ৰিমলী বৰকটকী : চিনেমাৰ নামটিয়ে মাছৰ কথাকে সূচাইছে আৰু হয়ো এমুঠি পুঠিত মাছক বা অসমীয়া মানুহৰ মৎস্য-প্ৰীতিক বাৰুকৈয়ে দেখোৱা হৈছে। নিজকে বিচৰাৰ, নিজকে হেৰুৱাৰ আৰু কিছু পৰিমাণে আত্মোপলব্ধিৰ এক যাত্ৰা-এমুঠি পুঠি।
অসমৰ বঙাইগাঁৱৰ পৰা যোৰহাট পৰ্যন্ত এক যাত্ৰাপথৰ কাহিনী এই চিনেমাখন। পৰিচালক কুলনন্দিনী মহন্তৰ এইখন প্ৰথম পৰিচালিত ছবি। কাহিনী ভাস্কৰ হাজৰিকাৰ আৰু চিত্ৰনাট্য তথা সংলাপ লিখিছে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই।
লগতে পঢ়ক ৰুষ্ট প্ৰকৃতি! ভয়ংকৰ ভূমিকম্পত ১ হাজাৰ লোকৰ মৃত্যু, ১৫ শৰো অধিক লোক আহত
চিনেমাৰ আৰম্ভণি হয় কিছু শিহৰণ, কিছু কৌতূহলৰ দৃশ্যৰে। নাতিনী আৰু আইতাকৰ যাত্ৰাটোৰ আৰম্ভণিও ইয়াতেই। এই যাত্ৰাই পৰৱৰ্তী সময়ত কাহিনীক গতিশীলতা প্ৰদান কৰে। কাহিনীৰ গতিশীলতাৰ বিষয়ে উল্লেখ কৰিবই লাগিব৷ আৰম্ভণিৰে পৰাই কাহিনীভাগ এনেদৰে আগবঢ়াই নিয়া হৈছে যে ক’তো ৰৈ যোৱাৰ অৱকাশ নাই। লগতেই কিছু পৰিস্থিতি সাপেক্ষ ঘটনাবহুলতাই ইয়াক আগুৱাই নিয়াত সহায়ক হৈছে।
এইখিনিতে চিনেমাখনৰ আৱহ-সংগীতৰ কথা উল্লেখ কৰিব লাগিব। সময়-পৰিস্থিতি তথা দৃশ্যাংশ অনুযায়ী আৱহ-সংগীতৰ কাম খাপ খোৱা। যেনে উত্তেজনা আৰু উৎকন্ঠাময় সময়ত ভোৰতাল আৰু নাগাৰাৰ ব্যৱহাৰ যথোপযুক্ত হৈছে। আৱহ-সংগীতৰ কাম কৰিছে মনদ্বীপ তাৰ’য়ে। বাকী চিনেমাখনৰ কেইবাটাও গীতৰ কাম ভিন ভিনজনে কৰিছে। ৰেপ সংগীতৰ পৰা গোৱালপৰীয়া লোকগীতলৈকে সংযোজন ঘটিছে। লগতে কিছু সূক্ষ্ম দিশৰ প্ৰতিও লক্ষ্য ৰখা হৈছে, যেনে আপুনি ভালদৰে লক্ষ্য কৰিলে আৰম্ভণিতে দেখোৱা থানাখনৰ নাম আৰু পৰৱৰ্তী সময়ত আন ঠাইৰ নাম আদি চাইন-ব’ৰ্ড বা প’ষ্টাৰ আদিত দেখোৱা হৈছে। মাজে-সময়ে কিছু হাস্যৰসৰো উপাদান আছে।
লগতে পঢ়ক এইসকল লোকে ভুলতো নহৰু নাখাব, নহ’লে স্বাস্থ্য অৱনতি ঘটিব পাৰে!
এতিয়া আহো আন কিছু কথালৈ। চিনেমাখনত প্ৰধানতঃ নামনি অসমৰ কথিত ভাষাৰ ব্যৱহাৰ কৰা হৈছে মূখ্য চৰিত্ৰকেইটিৰ সংলাপত। অৱশ্যেই এই প্ৰচেষ্টা ভাল যদিও, দৃষ্টিকটূভাৱে প্ৰায় সময়তেই চৰিত্ৰকেইটিয়ে যে এই ভাষা কোৱাত মুঠেও অভ্যস্ত নহয়, সেই কথা স্পষ্ট হৈ পৰিছে। লগতেই আই-ফ’নেৰে সম্পূৰ্ণ চিনেমাৰ চিত্ৰগ্ৰহণ কৰাৰ বাবে বহু সময়ত দৃষ্টিনন্দন হ’ব পৰা বহু দৃশ্যাংশই নিস্তেজ, অনুজ্জ্বল যেন হ’ল। আৰম্ভণিতে বোধ হৈছিলে-ছবিখন পৰিয়ালকেন্দ্ৰিক শিহৰণ আৰু কৌতূহলধৰ্মী ধাৰাৰ চিনেমা হ’ব! পিছে পৰৱৰ্তী পৰ্যায়ত আৰম্ভণিতে দেখোৱা সেই শিহৰণ বা কৌতূহল বৰ্তাই ৰাখিবলৈ সক্ষম নহ’ল কাহিনীকাৰ। এক কথাত শেষাংশত ছন্দপতন ঘটাৰ দৰেই হ’ল। কাহিনীকাৰৰ এটা ধাৰা বা লিখন শৈলীৰ অংশ হৈছে যে প্ৰায়েই তেওঁ অতিলৌকিক চৰিত্ৰৰ অৱতাৰণা ঘটায়। এমুঠি পুঠিও ইয়াৰ উৰ্ধত নহয়। দুটি এনে চৰিত্ৰৰ অৱতাৰণা কৰা হ’ল এমুঠি পুঠিত, এই দুয়ো চৰিত্ৰৰেই অতি-নাটকীয় আৰু বাস্তৱ ভিত্তিহীনতা বা অ-গ্ৰহণযোগ্যতাই চিনেমাৰ বাকী ভাল লগা অংশবোৰকো বহু পৰিমাণে মুহ্যমান কৰি তুলিলে।
অভিনয়ৰ ক্ষেত্ৰত প্ৰতিভা চৌধুৰীৰ কথা উল্লেখ কৰিবই লাগিব৷ যি স্বকীয়তাৰে সাৱলীল লগতে নিতালী দাসৰ অভিনয়ৰ পৰিপক্কতা ভাল লাগিল। কেনী বসুমতাৰীও নিজ চৰিত্ৰত স্বাভাৱিক, সহজ। মূলতঃ ক’বলৈ গ’লে চিনেমাখনে সম্পূৰ্ণ এক উপভোগ্য কিম্বা মননশীল চিনেমাৰ ৰূপ পোৱাৰ কিছু উপাদান থকাৰ পিছতো, কিছু উপাদানৰ অভাৱত অসম্পূৰ্ণ এক ৰূপতে ৰৈ গ’ল।
লেখিকাৰ মেইল- rimli.borkotoky1985@gmail.com
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ