এগৰাকী ৫৫ বছৰীয়া পৌঢ় ব্যক্তিক জীৱনৰ পঞ্চম বিবাহৰ ৰভাস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে৷ নিজৰ ৭ সন্তানৰ অভিযোগৰ পাছতে আৰক্ষীয়ে ব্যক্তিগৰাকী গ্ৰেপ্তাৰ কৰে৷
এই ঘটনাটো উত্তৰ প্ৰদেশৰ৷ ব্যক্তিজনৰ এই গোপন পঞ্চম বিবাহৰ খবৰে এতিয়া স্থানীয় লোকৰ চকু কপালত তুলিছে৷
ঘটনাৰ বিৱৰণীৰ মতে যোৱা বুধবাৰে শ্বাফী আহমেদ নামৰ ৫৫ বছৰীয়া ৭ সন্তানৰ পিতৃ লোকজনে পঞ্চম বিবাহৰ বাবে ৰভাস্থলীতে উপস্থিত আছিল৷ বিবাহ কাৰ্য সম্পন্ন হৈ থকাৰ মাজতে উক্ত স্থানত হঠাতে লোকজনৰ চাৰি পত্নীৰ ৭ সন্তান গৈ উপস্থিত হয়৷
লগতে পঢ়ক সাধু কথাতে ৰ’বগৈ নেকি নগদ ধন? দেশত ডিজিটেল পেমেণ্ট প্ৰসাৰৰ কৃতিত্ব কাৰ?
তেওঁলোকে বিবাহস্থলীত উপস্থিত হৈয়ে বিবাহকাৰ্য বন্ধ কৰিবলৈ দাবী কৰে৷ লগে লগে বিবাহস্থলীত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ কইনা ঘৰৰ লোকৰ সৈতে বাক বিতণ্ডাৰো আৰম্ভ হয়৷ ইয়াৰ পাছতে লোকজনৰ ৭ সন্তানে পিতৃৰ প্ৰকৃত পৰিচয় দি তেওঁ যে ইয়াৰ পূৰ্বে চাৰিবাৰ বিবাহপাশত হৈছে আৰু তেওঁলোক ৭ জন যে তেওঁৰে সন্তান সেই কথা প্ৰকাশ কৰে৷
লোকজনৰ প্ৰকৃত পৰিচয় ফাদিল হোৱাৰ পাছতে কইনা ঘৰেও বিবাহখন বাতিল কৰে৷ ইফালে ৭ সন্তানে আৰক্ষীক পিতৃৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ ৭ পুত্ৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বিবাহ মণ্ডপৰ পৰাই শ্বাহী আহমেদ নামৰ ৫৫ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰে৷
আনহাতে, ৭ সন্তানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে পিতৃয়ে তেওঁলোকৰ ভৰণ পোষণ দিয়া বন্ধ কৰি দিয়ে৷ কিয় বন্ধ কৰিলে সেই বিষয়ে পিতৃয়ে একো জনোৱা নাছিল৷ পাছত বিবাহৰ দিনাই তেওঁলোকৰ পিতৃয়ে পঞ্চম বিবাহ আৱদ্ধ হোৱাৰ খবৰ লাভ কৰি তেওঁলোকে আৰক্ষীৰ দ্বাৰস্থ হৈ পিতৃৰ বিবাহ বিৰোধিতা কৰিছ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















