অসম লাইভ২৪ঃ ভাইফোটাৰ দিনাই কৃষকৰ অপেক্ষাৰ অৱসান। বিগত বেছ কিছু মাহ ধৰি কৃষকে প্রধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ ১৫তম কিস্তিৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ আশা পূৰ্ণ হ’ল। পি এম কিষাণ যোজনাৰ আওতাত ৪ কোটিৰো বেছি কৃষকৰ একাউণ্টত দিয়া হ’ল ২০০০কৈ টকা। যোজনাৰ ১৫ সংখ্যক কিস্তিৰ আওতাত প্ৰায় ১৪ কোটি টকা কৃষকৰ একাউণ্টত পঠোৱা হৈছে বুলি এক ৰিপৰ্টত প্ৰকাশ কৰা হৈছে। বুধবাৰে ঝাৰখণ্ডৰ খুন্তিত আয়োজিত এক অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিমোটৰ মাধ্যমেৰে বুটাম টিপি কৃষকৰ একাউণ্টত এই ধন ট্ৰেন্সফাৰ কৰা হৈছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে কৃষকক আৰ্থিকভাৱে সহায় কৰা। কৃষি সামগ্ৰী আৰু অন্যান্য জৰুৰী প্ৰয়োজন পুৰণ কৰিবলৈ যাতে কৃষকৰ কোনো সমস্যা নহয় তাৰবাবেই এই ধন প্ৰদান কৰা হয়। যদি কোনো কৃষকে এই স্কিমৰ বিষয়ে আৰু তথ্য বিচাৰে তেন্তে pmkisan-ict@gov.in-ত মেইল কৰিব পাৰে। ইয়াৰোপৰি কৃষকে হেল্পলাইন নম্বৰ 155261, 1800115526, 011-23381092 নম্বৰতো যোগাযোগ কৰিব পাৰে।
PM কিষাণ যোজনাৰ স্কিমৰ বিষয়ে জানি থওক সবিশেষ
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ আওতাত চৰকাৰে দেশৰ সমস্ত কৃষক পৰিয়ালক আৰ্থিক সাহায্য আগবঢ়াইছে। এই প্ৰকল্পৰ আওতাত প্ৰতিটো কৃষক পৰিয়ালক বছৰি তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ দিয়া হৈছে। কৃষকৰ আয় বৃদ্ধি কৰা, কৃষকৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি কৰা আৰু কৃষকৰ জীৱনযাত্ৰাৰ মান উন্নত কৰাৰ লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে কৃষকক এই ধন প্ৰদান কৰি আহিছে। প্ৰতি বছৰে দিয়া তিনিটা কিস্তিৰ মাজত প্ৰথম কিস্তি দিয়া হয় এপ্ৰিল মাহত, দ্বিতীয় কিস্তি দিয়া হয় জুলাই মাহত আৰু তৃতীয় কিস্তি নৱেম্বৰত দিয়া হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত এই যোজনা আৰম্ভ কৰিছিল।
PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ কি কৰিব?
PM কিষাণ যোজনাৰ ধন লাভ কৰিবলৈ www.pmkisan.gov.in-ত গৈ নতুন ৰেজিষ্ট্ৰেছনৰ অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰ পাছতেই নিজৰ পছন্দৰ ভাষা বাচি লওক। পাছৰ পৰ্যায়ত চহৰৰ কৃষকে আৰবান ফাৰ্মৰ অপশ্ব্যন বাচি ল’ব আৰু গ্ৰামীণ এলেকাৰ কৃষকে গ্ৰামীণ কৃষক অপশ্ব্যনত ক্লিক কৰিব। ইয়াৰপাছতেই আধাৰ নম্বৰ আৰু ফোন নম্বৰ তাত এড কৰিব। কৃষকে মাটিৰ নথিও পৰ্টেলত জমা দিব লাগিব। ইয়াৰপাছতেই কেপছা কোড দিব। তেতিয়াই আপোনাৰ ফোন নম্বৰলৈ OTP আহিব। সেই OTP ছাবমিট কৰিলেই আপোনাৰ ৰেজিষ্ট্ৰেছন সম্পূৰ্ণ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ