অসম লাইভ ২৪ঃ ‘মা উঠা, মা উঠা…।’ দুটি সন্তানে মাকক ঠেলা-হেঁচা কৰি উঠোৱাৰ চেষ্টা কৰিছে। নাই সাৰ-সুৰেই নাই মাতৃৰ! হৈছে কি? গাৰ ওপৰত উঠি দিলেই অন্য দিনা মাকে সাৰ পায় দুয়োকে কাষ চপাই লয়। আজি সাবটিও লোৱা নাই কিয়? এগৰাকী মহিলাৰ মৃতদেহৰ কাষত এটি দুবছৰীয়া শিশু আৰু ৩ মহীয়া শিশুৰ মৃত মাতৃক উঠাবলৈ কৰা অপচেষ্টাৰ ভিডিঅ’ই কন্দোৱাইছে বহুতকেই।
সন্তানৰ কান্দোন শুনিও মাকে আৰু সাৰ নাপায়। কাৰণ মাতৃগৰাকীৰ কেতিয়াবাই মৃত্যু ঘটিছে। হাস্পতালৰ বিছনাৰ নিথৰ দেহটোহে পৰি আছে। আইতাকে কণমানি দুটাৰ কান্দোন সহিব নোৱাৰি বাৰে বাৰে বুজনি দিছে, ‘মাৰ টোপনি আহিছে শুবলৈ দিয়া।’ এই হৃদয়বিদাৰক ঘটনাটো ৰাজস্থানৰ টঙ্ক জিলাৰ। টঙ্ক জিলাৰ নয়নুৱা চহৰৰ এটি স্বাস্থ্যকেন্দ্ৰত এই ঘটনা।
উল্লেখ্য যে মহিলাগৰাকীৰ মৃত্যুক ৬ ঘণ্টাৰ পিছতো হাস্পতালতেই পেলাই থোৱা হৈছে মহিলাগৰাকীৰ মৃতদেহ। আৰক্ষীৰ অনুপস্থিতিত মৃতদেহ নিয়াৰো অনুমতি দিয়া নাই হাস্পতাল কৰ্তৃপক্ষই। ১৫ কিঃমিঃ দূৰৈৰ পৰা আৰক্ষী অহাৰ পিছতহে মহিলাগৰাকীৰ মৃতদেহ লৈ যোৱাৰ অনুমতি দিয়ে হাস্পতাল কৰ্তৃপক্ষই।
আৰক্ষীয়ে প্ৰকাশ কৰা প্ৰতিবেদনত মৃত মহিলাগৰাকীৰ নাম ছাবানা। বিগত শনিবাৰে পেটৰ বিষৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ছাবানাক। মহিলাগৰাকীৰ ভাতৃ ছেলিমে হাস্পতালত ভৰ্তি কৰাই ছাবানাক। ছাবানাক হাস্পতাললৈ অনাৰ সময়ত দুটি কণমানিকো লগতেই লৈ আনিছিল ভাতৃয়ে।
হাস্পতালত ভৰ্তি কৰোৱালৈ ছাবানৰ শৰীৰৰ অধিক অৱনতি ঘটে। অৱশেষত হাস্পতালতেই মৃত্যুক সাবটি লয় ছাবানাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ