিয়োগকাৰীৰ হাতত আছে ‘চেইল’ৰ ৬৮,৭৯,৫২,১৯৬ টা শ্বেয়াৰ৷ ইয়াৰ পৰিমাণ ১৬.৬৬ শতাংশ৷ তাৰোপৰি দেশৰ বহু বিত্তীয় প্ৰতিষ্ঠানেও ৬.৫ শতাংশ শ্বেয়াৰ ক্ৰয় কৰি ‘চেইল’ৰ ব্যৱসায়িক পৰিসৰ সম্ভাৱনাময় কৰি তুলিছে৷ সেইবাবে তীখা কোম্পানীসমূহৰ ভিতৰত ‘চেইল’ত বিনিয়োগ কৰাটো অধিক নিৰাপদ আৰু লাভজনক হিচাপে বিবেচিত হৈছে৷

লগতে পঢ়ক ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে গৰম কালিত কি কি খাদ্য খাব?

এই কোম্পানীটোৱে যোৱা সময়ছোৱাত ঘোষণা কৰা লাভৰ পৰিমাণো আশানুৰূপ হৈছে৷ যোৱা মাৰ্চ মাহত ‘চেইল’এ ঘোষণা কৰা লাভৰ পৰিমাণ ৯,৫৯৭ কোটি টকা৷ আগন্তুক সময়ছোৱাত এই লাভৰ পৰিমাণ ৫০ হাজাৰ কোটি টকা হ’ব বুলি কোম্পানীটোৱে ঘোষণা কৰিছে৷ উল্লেখযোগ্য যে ২০২০ আৰু ২০২১ বৰ্ষত ক’ৰোনা মহামাৰীৰ বাবে দেশত নিৰ্মাণকাৰ্য প্ৰায় স্থবিৰ হৈ পৰিছিল৷ আৰু সেইবাবে কিছু ক্ষতিৰ সন্মুখীন হৈছিল ষ্টীল অথৰিটী অব ইণ্ডিয়াই৷ কিয়নো সেই সময়ছোৱাত তীখাৰ চাহিদা ৭০ শতাংশ পৰ্যন্ত হ্ৰাস হৈছিল৷ কিন্তু তাৰ বিপৰীতে সম্প্ৰতি দেশত তীখাৰ চাহিদা ৬২.৪০ শতাংশলৈ বৃদ্ধি হৈছে৷ যিহেতু নিৰ্মাণ খণ্ডত বিনিয়োগৰ হাৰ ক্ৰমাৎ বাঢ়িব লাগিছে গতিকে স্বাভাৱিকভাৱে তীখাৰ চাহিদাও বৃদ্ধি হ’ব৷ সেইবাবে আগন্তুক এবছৰৰ ভিতৰত ‘চেইল’ৰ এটা শ্বেয়াৰৰ দাম ২০০ টকা বা তাতোকৈ অধিক হোৱাৰ সম্ভাৱনা অধিক৷ আৰু সেইবাবে আজিৰ তাৰিখত তীখা উদ্যোগৰ গৌৰৱ হিচাপে পৰিচিত ‘চেইল’ত বিনিয়োগ কৰা উচিত হ’ব৷ নতুন বিনিয়োগকাৰীসকলেও এই ক্ষেত্ৰত বিনাদ্বিধাই ‘চেইল’ৰ শ্বেয়াৰ ক্ৰয় কৰিব পাৰে৷ ‘চেইল’ৰ শ্বেয়াৰ ৭১ টকাৰ তলত ক্ৰয় কৰিব পাৰিলে ভাল৷

ভাৰতীয় শ্বেয়াৰ বজাৰত আজি বহু কেইটা কোম্পানীৰ শ্বেয়াৰৰ দাম কমিছে যদিও বৃহৎ কোম্পানীসমূহৰ শ্বেয়াৰৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ তেনে কেইটামান উল্লেখযোগ্য শ্বেয়াৰৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো৷ আজি দাম বৃদ্ধি হোৱা শ্বেয়াৰসমূহৰ ভিতৰত মাৰুতি ছুজুকি, ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰীজ, আই চি আই চি আই বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এছিয়ান পেইণ্টছ, হিন্দুস্তান ইউনিলিভাৰ লিমিটেড, এপল’ হাস্পতাল, এই চি এল টেকনলজি আৰু টাটা কনচালটেন্সি চাৰ্ভিছেজ উল্লেখযোগ্য৷ আৰু সেইবাবে আগন্তুক সময়ছোৱাত অধিক লাভ পাবলৈ হ’লে সম্প্ৰতি তীখা খণ্ডত বিনিয়োগ কৰাটো অধিক প্ৰয়োজনীয় বুলিব পাৰি৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamSAILshare marketstock market
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
Next Post
ব্যক্তিত্ব পৰীক্ষা: আপোনাৰ নাকৰ আকৃতিয়ে ব্যক্তিত্বৰ কি কি বৈশিষ্ট্য উন্মোচন কৰে?

ব্যক্তিত্ব পৰীক্ষা: আপোনাৰ নাকৰ আকৃতিয়ে ব্যক্তিত্বৰ কি কি বৈশিষ্ট্য উন্মোচন কৰে?

অমৃতৰ অন্য নাম ‘মেৰেণ্টা এৰুণ্ডিনাচি’, জীৱন-যৌৱন কাল বৃদ্ধি কৰিব এইখন বিস্কুটে!

অমৃতৰ অন্য নাম ‘মেৰেণ্টা এৰুণ্ডিনাচি’, জীৱন-যৌৱন কাল বৃদ্ধি কৰিব এইখন বিস্কুটে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.