লোকজনে মহিলা সহকৰ্মীগৰাকীক সাৱটি ধৰিছিল? পুৰুষজনৰ আলিংগনৰ হেঁচা ইমানেই বেছি আছিল যে সহকৰ্মী মহিলাগৰাকীৰ কামিহাড়েই ভাঙি গ’ল৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে পুৰুষ সহকৰ্মীগৰাকীক আদালতত মজিয়া পোৱালেগৈ৷
এই অদ্ভুত ঘটনাটো চীনৰ হুনান প্ৰদেশত সংঘটিত হৈছে৷ আৰক্ষীৰ সূত্ৰ অনুসৰি কৰ্মস্থলীত এগৰাকী মহিলা সহকৰ্মীৰ সৈতে কথা পাতি থকাৰ সময়তে এগৰাকী পুৰুষ সহকৰ্মীয়ে তেওঁক সাৱটি ধৰিছিল। সেই সময়ত মহিলাগৰাকীয়ে বিষত চিঞৰি উঠিল।
শৰীৰত বিষ অনুভৱ কৰিলেও কৰ্মস্থলীত থকা সময়ত মহিলাগৰাকীয়ে বৰ বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল৷ কিন্তু মহিলা কৰ্মচাৰীগৰাকীয়ে কাৰ্যালয়ৰ পৰা ঘৰ গৈ পোৱাৰ পিছতে শৰীৰত তীব্ৰ বিষ অনুভৱ কৰিবলৈ ধৰিলে৷
লগতে পঢ়ক আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ
বিষ বাঢ়ি অহাত মহিলাগৰাকীয়ে বুকুত গৰম তেল মালিচ কৰিবলৈ ধৰিলে৷ সেইদৰে পাঁচ দিন তেলৰ মালিচ কৰাৰ পিছতো যেতিয়া বিষ কমি নাহিল, তেতিয়া তেওঁ হস্পিতালৰ চিকিৎসকৰ কাষ চাপে। বুকুৰ এক্স-ৰে কৰাৰ পিছত চিকিৎসকে মহিলাগৰাকীৰ সোঁফালৰ দুডাল কামিহাড় আৰু বাওঁফালৰ এডাল কামিহাড় ভাঙি যোৱা বুলি জানিবলৈ দিয়ে। মহিলাগৰাকীৰ মুঠ তিনিডাল কামিহাড় ভাঙে।
এইদৰে বিষৰ বাবে মহিলাগৰাকীয়ে কৰ্মস্থলীৰ পৰা কিছুদিন ছুটী লয়। ছুটী লোৱাৰ বাবে প্ৰতিষ্ঠানটোৱে মহিলাগৰাকীৰ দৰমহা কৰ্তন কৰে৷ মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ হাতত থকা সকলো ধন চিকিৎসাৰ বাবে ব্যয় কৰা হৈছে।
লগতে পঢ়ক গ্ৰাহকৰ মূৰত আকৌ ৰামটাঙোন! কাইলৈ পৰা বৃদ্ধি পাব আমুল গাখীৰৰ মূল্য
সুস্থ হোৱাৰ পিছত মহিলাগৰাকীয়ে সহকৰ্মীগৰাকীৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ বিচাৰিছিল। অভিযোগ অনুসৰি কিন্তু সহকৰ্মীজনে এই বিষয়টো নস্যাৎ কৰি কয়ে যে তেওঁ কৰা আলিংগনৰ বাবে মহিলাগৰাকীৰ কামিহাড় ভাঙি যোৱাৰ কি প্ৰমাণ আছে বুলি ওলোটাই প্ৰশ্নহে কৰে!
ইয়াৰ পিছতে মহিলাগৰাকীয়ে সহকৰ্মীগৰাকীৰ বিৰুদ্ধে আদালতত গোচৰ তৰি ক্ষতিপূৰণ বিচাৰে। গোচৰৰ শুনানিত আদালতে সহকৰ্মীজনক ক্ষতিপূৰণ হিচাপে ১০ হাজাৰ ইউয়ান (১ লাখ ১৬ হাজাৰ টকা) দিবলৈ নিৰ্দেশ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ