অসম লাইভ ২৪ঃ প্ৰেমে নামানে বয়সৰ সীমা, নামানে জাতি-ধৰ্ম, ধনী-দুখীয়া৷ প্ৰেমে কেৱল বিচাৰে সঁচা অন্তৰেৰে প্ৰেমৰ ঠিকনা৷ এনকৈয়ে এগৰাকী বিবাহিত মুছলমান মহিলাই প্ৰেমৰ ঠিকনা বিচাৰি পাইছিল এজন হিন্দু যুৱকৰ ওচৰত৷ পৰিয়ালৰ অগোচৰে চলিছিল দুয়োৰে ভালপোৱা৷ কিন্তু ফুল ফুলিয়েই গোন্ধ ওলাবই৷ সেয়ে দুয়োৰে ভালপোৱাৰ কথাও এদিন পোহৰলৈ আহিল৷ পৰিয়ালৰ লোকে বাধা দিলে, পঞ্চায়ত অনুষ্ঠিত হ’ল৷ থানালৈও গ’ল দুয়োৰে ভালপোৱাৰ গোচৰ৷ কিন্তু কোনেও বাধা দিব নোৱাৰিলে দুয়োৰে প্ৰেমক৷ অৱশেষত সংসাৰ এৰি প্ৰেমিকৰ ওচৰলৈ গুচি আহিল মহিলাগৰাকী৷ সুখেৰে জীৱন কটোৱাৰ সপোন ৰচি দুয়ো থাকিবলৈ ল’লে ভাৰা ঘৰতে৷
এইটোও পঢ়ক
শিক্ষয়িত্ৰীয়ে ছাত্ৰক কৰিবলৈ দিলে দেহ মালিচ৷ তাৰ পাছত…, চাওক VIDEO
এনেকৈ বিগত এবছৰে সুখেৰেই চলিছিল কুমাৰগঞ্জ থানা এলেকাৰ উধৰণপুৰ গাঁৱৰ ৩৫ বছৰীয়া ৰুবিনা আৰু মটেৰা গাঁৱৰ ২৫ বছৰীয়া বাবুলাল গুপ্তাৰ সংসাৰ৷ কিছুদিন পূৰ্বে বাবুলাল আৰু ৰুবিনাই বাবুলালৰ পিতৃগৃহলৈ আহে৷ কিন্তু অন্য ধৰ্মৰ মহিলাক বিয়া কৰোৱাৰ বাবে পৰিয়ালে বাবুলালক ঘৰত সোমোৱাত বাধা দিয়ে৷ পিছত আৰক্ষীৰ উপস্থিতিত গাঁওবাসীয়ে পঞ্চায়ত বৈঠকৰ জৰিয়তে দুয়োকে পিতৃ গৃহতে এটা ঘৰত থাকিবলৈ ঠাই দিয়ে৷ কিন্তু বিগত বৃহস্পতিবাৰে দুয়োৰে সুখৰ সংসাৰলৈ নামি আহিল অমানিশা৷ কিবা কথাক লৈ বাবুলাল আৰু ৰুবিনাৰ বাকযুদ্ধ আৰম্ভ হয়৷ এই বাকযুদ্ধই কাজিয়ালৈ ৰূপান্তৰ হয়৷ খঙৰ ভমকত প্ৰেমিক স্বামীয়ে কুঠাৰেৰে আক্ৰমণ কৰে নিজ পত্নীক৷ লগে লগে হুৱা-দুৱা লাগে৷ ঘটনা সংঘটিত কৰিয়েই স্বামীয়ে পলায়ন কৰে৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পত্নীক হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ ৰুবিনাৰ পিতৃগৃহয়ো দাখিল কৰে এজাহাৰ৷ ঘটনাস্থলীত উপস্থিত হৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰশান্ত বাৰ্মা আৰু আৰক্ষী অধীক্ষক (গ্ৰাম্য) অতুল কুমাৰে বিষটো গুৰুত্ব হিচাপে লয় আৰু ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি থানাক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে গাঁওবাসীয়ে অভিযোগ কৰে যে স্বামী বাবুলাৰ অগচোৰে পত্নী ৰুবিনাই অন্য এজনৰ সৈতে প্ৰেমত পৰিছিল, যাৰ বাবে পতি-পত্নীৰ প্ৰায়ে কাজিয়া হৈছিল৷ সেয়াই যি কি নহওক, দুয়োৰে ঘটনাই এইটো আকৌ প্ৰমাণ কৰিলে যে প্ৰেমে দিয়ে স্বৰ্গসুখ, দিয়ে নৰকৰ যন্ত্ৰণাও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















