ব্ৰাজিলত মেন অৱ দ্য হোল হিচাপে পৰিচিত আৰু আমাজনৰ এটা জনগোষ্ঠীৰ শেষৰজন সদস্যৰ মৃত্যু হৈছে। তেওঁৰ মৃত্যুক লৈ ব্ৰাজিলৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলা দেখা গৈছে। ইয়াৰ পাছতে ব্ৰাজিলৰ আমাজনৰ এটা জনজাতিৰ সম্পূৰ্ণৰূপে বিলুপ্ত হোৱা বুলি শোক প্ৰকাশ কৰা দেখা গৈছে৷ এই ক্ষতিৰ ফলত অমাজানৰ সামগ্ৰিক সংস্কৃতিৰ ওপৰত কি প্ৰভাৱ পৰিব সেই বিষয়েও ব্যাপক চিন্তা চৰ্চা চলিছে।
দ্য গাৰ্ডিয়ানৰ মতে, খিলঞ্জীয়া লোকজনক এণ্ডিঅ’ ড’ বুৰাকো বা “মেন অৱ দ্য হোল” নামেৰে জনাজাত আছিল। অমাজানৰ গভীৰ অৰণ্যৰ বাহিৰে বৰ্হিজগতৰ সৈতে তেওঁৰ কোনো যোগাযোগ নাছিল। যোৱা ২৬ টা বছৰ ধৰি তেওঁ অকলশৰে গভীৰ অৰণ্যত বসবাস কৰি আহিছিল। লোকজনে তেওঁৰ সৈতে সম্পৰ্ক অথবা যোগাযোগ কৰিবলৈ চেষ্টা কৰা লোকক কাঁড়েৰে আক্ৰমণ কৰিবলৈহে উদ্যত হৈছিল।
ছাৰভাইভেল ইণ্টাৰনেশ্যনেলৰ প্ৰচাৰক চাৰা শ্বেংকাৰে প্ৰকাশ কৰা মতে, ‘‘তেওঁ তেওঁৰ জনগোষ্ঠীৰ শেষৰজন সদস্য আছিল আৰু সেয়েহে আন এটা জনগোষ্ঠী বিলুপ্ত হৈ পৰে।’’ লোকজনে স্থানীয় সংবাদ মাধ্যমত যথেষ্ট কভাৰেজ লাভ কৰাৰ লগতে কেইবাখনো তথ্যচিত্ৰতো তেওঁক প্ৰদৰ্শিত হৈছিল।
লগতে পঢ়ক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িলে অসম সন্তানে
স্থানীয় সংবাদ মাধ্যমৰ মতে তেওঁৰ প্ৰকৃত নাম কোনেও গম পোৱা নাছিল। মানুহে তেওঁক মেন অৱ দ্য হোল বুলি চিনি পাইছিল। ইয়াৰ আঁৰৰ কাৰণ আছিল যে তেওঁলোকে মাটিত গভীৰ গাঁত খান্দি তাতে বাস কৰিছিল।
ইয়াৰে কিছুমান গাঁত তেওঁলোকে জীৱ-জন্তু চিকাৰৰ বাবে ব্যৱহাৰ কৰিছিল, আনহাতে কিছুমানত তেওঁলোকে নিজেই লুকাই আছিল। বিষয়াসকলে জনোৱা মতে, ২৩ আগষ্টত তেওঁৰ জুপুৰিৰ বাহিৰত দোলনাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটো দেখি তেওঁৰ স্বাভাৱিক মৃত্যু হোৱা বুলিয়ে ধাৰণা কৰা হৈছে।
লগতে পঢ়ক জোৰজবৰদস্তি ছাত্ৰীৰ ইউনিৰ্ফম খুলি ঘৰলৈ প্ৰেৰণ কৰি গ্ৰেপ্তাৰ হ’ল শিক্ষয়িত্ৰী
ব্ৰাজিলৰ থলুৱা সম্প্ৰদায়ৰ এই ব্যক্তিজনৰ পৰিয়ালৰ বাকী ৬ জন সদস্যৰ ১৯৯৫ চনত মৃত্যু হয়। এই গোটটোৱে বলিভিয়াৰ সীমান্তৱৰ্তী ৰণ্ডনিয়া ৰাজ্যৰ টানাৰু থলুৱা অঞ্চলত বাস কৰিছিল। তেওঁৰ জনগোষ্ঠীৰ অধিকাংশই ১৯৭০ চনৰ আৰম্ভণিতে নিজৰ ভূমি দখল কৰিব বিচৰা কৃষকসকলে হত্যা কৰিছিল বুলি ধাৰণা কৰা হৈছে।
বৰ্তমান ব্ৰাজিলত ৩০০ তকৈও কম খিলঞ্জীয়া জনজাতি আছে বুলি ধাৰণা কৰা হৈছে আৰু এই সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। এতিয়া আৰু ৩০ টা গোট আছে যদিও বিশেষজ্ঞসকলৰ হাতত তেওঁলোকৰ কোনো তথ্য নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ